--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ হেণ্ডছাম হাংক ৰণবীৰ কাপুৰে এইকেইদিন নতুন নতুন কথা প্ৰকাশ কৰিছে। ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনক লৈ চাঞ্চল্যকৰ প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে।


ঋষি কাপুৰ আছিল এজন ঈশ্বৰ বিশ্বাসী

ৰণবীৰ কাপুৰে ভগৱানক বহুত বিশ্বাস কৰে। তেওঁ কয় যে তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে বহুত পূজা-পাতল কৰে। ৰণবীৰে কয়, “মোৰ দেউতা বৰ ধাৰ্মিক আছিল। ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ পদাংক অনুসৰণ কৰে। গতিকে ভগৱানৰ প্ৰতি মোৰ এটা ভাল অনুভৱ আছে। বহু আগতেই উপলব্ধি কৰিছিলোঁ যে মোৰ মেনিফেষ্টিং পাৱাৰ অতি শক্তিশালী। ভগৱানক কিবা এটা খুজিলেই খুব সহজেই পাওঁ। গতিকে খুব কম বয়সতে মই ভগৱানক কিবা বিচাৰি প্ৰাৰ্থনা কৰা বন্ধ কৰিলোঁ।

তেতিয়াৰ পৰাই মই প্ৰতিটো নিশাই, কওঁ, 'ধন্যবাদ ভগৱান' আৰু মই শুই যাওঁ। গতিকে মই কেতিয়াও ভগৱানৰ পৰা একো নিবিচাৰো, আনকি মই বিপদত পৰিলেও একো নিবিচাৰোঁ। মই কেতিয়াও ভগৱানক প্ৰাৰ্থনা কৰি নকওঁ যে মোৰ এইখন চিনেমা সফল হওক, বা মই কিবা এটা কিনিব বিচাৰো। মই কেতিয়াও একো নিবিচাৰোঁ। ঈশ্বৰৰ লগত মোৰ সম্পৰ্ক কৃতজ্ঞতাৰে ভৰা। মই য’ত আছো আৰু মোৰ যি আছে এই সকলোবোৰ ভগৱানৰে আশীৰ্বাদ। ভগৱানৰ প্ৰতি মই সদায় কৃতজ্ঞ। ভগৱানৰ লগত মোৰ সম্পৰ্ক এনেকুৱা।''

ৰণবীৰ সম্পূৰ্ণ সনাতনী

নীতিশ তিৱাৰীৰ ৰামায়ণত ভগৱান 'ৰাম'ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ। তেওঁ সনাতন ধৰ্মৰ বিষয়ে অধ্যয়ন কৰি আছে বুলি জনাইছে। অভিনেতাগৰাকীয়ে কয় যে “মই সনাতন ধৰ্মক বহুত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছো মই যোৱা কেইবছৰমানৰ সনাতন ধৰ্মৰ বিষয়ে বহুত পঢ়িবলৈ আৰম্ভ কৰিছো, ইয়াৰ প্ৰভাৱ কি জানিবলৈ চেষ্টা কৰিছোঁ।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ