--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘পুত্রই কৰা অপৰাধৰ শাস্তি পিতৃক দিব নোৱাৰি।’ দেশ কঁপোৱা লখিমপুৰ খেৰী কাণ্ড সন্দৰ্ভত বিজেপিৰ প্ৰতিক্ৰিয়া এয়া। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদী কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাই কাললৈ কুখ্যাতি আৰ্জিছিল কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰই। বিৰোধী প্ৰৱল প্ৰতিবাদ, সংবাদ মাধ্যমৰ হেঁচাৰ ওচৰত সেও মানি ঘটনাৰ কেইবাটাও দিন অতিবাহিত হোৱাৰ পাছত আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তেওঁক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে শাসকীয় দলে।

তেওঁৰ বিৰুদ্ধে শিথিল গোচৰ আৰোপেৰে তেওঁক বচোৱাৰ চেষ্টা কৰা হৈছিল যদিও শেহতীয়াকৈ বিশেষ তদন্তকাৰী গোটে লখিমপুৰ খেৰী কাণ্ড পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি প্ৰতিবেদন দিছে। এই প্ৰতিবেদনৰ পাছতে অধিক চাপৰ সন্মুখীন হৈছে কেন্দ্ৰীয় মন্ত্ৰী মিশ্ৰ তথা শাসকীয় দল। কিয়নো অহা বছৰ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। দেশজোৰা কৃষক বিদ্ৰোহৰ ফলত ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰ চাপৰ সন্মুখীন হৈছে আৰু লখিমপুৰ খেৰী কাণ্ডই তেওঁলোকৰ বিপদ অধিক বৃদ্ধি কৰিছে। কিন্তু তাৰ পাছতো অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা অপসাৰণ নকৰাৰ সিদ্ধান্তত অটল হৈ আছে কেন্দ্ৰীয় চৰকাৰ।

বিৰোধী দলসমূহে অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিবলৈ দাবী কৰি অহাৰ সময়তে বিজেপিৰ এটা সূত্ৰই এই সম্ভাৱনা নাই বুলিয়েই মন্তব্য কৰিছে। ‘পুত্ৰৰ কামৰ শাস্তি পিতৃক দিব নোৱাৰি’ বুলি বিজেপিয়ে কৰা গা এৰা দিয়া মন্তব্যই চৰকাৰখনৰ মনোভাব প্ৰকট কৰি তুলিছে। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে বিৰোধীয়ে এই বিষয়টো লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অজয় মিশ্ৰক অপৰাধী আখ্যা দি তেওঁৰ পদত্যাগৰ দাবী জনায়। লখিমপুৰ খেৰী কাণ্ড এটা পৰিকল্পিত ষড়যন্ত্ৰ আছিল এছআইটি-এ দিয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰাহুলে মন্তব্য কৰে যে এই ঘটনাত মন্ত্ৰী মিশ্ৰ জড়িত আৰু তেওঁক অপসাৰণ কৰিব লাগে। বিৰোধী দলৰ আনসকল নেতায়ো এই প্ৰসংগত উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে সংসদত।


কিন্তু লখিমপুৰ খেৰী কাণ্ডৰ এনে ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰ তথা মন্ত্ৰী মিশ্ৰৰ অহংকাৰ যেন কমা নাই। ক্ষমতাৰ ৰাগিৰে মাতাল হৈ পুত্ৰই সংঘটিত কৰা দুষ্কাৰ্য সম্পৰ্কত প্ৰশ্ন কৰা বাবেই বুধবাৰে তেওঁ সাংবাদিকৰ ওপৰতে খৰ্গহস্ত হৈ পৰে। পুত্ৰৰ বিৰুদ্ধে দাখিল হোৱা তদন্তৰ প্ৰতিবেদন সম্পৰ্কত প্ৰশ্ন কৰাৰ লগে লগে তেওঁ উত্তেজিত হৈ পৰে আৰু সাংবাদিকক উদ্দেশ্যি তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰি কয়, ‘মূৰ্খৰ দৰে এনে প্ৰশ্ন নকৰিবা। পাগল হৈছা নেকি?’ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে, মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ মাইক বন্ধ কৰিবলৈ চিঞৰি নিৰ্দেশ দিয়াৰ লগতে সাংবাদিকক চোৰ বুলিও গালি পাৰে।

লখিমপুৰ খেৰীত এটা অক্সিজেন প্লাণ্ট মুকলি কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। মন্ত্ৰীগৰাকীয়ে বুধবাৰে পুত্ৰক কাৰাগাৰত সাক্ষাতো কৰিছিল। উল্লেখ্য যে, অজয় মিশ্ৰৰ পুত্ৰ আশিসে পৰিকল্পিতভাৱে প্ৰতিবাদী কৃষকক হত্যা কৰা বুলি তদন্তৰ প্ৰতিবেদনত প্ৰকাশ কৰিছিল এছআইটি-এ। ক্ষমতাৰ এনে অনিয়ন্ত্ৰিত ৰাগি তথা মতগৰ্বিতা এতিয়া যেন চৰকাৰখনৰ স্বভাৱত পৰিণত হৈছে। লখিমপুৰ খেৰীৰ দৰে কাণ্ড আৰু তাৰ প্ৰতি চৰকাৰৰ অসংবেদনশীল সঁহাৰি তাৰেই প্ৰতিফলন হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি