--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ এটা স্পাই ছফটওৱেৰ পেগাছাছক লৈ বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিতৰ্কত সোমাই পৰিছিল ভাৰতবৰ্ষও। সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ দুজন ব্যক্তিও আছিল পেগাছাছৰ লক্ষ্য।

এই বিতৰ্কই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বিশেষকৈ চৰকাৰৰ বিৰোধিতা কৰা নেতা, সাংবাদিক, সমাজকৰ্মীৰ ফোন পেগাছাছৰ লক্ষ্য হৈ পৰাৰ পাছত সৰ্বত্ৰে সমালোচিত হৈছিল কেন্দ্ৰীয় চৰকাৰ। পাছলৈ এই বিষয়ে তদন্তৰ দাবী উঠিছিল বিভিন্ন মহলত। কিয়নো ইজৰাইলৰ এটা ব্যক্তিগত কোম্পানীৰ নিয়ন্ত্ৰণাধীন ছফটওৱেৰটো যথেষ্ট ব্যয়বহুল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল। যি ব্যয় বহন কৰাটো কোনো ব্যক্তিগত কোম্পানী বা ব্যক্তি বিশেষৰ বাবে সম্ভৱ নহয়। তেনেহ’লে কোন চুক্তিবদ্ধ হৈছিল ইজৰাইলী কোম্পানীৰ সৈতে?

এই সম্পৰ্কে তদন্ত কৰিবলৈ দেশৰ শীৰ্ষ আদালতে বিগত বছৰৰ অক্টোবৰত নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু দেশৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ থকা বিষয়টো সন্দৰ্ভত আজিলৈকে তদন্তৰ প্ৰতিবেদন দাখিল কৰা নহ’ল। শুকুৰবাৰে অনুষ্ঠিত আদালতৰ শুনানিৰ পাছত কাৰিকৰী সমিতিৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আদালতে পুনৰ ৪ সপ্তাহৰ সময়সীমা বৃদ্ধি কৰিছে। লগতে কাৰিকৰী সমিতিক দেশৰ শীৰ্ষ আদালতে তদন্ত ক্ষিপ্ৰ কৰি তুলিবলৈ নিৰ্দেশনা দিছে। আশা কৰা মতে অহা ২০ জুনৰ ভিতৰত উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ