--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ হেণ্ডছাম হাংক ৰণবীৰ কাপুৰে এইকেইদিন নতুন নতুন কথা প্ৰকাশ কৰিছে। ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনক লৈ চাঞ্চল্যকৰ প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে।


ঋষি কাপুৰ আছিল এজন ঈশ্বৰ বিশ্বাসী

ৰণবীৰ কাপুৰে ভগৱানক বহুত বিশ্বাস কৰে। তেওঁ কয় যে তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে বহুত পূজা-পাতল কৰে। ৰণবীৰে কয়, “মোৰ দেউতা বৰ ধাৰ্মিক আছিল। ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ পদাংক অনুসৰণ কৰে। গতিকে ভগৱানৰ প্ৰতি মোৰ এটা ভাল অনুভৱ আছে। বহু আগতেই উপলব্ধি কৰিছিলোঁ যে মোৰ মেনিফেষ্টিং পাৱাৰ অতি শক্তিশালী। ভগৱানক কিবা এটা খুজিলেই খুব সহজেই পাওঁ। গতিকে খুব কম বয়সতে মই ভগৱানক কিবা বিচাৰি প্ৰাৰ্থনা কৰা বন্ধ কৰিলোঁ।

তেতিয়াৰ পৰাই মই প্ৰতিটো নিশাই, কওঁ, 'ধন্যবাদ ভগৱান' আৰু মই শুই যাওঁ। গতিকে মই কেতিয়াও ভগৱানৰ পৰা একো নিবিচাৰো, আনকি মই বিপদত পৰিলেও একো নিবিচাৰোঁ। মই কেতিয়াও ভগৱানক প্ৰাৰ্থনা কৰি নকওঁ যে মোৰ এইখন চিনেমা সফল হওক, বা মই কিবা এটা কিনিব বিচাৰো। মই কেতিয়াও একো নিবিচাৰোঁ। ঈশ্বৰৰ লগত মোৰ সম্পৰ্ক কৃতজ্ঞতাৰে ভৰা। মই য’ত আছো আৰু মোৰ যি আছে এই সকলোবোৰ ভগৱানৰে আশীৰ্বাদ। ভগৱানৰ প্ৰতি মই সদায় কৃতজ্ঞ। ভগৱানৰ লগত মোৰ সম্পৰ্ক এনেকুৱা।''

ৰণবীৰ সম্পূৰ্ণ সনাতনী

নীতিশ তিৱাৰীৰ ৰামায়ণত ভগৱান 'ৰাম'ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ। তেওঁ সনাতন ধৰ্মৰ বিষয়ে অধ্যয়ন কৰি আছে বুলি জনাইছে। অভিনেতাগৰাকীয়ে কয় যে “মই সনাতন ধৰ্মক বহুত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছো মই যোৱা কেইবছৰমানৰ সনাতন ধৰ্মৰ বিষয়ে বহুত পঢ়িবলৈ আৰম্ভ কৰিছো, ইয়াৰ প্ৰভাৱ কি জানিবলৈ চেষ্টা কৰিছোঁ।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু