--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ দেশৰ ৰাজনীতিত এই নিৰ্বাচনে ব্যাপক চৰ্চা লাভ কৰিছে৷ পিছে নিৰ্বাচন চলি থকাৰ মাজতে উত্তৰ প্ৰদেশত ঘটিল এক অনাকাংক্ষিত ঘটনা৷ প্ৰথম অৱস্থাত এই ঘটনা বিৰোধীৰ ষড়যন্ত্ৰ বুলি ধাৰণা কৰা হৈছিল যদিও পাছতহে পোহৰলৈ আহিল প্ৰকৃত সত্য৷ ৰাজ্যখনৰ পিলিভিট ভোটকেন্দ্ৰত বান্দৰসেনাই ধ্বংস কৰে বহুকেইটা চিচি টিভি কেমেৰা৷ উত্তৰ প্ৰদেশৰ পিলিভিটত নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীসকলে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে হতবাক হৈ পৰিছিল। যোগীৰ ৰাজ্যত নতুনকৈ স্থাপন কৰা ৩৪টা চিচি টিভি কেমেৰা ধ্বংস কৰে বান্দৰে৷ প্ৰথম অৱস্থাত, নিৰ্বাচনী দায়িত্বত থকা কৰ্তৃপক্ষই সেয়া এক ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ বুলি ধাৰণা কৰিছিল। লগতে তেওঁ অনুভৱ কৰিছিল যে, বিষয়টো নিৰ্বাচন আয়োগক জনোৱা উচিত হ'ব। প্ৰাথমিক অনুসন্ধানৰ পাছত জানিব পৰা যায় যে, সঁজুলিবোৰ বান্দৰৰ এটা দলে ক্ষতিগ্ৰস্ত কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ আৰ এছ গৌতমে কয় যে, ঘৰটোত মুঠ ৫২টা নতুন কেমেৰা স্থাপন কৰা হৈছিল৷ প্ৰতিটোৰ মূল্য ২,৫০০ টকা। ইয়াৰ ভিতৰত কমেও ৩৪ টা কেমেৰা ক্ষতিগ্ৰস্ত কৰিছে বান্দৰে৷ উল্লেখ্য যে বান্দৰবোৰক নিয়ন্ত্ৰণৰ বাবে বন বিভাগে ন-জনকৈ সদস্যৰ তিনিটা দল মোতায়েন কৰিছে। এতিয়ালৈকে, এনে উপদ্ৰৱ চলোৱা ৭টা বান্দৰ ধৰা পৰিছে। প্ৰায় ২৫ জন সুৰক্ষা কৰ্মীয়ে সকলো সময়তে পহৰা দি আছে ভোটকেন্দ্ৰত। কৰ্তৃপক্ষই জনোৱা মতে, ইভিএম আৰু ভিভিপিএটিবোৰ এটা পৃথক কোঠাত সুৰক্ষিত অৱ্স্থাত আছে। উত্তৰ প্ৰদেশত দ্বিতীয় পৰ্যায়ত ৯খন জিলাৰ ৫৫টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক