--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ভয়ংকৰ কূটাঘাতৰ সন্মুখীন হ’ব পাৰে দেশ। দেশৰ প্ৰান্তে প্ৰান্তে পুনৰ হ’ব পাৰে ৰক্তক্ষয়। পুনৰ অন্তহীন আতংক আৰু উদ্বেগৰ মাজেৰে দিন কটাবলগীয়া হ’ব পাৰে দেশৰ জনগণ। এই আশংকা পুনৰ গাঢ় হৈ উঠিছে অপৰাধ জগতৰ এজন সম্ৰাটে পুনৰ মূৰ দাঙি উঠা বুলি লাভ কৰা খবৰৰ পাছতে। অপৰাধ জগতৰ এইজন কুখ্যাত প্ৰতিনিধি হৈছে ডাউড ইব্ৰাহিম। যাৰ নামটো শুনিলেই একধৰণৰ আতংকৰ সৃষ্টি হয়। কুখ্যাত ডি কোম্পানীৰ জৰিয়তে দেশক সন্ত্ৰাসিত কৰি তোলাৰ পৰা মুম্বাই বিস্ফোৰণলৈকে কিহত হাত নাই এই কুখ্যাত অপৰাধীজনৰ? কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে আতংকৰ কাৰণ হৈ পৰা ডাউডে পুনৰ মূৰ দাঙি উঠিছে। পুনৰ আৰম্ভ কৰিছে ভাৰতবিৰোধী ষড়যন্ত্ৰ। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএ ডাউড ইব্ৰাহিম পুনৰ সক্ৰিয় হৈ উঠাৰ ইংগিত দিছে। মূলতঃ ভাৰতত কূটাঘাত সৃষ্টিৰ লক্ষ্যৰে সন্ত্ৰাসবাদীজনে আৰম্ভ কৰিছে ষড়যন্ত্ৰ। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বাবে ডাউডে বিশেষ গোট গঠন কৰা বুলি প্ৰকাশ কৰিছে এনআইএ। তদন্তকাৰী সংস্থাটোৰ মতে দেশৰ একাংশ শীৰ্ষস্থানীয় লোকক আক্ৰমণৰ লক্ষ্য কৰি ল’ব ডাউডৰ বিশেষ বাহিনীয়ে। ডাউডৰ হিট লিষ্টত শীৰ্ষ ৰাজনীতিক, উদ্যোগপতি, ব্যৱসায়ী আদিৰ নাম সন্নিৱিষ্ট হৈছে। সংস্থাটোৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মাতে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত বিস্ফোৰণ আৰু বিধ্বংসী মাৰনাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰি অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ডাউডে। কেৱল এয়াই নহয় দিল্লী আৰু মুম্বাইক বিশেষভাৱে লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীজনে। উল্লেখ্য যে, শেহতীয়াকৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ডাউড ইব্ৰাহিম আৰু তেওঁৰ একাধিক সহযোগীৰ বিৰুদ্ধে ধনৰ অবৈধ লেনদেনৰ গোচৰ ৰুজু কৰিছে। এই ধন কূটাঘাতমূলক কামৰ বাবে সৰবৰাহ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। আনহাতে ডাউডৰ কাৰাবন্দী ভাতৃ ইকবাল কাছকাৰকো জেৰা কৰিছে ইডি-এ। ২৪ ফেব্ৰুৱাৰীলৈ তেওঁক নিজৰ জিম্মাত লৈছে দেশৰ অৰ্থনৈতিক অপৰাধ সম্পৰ্কীয় বিষয়ৰ তদন্তকাৰী গোটটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ