--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবিৰ বাহিৰেও বলীউডৰ তাৰকা ছলমান খানে প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰে। এজনী ছোৱালীৰ কাষত থিয় হৈ এইবাৰ নজিৰ ৰচনা কৰিলে ভাইজান। হাড়ৰ মজ্জা দান কৰা প্ৰথম ভাৰতীয় হয় ছলমান। ছলমানে ২০১০ চনত ‘মজ্জা দাতা পঞ্জীয়ন ইণ্ডিয়া’ত পঞ্জীয়ন কৰিছিল। ডাক্তৰ সুনীল পাৰেখে সংবাদ মাধ্যমৰ আগত এই খবৰ নিশ্চিত কৰিছে।

চিকিৎসকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘মই আৰু এই হাড়ৰ মজ্জাৰ ৰোগত আক্ৰান্ত সকলো লোকে ছলমানক ইমান ডাঙৰ পদক্ষেপৰ বাবে ধন্যবাদ জনাইছো। পূজা নামৰ কণমানি এজনীক হাড়ৰ মজ্জা সংৰোপণৰ প্ৰয়োজন হৈছিল। ছলমানে সেই খবৰটো পঢ়িলে। তেওঁৰ ফুটবল দলৰ সকলোকে হাড়ৰ মজ্জা দান কৰিবলৈ কয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে শেষ মুহূৰ্তত তেওঁলোক সকলোৱে পিছুৱাই গ’ল। তাৰ পিছত কেৱল ছলমান আৰু তেওঁৰ ভায়েক আৰবাজ খানে আগবাঢ়ি আহি হাড়ৰ মজ্জা দান কৰিলে।”

ছলমানে কৈছিল যে ভাৰতত হাড়ৰ মজ্জা দাতাৰ সংখ্যা অতি কম। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘আমাৰ দেশত হাড়ৰ মজ্জা দাতা মাত্ৰ পাঁচ হাজাৰহে আছে। কেৱল সজাগতাৰ অভাৱ নহয়। মানসিক সমস্যাও আছে। এই ৰোগত আক্ৰান্ত হোৱা সকলৰ দায়িত্বও আমাৰ। গতিকে হাড়ৰ মজ্জা দান কৰি জীৱন ৰক্ষা কৰক।”

আত্মবিশ্বাসেৰে ছলমানে ক’লে, “এয়া ঠিক তেজৰ পৰীক্ষাৰ দৰেই। বেছি সময় নালাগে। মই জানো, কিছুমান মানুহে ব্লাড টেষ্ট কৰিবলৈ ভয় কৰে। কিন্তু কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ অলপ সাহসী হোৱাৰ সময় আহি পৰিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু