--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা বুলি ক’লেও অকণো ভূল কোৱা নহব৷ দেশত যেন চৰকাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ কৰাত অঘোষিত প্ৰতিযগিতাত হে নামিছে ৷ দেশৰ ঘৰুৱা উৎপাদন(GDP) উৰ্ধগামী হোৱাৰ পৰিৱৰ্তে দৈনন্দিন নিম্নগামী হোৱাৰ খবৰে সদায়ে সংবাদ শিৰোনা্ম দখল কৰে৷ দেশৰ ঘৰুৱা উৎপাদনৰ অৱস্থিতি ইমানেই পুতৌলগা যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে আনকি জি ডি পিৰ প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ লাজ পোৱা পৰিস্থিতি সদৃশ৷ ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰিলে মোডী চৰকাৰে আৰু তেওঁলোকৰ হাতত যেন এতিয়াও ব্যক্তিগতকৰণ কৰিব লগা প্ৰতিষ্ঠানসমূহৰ তালিকাখন এতিয়াও বহুত দীঘলীয়া৷ এইবাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ যো-জা কৰিছে মোডী চৰকাৰে৷

মোডী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতেই বেংকিং আইন সংশোধনী বিল ২০২১ গৃহীত কৰিবলৈ উঠি-পৰি লাগিছে। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নচ (UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷

ইন্দিৰা গান্ধীয়ে বেংক আৰু বীমাকাৰী সংস্থাসমূহ ৰাষ্ট্ৰীয়কৰণ কৰি জনতাক সুৰক্ষা দিয়াৰ প্ৰয়াস কৰিছিল যদিও এতিয়াৰ মোদী চৰকাৰে সেই বেংকসমূহক নিজৰ ঘনিষ্ঠ কৰ্পৰেট বাহিনীৰ হাতত গতাই দিয়াৰ যি ফান্দ পাতিছে, সেই কাৰ্যৰ এতিয়া বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে৷ উল্লেখ্য যে, ১৩ টা বৃহৎ কোম্পানীয়েই ৰাষ্ট্ৰীয়কৃত বেংকক ঘূৰাই দিবলৈ আছে ৪.৮৬ লাখ কোটি টকা । তাৰ ভিতৰত এতিয়ালৈ সেই ধন উদ্ধাৰ হৈছে মাত্ৰ ১.৬১ লাখ কোটি টকা। সেই ধাৰ আদায় কৰিবৰ বাবেই চৰকাৰে বেংক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি এক অদ্ভুট যুক্তি আগবঢ়াইছে৷

ৰাইজক এতিয়া আভুৱা ভৰাবলৈ চৰকাৰে বেংকবোৰ শেষ হ’লেও ৰাইজে জমাধনৰ কমপক্ষেও ৫ লাখ টকা উভতাই পাব আশ্বাস দিছে। ইয়াৰ অৰ্থ আচলতে কি? নিজৰ জমা ধনৰ ওপৰতো এতিয়া জনতাৰ একো অধিকাৰ নাথাকিব নেকি? এই প্ৰশ্ন এতিয়া ৰাইজৰ৷ ইফালে বেংক ব্যক্তিগতকৰণৰ বিৰোধীতাৰে এতিয়া বেংকৰ কৰ্মচাৰীসকলেও অন্ধকাৰ ভৱিষ্যতৰ উমান পাই প্ৰতিবাদত নামিছে৷

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ক’য় যে, প্ৰশ্নৰ উত্তৰত সীতাৰমণে কয়: "বিনিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয়বোৰ চৰকাৰৰ এতিয়াও বিবেচনাধীন, ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণক লৈ সংশ্লিষ্ট কেবিনেট এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?