--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও নাজানে  দেশখন ক'ত আছে! তথাপি দেশ খনক লাগে  ৰাষ্ট্ৰসংঘৰ  স্বীকৃতি ।কোনো নাম-গোন্ধ নথকা দেশ খনক আজিলৈকে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া নাই৷  স্বঘোষিত গডমেন নিত্যানন্দৰ 'কৈলাশ ৰাষ্ট্ৰ 'ৰ এগৰাকী  প্ৰতিনিধিয়ে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এখন আলোচনাচক্ৰত বক্তব্য ৰাখিছে।  'কৈলাশ'ৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই   ভাৰতৰ বিৰুদ্ধে মাত মাতিছে।

আলোচনাৰ এটা ভিডিঅ' ৰাষ্ট্ৰসংঘৰ ৱেবছাইটতো আপলোড কৰা হৈছে। এখন অস্বীকৃত ৰাষ্ট্ৰৰ  প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ আলোচনাত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰিলে তাকেলৈ ৰহস্যৰো সৃষ্টি হৈছে৷ এয়া এতিয়াও  স্পষ্ট হোৱা নাই যে তেওঁক ৰাষ্ট্ৰসংঘৰ দ্বাৰা আমন্ত্ৰণ জনোৱা হৈছিল নে নাই।স্বঘোষিত গডমেন নিত্যানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছে। 

গুজৰাট আৰক্ষীয়ে তেওঁক বিচাৰি আছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দেশ ত্যাগ কৰিছে। তেওঁ আনকি এটা দ্বীপ কিনি লৈছে  আৰু নিজৰ ৰাষ্ট্ৰ  প্ৰতিষ্ঠা কৰিছে। নিত্যানন্দই দাবী কৰিছে  যে এই খনেই  হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু একমাত্ৰ স্বাধীন সাৰ্বভৌম হিন্দু ৰাষ্ট্ৰ৷  কিন্তু দেশখনক ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া নাই। অৱশ্যে নিত্যানন্দৰ  প্ৰতিনিধি 'মা' বিজপ্ৰিয়া নিত্যানন্দই শেহতীয়াকৈ  ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ বিষয়ত আয়োজিত  এক আলোচনাত অংশগ্ৰহণ কৰা দেখা গৈছে।

 তেওঁ ভাৰতৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰিছে।'মা' বিজপ্ৰিয়া নিত্যানন্দই দাবী কৰিছে যে কৈলাশ প্ৰথম হিন্দু সাৰ্বভৌম ৰাষ্ট্ৰ। হিন্দু ধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় নেতা নিত্যানন্দ পৰমশিৱমে দেশখন সৃষ্টি কৰিছে। এই কামটো কৰাৰ বাবেই  নিত্যানন্দক তেওঁৰ মাতৃভূমিৰ পৰা বহিষ্কাৰ কৰা হৈছে। তেওঁ অভিযোগ কৰিছিল যে হিন্দু ধৰ্মৰ প্ৰাচীন ৰীতি-নীতি অনুসৰণ কৰাৰ বাবে নিত্যানন্দক অত্যাচাৰ কৰা হৈছে। মাতৃভূমি ভাৰতত  তেওঁৰ ধৰ্ম প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক