--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ এটা স্পাই ছফটওৱেৰ পেগাছাছক লৈ বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিতৰ্কত সোমাই পৰিছিল ভাৰতবৰ্ষও। সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ দুজন ব্যক্তিও আছিল পেগাছাছৰ লক্ষ্য।

এই বিতৰ্কই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বিশেষকৈ চৰকাৰৰ বিৰোধিতা কৰা নেতা, সাংবাদিক, সমাজকৰ্মীৰ ফোন পেগাছাছৰ লক্ষ্য হৈ পৰাৰ পাছত সৰ্বত্ৰে সমালোচিত হৈছিল কেন্দ্ৰীয় চৰকাৰ। পাছলৈ এই বিষয়ে তদন্তৰ দাবী উঠিছিল বিভিন্ন মহলত। কিয়নো ইজৰাইলৰ এটা ব্যক্তিগত কোম্পানীৰ নিয়ন্ত্ৰণাধীন ছফটওৱেৰটো যথেষ্ট ব্যয়বহুল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল। যি ব্যয় বহন কৰাটো কোনো ব্যক্তিগত কোম্পানী বা ব্যক্তি বিশেষৰ বাবে সম্ভৱ নহয়। তেনেহ’লে কোন চুক্তিবদ্ধ হৈছিল ইজৰাইলী কোম্পানীৰ সৈতে?

এই সম্পৰ্কে তদন্ত কৰিবলৈ দেশৰ শীৰ্ষ আদালতে বিগত বছৰৰ অক্টোবৰত নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু দেশৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ থকা বিষয়টো সন্দৰ্ভত আজিলৈকে তদন্তৰ প্ৰতিবেদন দাখিল কৰা নহ’ল। শুকুৰবাৰে অনুষ্ঠিত আদালতৰ শুনানিৰ পাছত কাৰিকৰী সমিতিৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আদালতে পুনৰ ৪ সপ্তাহৰ সময়সীমা বৃদ্ধি কৰিছে। লগতে কাৰিকৰী সমিতিক দেশৰ শীৰ্ষ আদালতে তদন্ত ক্ষিপ্ৰ কৰি তুলিবলৈ নিৰ্দেশনা দিছে। আশা কৰা মতে অহা ২০ জুনৰ ভিতৰত উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস