--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতা আৰ.জি.কৰ কাণ্ডক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে নতুন তথ্য৷ এই ঘটনাক কেন্দ্ৰকৰি উত্তাল হৈ আছে সমগ্ৰ দেশ৷ সৰৱ হৈ উঠিছে দেশৰ প্ৰতিটো স্তৰৰ লোক৷ শিল্পীয়ে ঘূৰাই দিছে বঁটা৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য৷ আৰক্ষী প্ৰশাসনে  উৎকোচ দিবলৈ চেষ্টা কৰিছে ভুক্তভোগীৰ পৰিয়ালক৷  

প্ৰাপ্ত তথ্য অনুসৰি ন্যায় বিচাৰ চলি থকা সময়তে পুলিচ প্ৰশাসনে ভুক্তভোগীৰ পৰিয়ালক অপোচৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি দাবী উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালে৷ ভুক্তভোগীৰ পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি আৰক্ষীয়ে খৰখেদাকৈ কন্যাৰ মৃতদেহ দাহ কৰি বিষয়টো ঢাকি ৰখাৰ প্ৰয়াস কৰাৰ লগতে উৎকোচ দিবলৈও চেষ্টা কৰিছিল৷পৰিয়ালৰ লোকক মৃতদেহটো চাবলৈ দিয়া নাছিল আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাবলৈয়ো থানাত অপেক্ষা কৰিব লগীয়া হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়াৰ সময়ত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই উৎকোচৰ প্ৰস্তাৱ দিছিল, লগে লগে পৰিয়ালৰ লোকে এই প্ৰস্তাৱ নাকচ কৰে। বুধবাৰে নিশা আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত কনিষ্ঠ চিকিৎসক সকলৰ সৈতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কন্যাৰ ন্যায়ৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

ভুক্তভোগীৰ পৰিয়ালৰ ন্যায়ৰ দাবীত বুধবাৰে পশ্চিম বংগৰ হাজাৰ হাজাৰ মহিলাই মাজনিশা ‘ৰিক্লেইম দ্য নাইট’ অভিযানৰ অধীনত সমদল উলিয়াই, আৰু এঘণ্টা ধৰি ঘৰৰ লাইট বন্ধ কৰি হাতত চাকি লৈ ৰাজপথলৈ ওলাই আহে কলকাতাবাসী। 

আৰক্ষী প্ৰশাসনৰ এনে মেৰুদণ্ডহীন কাৰ্যই ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ এনে আচৰণে গৃহ বিভগৰো ফোঁপোলা স্বৰূপ দাঙি ধৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ