--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ দেশৰ ৰাজনীতিত এই নিৰ্বাচনে ব্যাপক চৰ্চা লাভ কৰিছে৷ পিছে নিৰ্বাচন চলি থকাৰ মাজতে উত্তৰ প্ৰদেশত ঘটিল এক অনাকাংক্ষিত ঘটনা৷ প্ৰথম অৱস্থাত এই ঘটনা বিৰোধীৰ ষড়যন্ত্ৰ বুলি ধাৰণা কৰা হৈছিল যদিও পাছতহে পোহৰলৈ আহিল প্ৰকৃত সত্য৷ ৰাজ্যখনৰ পিলিভিট ভোটকেন্দ্ৰত বান্দৰসেনাই ধ্বংস কৰে বহুকেইটা চিচি টিভি কেমেৰা৷ উত্তৰ প্ৰদেশৰ পিলিভিটত নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীসকলে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে হতবাক হৈ পৰিছিল। যোগীৰ ৰাজ্যত নতুনকৈ স্থাপন কৰা ৩৪টা চিচি টিভি কেমেৰা ধ্বংস কৰে বান্দৰে৷ প্ৰথম অৱস্থাত, নিৰ্বাচনী দায়িত্বত থকা কৰ্তৃপক্ষই সেয়া এক ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ বুলি ধাৰণা কৰিছিল। লগতে তেওঁ অনুভৱ কৰিছিল যে, বিষয়টো নিৰ্বাচন আয়োগক জনোৱা উচিত হ'ব। প্ৰাথমিক অনুসন্ধানৰ পাছত জানিব পৰা যায় যে, সঁজুলিবোৰ বান্দৰৰ এটা দলে ক্ষতিগ্ৰস্ত কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ আৰ এছ গৌতমে কয় যে, ঘৰটোত মুঠ ৫২টা নতুন কেমেৰা স্থাপন কৰা হৈছিল৷ প্ৰতিটোৰ মূল্য ২,৫০০ টকা। ইয়াৰ ভিতৰত কমেও ৩৪ টা কেমেৰা ক্ষতিগ্ৰস্ত কৰিছে বান্দৰে৷ উল্লেখ্য যে বান্দৰবোৰক নিয়ন্ত্ৰণৰ বাবে বন বিভাগে ন-জনকৈ সদস্যৰ তিনিটা দল মোতায়েন কৰিছে। এতিয়ালৈকে, এনে উপদ্ৰৱ চলোৱা ৭টা বান্দৰ ধৰা পৰিছে। প্ৰায় ২৫ জন সুৰক্ষা কৰ্মীয়ে সকলো সময়তে পহৰা দি আছে ভোটকেন্দ্ৰত। কৰ্তৃপক্ষই জনোৱা মতে, ইভিএম আৰু ভিভিপিএটিবোৰ এটা পৃথক কোঠাত সুৰক্ষিত অৱ্স্থাত আছে। উত্তৰ প্ৰদেশত দ্বিতীয় পৰ্যায়ত ৯খন জিলাৰ ৫৫টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন