--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও নাজানে  দেশখন ক'ত আছে! তথাপি দেশ খনক লাগে  ৰাষ্ট্ৰসংঘৰ  স্বীকৃতি ।কোনো নাম-গোন্ধ নথকা দেশ খনক আজিলৈকে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া নাই৷  স্বঘোষিত গডমেন নিত্যানন্দৰ 'কৈলাশ ৰাষ্ট্ৰ 'ৰ এগৰাকী  প্ৰতিনিধিয়ে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এখন আলোচনাচক্ৰত বক্তব্য ৰাখিছে।  'কৈলাশ'ৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই   ভাৰতৰ বিৰুদ্ধে মাত মাতিছে।

আলোচনাৰ এটা ভিডিঅ' ৰাষ্ট্ৰসংঘৰ ৱেবছাইটতো আপলোড কৰা হৈছে। এখন অস্বীকৃত ৰাষ্ট্ৰৰ  প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ আলোচনাত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰিলে তাকেলৈ ৰহস্যৰো সৃষ্টি হৈছে৷ এয়া এতিয়াও  স্পষ্ট হোৱা নাই যে তেওঁক ৰাষ্ট্ৰসংঘৰ দ্বাৰা আমন্ত্ৰণ জনোৱা হৈছিল নে নাই।স্বঘোষিত গডমেন নিত্যানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছে। 

গুজৰাট আৰক্ষীয়ে তেওঁক বিচাৰি আছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দেশ ত্যাগ কৰিছে। তেওঁ আনকি এটা দ্বীপ কিনি লৈছে  আৰু নিজৰ ৰাষ্ট্ৰ  প্ৰতিষ্ঠা কৰিছে। নিত্যানন্দই দাবী কৰিছে  যে এই খনেই  হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু একমাত্ৰ স্বাধীন সাৰ্বভৌম হিন্দু ৰাষ্ট্ৰ৷  কিন্তু দেশখনক ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া নাই। অৱশ্যে নিত্যানন্দৰ  প্ৰতিনিধি 'মা' বিজপ্ৰিয়া নিত্যানন্দই শেহতীয়াকৈ  ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ বিষয়ত আয়োজিত  এক আলোচনাত অংশগ্ৰহণ কৰা দেখা গৈছে।

 তেওঁ ভাৰতৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰিছে।'মা' বিজপ্ৰিয়া নিত্যানন্দই দাবী কৰিছে যে কৈলাশ প্ৰথম হিন্দু সাৰ্বভৌম ৰাষ্ট্ৰ। হিন্দু ধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় নেতা নিত্যানন্দ পৰমশিৱমে দেশখন সৃষ্টি কৰিছে। এই কামটো কৰাৰ বাবেই  নিত্যানন্দক তেওঁৰ মাতৃভূমিৰ পৰা বহিষ্কাৰ কৰা হৈছে। তেওঁ অভিযোগ কৰিছিল যে হিন্দু ধৰ্মৰ প্ৰাচীন ৰীতি-নীতি অনুসৰণ কৰাৰ বাবে নিত্যানন্দক অত্যাচাৰ কৰা হৈছে। মাতৃভূমি ভাৰতত  তেওঁৰ ধৰ্ম প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন