--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতা আৰ.জি.কৰ কাণ্ডক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে নতুন তথ্য৷ এই ঘটনাক কেন্দ্ৰকৰি উত্তাল হৈ আছে সমগ্ৰ দেশ৷ সৰৱ হৈ উঠিছে দেশৰ প্ৰতিটো স্তৰৰ লোক৷ শিল্পীয়ে ঘূৰাই দিছে বঁটা৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য৷ আৰক্ষী প্ৰশাসনে  উৎকোচ দিবলৈ চেষ্টা কৰিছে ভুক্তভোগীৰ পৰিয়ালক৷  

প্ৰাপ্ত তথ্য অনুসৰি ন্যায় বিচাৰ চলি থকা সময়তে পুলিচ প্ৰশাসনে ভুক্তভোগীৰ পৰিয়ালক অপোচৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি দাবী উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালে৷ ভুক্তভোগীৰ পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি আৰক্ষীয়ে খৰখেদাকৈ কন্যাৰ মৃতদেহ দাহ কৰি বিষয়টো ঢাকি ৰখাৰ প্ৰয়াস কৰাৰ লগতে উৎকোচ দিবলৈও চেষ্টা কৰিছিল৷পৰিয়ালৰ লোকক মৃতদেহটো চাবলৈ দিয়া নাছিল আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাবলৈয়ো থানাত অপেক্ষা কৰিব লগীয়া হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়াৰ সময়ত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই উৎকোচৰ প্ৰস্তাৱ দিছিল, লগে লগে পৰিয়ালৰ লোকে এই প্ৰস্তাৱ নাকচ কৰে। বুধবাৰে নিশা আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত কনিষ্ঠ চিকিৎসক সকলৰ সৈতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কন্যাৰ ন্যায়ৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

ভুক্তভোগীৰ পৰিয়ালৰ ন্যায়ৰ দাবীত বুধবাৰে পশ্চিম বংগৰ হাজাৰ হাজাৰ মহিলাই মাজনিশা ‘ৰিক্লেইম দ্য নাইট’ অভিযানৰ অধীনত সমদল উলিয়াই, আৰু এঘণ্টা ধৰি ঘৰৰ লাইট বন্ধ কৰি হাতত চাকি লৈ ৰাজপথলৈ ওলাই আহে কলকাতাবাসী। 

আৰক্ষী প্ৰশাসনৰ এনে মেৰুদণ্ডহীন কাৰ্যই ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ এনে আচৰণে গৃহ বিভগৰো ফোঁপোলা স্বৰূপ দাঙি ধৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু