--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যুৰ পাছত সৰ্বাধিক চৰ্চিত বিষয়টো আছিল পৰৱৰ্তী চিডিএছ কোন হ’ব? এই প্ৰশ্নটো প্ৰতিজন ভাৰতীয়ৰ মনত উদয় হৈছে। নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সোনকালে পৰৱৰ্তী সেনাপ্ৰধান নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়ে৷ জ্যেষ্ঠতাৰ ফালৰ পৰা তিনিওটা বিভাগৰ সেনাৰ মাজৰ পৰা এগৰাকী বিষয়াক এই দায়িত্ব অৰ্পন কৰা হয়৷ মনোজ মুকুন্দ নাৰৱানেৰ নাম এই তালিকাৰ প্ৰথমত আছিল।

বৰ্তমান স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অব ষ্টাফ কমিটীৰ অধ্যক্ষ হিচাপে অস্থায়ীভাৱে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। যিহেতু দেশৰ এই গুৰুত্বপূৰ্ণ পদটো খালী ৰাখিব নোৱাৰি সেয়েহে অস্থায়ীভাৱে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে নাৰৱানেক। চীফ অৱ ডিফেন্স ষ্টাফ পদত কোনো এজন বিষয়াক স্থায়ীভাৱে নিযুক্তি প্ৰদান নকৰালৈকে এই দায়িত্বত থাকিব মনোজ মুকুন্দ নাৰৱানে৷ তামিলনাডুৰ কুন্নুৰত সংঘটিত IAF Mi17V5 হেলিকপ্টাৰ দুৰ্ঘটনাত চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হোৱাত খালী হৈ আছিল এই পদটো৷ গতিকে পদটো শীঘ্ৰে পূৰণ কৰাতো জৰুৰী হৈ পৰিছে৷ চীফ অৱ ডিফেন্স ষ্টাফৰ কাম-সাজ সমূহ আগবঢ়াই নিবলৈ জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক দায়িত্ব দিয়া হৈছে ৷

উল্লেখ্য যে, ২০১৯ চনত ভাৰতৰ তিনিওটা সেনা বাহিনী একত্ৰিত কৰি এজন চীফ অৱ ডিফেন্স ষ্টাফ নিয়োগ কৰা হৈছিল৷ জেনেৰেল বিপিন ৰাৱট ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ। বিপিন ৰাৱটে ৩১ ডিচেম্বৰ, ২০১৯ত দেশৰ প্ৰথম সেনা কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ ২০২২ চনৰ এপ্ৰিললৈকে এই পদত অধিষ্ঠিত হৈ থকাৰ কথা আছিল। অৱশ্যে যদি তাৰ আগতে তেওঁক আকৌ এবাৰ এই পদত নিযুক্তি দিয়া হ’লহেঁতেন, তেন্তে এই ম্যাদ বৃদ্ধি কৰা হ’লহেঁতেন। কিন্তু তাৰ আগতেই এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটো সংঘটিত হয়। তেনে ক্ষেত্ৰত, বৰ্তমানৰ ভাৰতীয় সেনা প্ৰধান মনোজ মুকুল নাৰৱনেৰ নাম এই পদৰ বাবে উপযুক্ত হিচাপে বিবেচিত হৈছে। চিডিএছ পদত স্থায়ীভাৱে মনোজ মুকুন্দ নাৰৱানেক নিযুক্তি দিয়া হয় নে নাই সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ ‘শ্বীনা বৰা এতিয়াও জীয়াই আছে, তেওঁ আছে কাশ্মীৰত’!চিবিআইলৈ পত্ৰ ইন্দ্ৰাণী মুখাৰ্জীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?