--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবিৰ বাহিৰেও বলীউডৰ তাৰকা ছলমান খানে প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰে। এজনী ছোৱালীৰ কাষত থিয় হৈ এইবাৰ নজিৰ ৰচনা কৰিলে ভাইজান। হাড়ৰ মজ্জা দান কৰা প্ৰথম ভাৰতীয় হয় ছলমান। ছলমানে ২০১০ চনত ‘মজ্জা দাতা পঞ্জীয়ন ইণ্ডিয়া’ত পঞ্জীয়ন কৰিছিল। ডাক্তৰ সুনীল পাৰেখে সংবাদ মাধ্যমৰ আগত এই খবৰ নিশ্চিত কৰিছে।

চিকিৎসকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘মই আৰু এই হাড়ৰ মজ্জাৰ ৰোগত আক্ৰান্ত সকলো লোকে ছলমানক ইমান ডাঙৰ পদক্ষেপৰ বাবে ধন্যবাদ জনাইছো। পূজা নামৰ কণমানি এজনীক হাড়ৰ মজ্জা সংৰোপণৰ প্ৰয়োজন হৈছিল। ছলমানে সেই খবৰটো পঢ়িলে। তেওঁৰ ফুটবল দলৰ সকলোকে হাড়ৰ মজ্জা দান কৰিবলৈ কয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে শেষ মুহূৰ্তত তেওঁলোক সকলোৱে পিছুৱাই গ’ল। তাৰ পিছত কেৱল ছলমান আৰু তেওঁৰ ভায়েক আৰবাজ খানে আগবাঢ়ি আহি হাড়ৰ মজ্জা দান কৰিলে।”

ছলমানে কৈছিল যে ভাৰতত হাড়ৰ মজ্জা দাতাৰ সংখ্যা অতি কম। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘আমাৰ দেশত হাড়ৰ মজ্জা দাতা মাত্ৰ পাঁচ হাজাৰহে আছে। কেৱল সজাগতাৰ অভাৱ নহয়। মানসিক সমস্যাও আছে। এই ৰোগত আক্ৰান্ত হোৱা সকলৰ দায়িত্বও আমাৰ। গতিকে হাড়ৰ মজ্জা দান কৰি জীৱন ৰক্ষা কৰক।”

আত্মবিশ্বাসেৰে ছলমানে ক’লে, “এয়া ঠিক তেজৰ পৰীক্ষাৰ দৰেই। বেছি সময় নালাগে। মই জানো, কিছুমান মানুহে ব্লাড টেষ্ট কৰিবলৈ ভয় কৰে। কিন্তু কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ অলপ সাহসী হোৱাৰ সময় আহি পৰিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ