--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ভয়ংকৰ কূটাঘাতৰ সন্মুখীন হ’ব পাৰে দেশ। দেশৰ প্ৰান্তে প্ৰান্তে পুনৰ হ’ব পাৰে ৰক্তক্ষয়। পুনৰ অন্তহীন আতংক আৰু উদ্বেগৰ মাজেৰে দিন কটাবলগীয়া হ’ব পাৰে দেশৰ জনগণ। এই আশংকা পুনৰ গাঢ় হৈ উঠিছে অপৰাধ জগতৰ এজন সম্ৰাটে পুনৰ মূৰ দাঙি উঠা বুলি লাভ কৰা খবৰৰ পাছতে। অপৰাধ জগতৰ এইজন কুখ্যাত প্ৰতিনিধি হৈছে ডাউড ইব্ৰাহিম। যাৰ নামটো শুনিলেই একধৰণৰ আতংকৰ সৃষ্টি হয়। কুখ্যাত ডি কোম্পানীৰ জৰিয়তে দেশক সন্ত্ৰাসিত কৰি তোলাৰ পৰা মুম্বাই বিস্ফোৰণলৈকে কিহত হাত নাই এই কুখ্যাত অপৰাধীজনৰ? কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে আতংকৰ কাৰণ হৈ পৰা ডাউডে পুনৰ মূৰ দাঙি উঠিছে। পুনৰ আৰম্ভ কৰিছে ভাৰতবিৰোধী ষড়যন্ত্ৰ। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএ ডাউড ইব্ৰাহিম পুনৰ সক্ৰিয় হৈ উঠাৰ ইংগিত দিছে। মূলতঃ ভাৰতত কূটাঘাত সৃষ্টিৰ লক্ষ্যৰে সন্ত্ৰাসবাদীজনে আৰম্ভ কৰিছে ষড়যন্ত্ৰ। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বাবে ডাউডে বিশেষ গোট গঠন কৰা বুলি প্ৰকাশ কৰিছে এনআইএ। তদন্তকাৰী সংস্থাটোৰ মতে দেশৰ একাংশ শীৰ্ষস্থানীয় লোকক আক্ৰমণৰ লক্ষ্য কৰি ল’ব ডাউডৰ বিশেষ বাহিনীয়ে। ডাউডৰ হিট লিষ্টত শীৰ্ষ ৰাজনীতিক, উদ্যোগপতি, ব্যৱসায়ী আদিৰ নাম সন্নিৱিষ্ট হৈছে। সংস্থাটোৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মাতে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত বিস্ফোৰণ আৰু বিধ্বংসী মাৰনাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰি অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ডাউডে। কেৱল এয়াই নহয় দিল্লী আৰু মুম্বাইক বিশেষভাৱে লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীজনে। উল্লেখ্য যে, শেহতীয়াকৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ডাউড ইব্ৰাহিম আৰু তেওঁৰ একাধিক সহযোগীৰ বিৰুদ্ধে ধনৰ অবৈধ লেনদেনৰ গোচৰ ৰুজু কৰিছে। এই ধন কূটাঘাতমূলক কামৰ বাবে সৰবৰাহ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। আনহাতে ডাউডৰ কাৰাবন্দী ভাতৃ ইকবাল কাছকাৰকো জেৰা কৰিছে ইডি-এ। ২৪ ফেব্ৰুৱাৰীলৈ তেওঁক নিজৰ জিম্মাত লৈছে দেশৰ অৰ্থনৈতিক অপৰাধ সম্পৰ্কীয় বিষয়ৰ তদন্তকাৰী গোটটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ