--°C
Loading...
Listen to Article
2 min read
80%

আজি প্ৰকাশ হ’ব দেশৰ ৫ ৰাজ্যৰ বিভানসভা নিৰ্বাচনৰ এগজিট প’ল

ডিজিটেল ডেস্ক: আজি দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আটাইকেইখন ৰাজ্যৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ’ব। সমগ্ৰ দেশে উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰ - এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে। উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যসমূহৰ নিৰ্বাচনক লৈ এগজিট প’ল আজি সন্ধিয়া প্ৰকাশ পাব। সম্পন্ন হৈ যোৱা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত প্ৰকাশ পাব। কিন্তু ফলাফলৰ পূৰ্বে প্ৰকাশ পোৱা এই এগজিট প’ল কি? কোন দলে কোন ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হ’ব ? কোনে কিমানখন আসন লাভ কৰিব? জনসাধাৰণৰ মাজত কোন ৰাজনৈতিক নেতা আৰু দলে তেওঁলোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ’ল? এই সকলো প্ৰশ্নৰ উত্তৰ ফলাফলৰ দিনা সকলোৱে জানিবলৈ পাব। কিন্তু ফলাফলৰ পূৰ্বেই সমীক্ষাৰ সহায়ত আগতীয়া অনুমান প্ৰকাশ কৰা হয়। ইয়াকেই নিৰ্বাচনৰ এগজিট প’ল বুলি কোৱা হয়। ইতিপূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগে ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে এগজিট প’ল নিষিদ্ধ কৰিছিল। ই এই সময়ছোৱাত সংবাদ মাধ্যমক ৰাজ্যসমূহৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত কোনো ভৱিষ্যতবাণী প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। এক কথাত নিৰ্বাচনৰ এগজিট প’লৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। নিৰ্বাচন আয়োগে কৈছিল, ‘কোনো ব্যক্তিয়ে এগজিট প’ল অনুষ্ঠিত নকৰিব আৰু কোনো এগজিট প’লৰ ফলাফল প্ৰিণ্ট বা আন কোনো ধৰণে প্ৰকাশ বা প্ৰচাৰ কৰা নহ'’ব।’ সেয়েহে, উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ সৈতে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত সোমবাৰে সন্ধিয়া এগজিট প’ল মুকলি কৰা আৰম্ভ হ’ব।

এগজিট প’ল কেনেকৈ প্ৰস্তুত হয়?

নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সম্ভাৱনা প্ৰকাশ কৰাই হৈছে এগজিট প'ল। বিভিন্ন জৰীপকাৰী সংস্থাৰ সহযোগত সংবাদ প্ৰতিষ্ঠানৰ দ্বাৰা কৰা এগজিট প'ল অনুষ্ঠিত কৰা হয়। অধিকাংশ সময়ত এনে জৰীপ নিৰ্বাচনী ফলাফলৰ সৈতে মিল থাকে, কিন্তু কেতিয়াবা এগজিট প'ল নিমিলাও দেখা যায়। এগজিট প'লবোৰ জৰীপৰ দ্বাৰা প্ৰস্তুত কৰা হয়, য’ত ভোটাৰসকলক প্ৰশ্ন সোধা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল তেওঁলোকে কাক ভোট দিছিল। হাজাৰ হাজাৰ লোকৰ সৈতে কথা পাতি এই সম্পৰ্কে পৰিসংখ্যা সংগ্ৰহ কৰা হয়। ইয়াৰ সহায়ত জনসাধাৰণে কোন দলক কিমান শতাংশ ভোটাৰে ভোট দিছে ইয়াক অনুমান কৰিবলৈ বিশ্লেষণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক