--°C
Loading...
Listen to Article
2 min read
80%

আজি প্ৰকাশ হ’ব দেশৰ ৫ ৰাজ্যৰ বিভানসভা নিৰ্বাচনৰ এগজিট প’ল

ডিজিটেল ডেস্ক: আজি দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আটাইকেইখন ৰাজ্যৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ’ব। সমগ্ৰ দেশে উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰ - এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে। উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যসমূহৰ নিৰ্বাচনক লৈ এগজিট প’ল আজি সন্ধিয়া প্ৰকাশ পাব। সম্পন্ন হৈ যোৱা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত প্ৰকাশ পাব। কিন্তু ফলাফলৰ পূৰ্বে প্ৰকাশ পোৱা এই এগজিট প’ল কি? কোন দলে কোন ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হ’ব ? কোনে কিমানখন আসন লাভ কৰিব? জনসাধাৰণৰ মাজত কোন ৰাজনৈতিক নেতা আৰু দলে তেওঁলোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ’ল? এই সকলো প্ৰশ্নৰ উত্তৰ ফলাফলৰ দিনা সকলোৱে জানিবলৈ পাব। কিন্তু ফলাফলৰ পূৰ্বেই সমীক্ষাৰ সহায়ত আগতীয়া অনুমান প্ৰকাশ কৰা হয়। ইয়াকেই নিৰ্বাচনৰ এগজিট প’ল বুলি কোৱা হয়। ইতিপূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগে ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে এগজিট প’ল নিষিদ্ধ কৰিছিল। ই এই সময়ছোৱাত সংবাদ মাধ্যমক ৰাজ্যসমূহৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত কোনো ভৱিষ্যতবাণী প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। এক কথাত নিৰ্বাচনৰ এগজিট প’লৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। নিৰ্বাচন আয়োগে কৈছিল, ‘কোনো ব্যক্তিয়ে এগজিট প’ল অনুষ্ঠিত নকৰিব আৰু কোনো এগজিট প’লৰ ফলাফল প্ৰিণ্ট বা আন কোনো ধৰণে প্ৰকাশ বা প্ৰচাৰ কৰা নহ'’ব।’ সেয়েহে, উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ সৈতে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত সোমবাৰে সন্ধিয়া এগজিট প’ল মুকলি কৰা আৰম্ভ হ’ব।

এগজিট প’ল কেনেকৈ প্ৰস্তুত হয়?

নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সম্ভাৱনা প্ৰকাশ কৰাই হৈছে এগজিট প'ল। বিভিন্ন জৰীপকাৰী সংস্থাৰ সহযোগত সংবাদ প্ৰতিষ্ঠানৰ দ্বাৰা কৰা এগজিট প'ল অনুষ্ঠিত কৰা হয়। অধিকাংশ সময়ত এনে জৰীপ নিৰ্বাচনী ফলাফলৰ সৈতে মিল থাকে, কিন্তু কেতিয়াবা এগজিট প'ল নিমিলাও দেখা যায়। এগজিট প'লবোৰ জৰীপৰ দ্বাৰা প্ৰস্তুত কৰা হয়, য’ত ভোটাৰসকলক প্ৰশ্ন সোধা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল তেওঁলোকে কাক ভোট দিছিল। হাজাৰ হাজাৰ লোকৰ সৈতে কথা পাতি এই সম্পৰ্কে পৰিসংখ্যা সংগ্ৰহ কৰা হয়। ইয়াৰ সহায়ত জনসাধাৰণে কোন দলক কিমান শতাংশ ভোটাৰে ভোট দিছে ইয়াক অনুমান কৰিবলৈ বিশ্লেষণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান