--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা বিভাগত নতুন সংযোজন। অহা সপ্তাহত ভাৰতত উপস্থিত হ’ব তিনিখন ৰাফেল বিমান। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, যুঁজাৰু বিমানসমূহ বিগত সপ্তাহতে ফ্ৰান্সে ভাৰতীয় বায়ুসেনাক হস্তান্তৰ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, ফ্ৰান্সৰ নিৰ্মাতাই তিনিখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাক হস্তান্তৰ কৰিছে। আগন্তুক সপ্তাহত ভাৰতত উপস্থিত হ’ব বিমানকেইখন। সুত্ৰ অনুসৰি, এই তিনিখন ৰাফেল বিমান পোনপটীয়াকৈ ফ্ৰান্সৰ পৰা ভাৰতলৈ ৰাওনা হ’ব। এই সমগ্ৰ অভিযান ফৰাচী বায়ুসেনা আৰু সংযুক্ত আৰব আমিৰাত বায়ু সেনাৰ সহযোগত সম্পূৰ্ণ কৰা হ’ব। ২০১৮ বৰ্ষত, ফ্ৰান্সৰ পৰা প্ৰথম ৰাফেল যুঁজাৰু বিমান ভাৰতত উপস্থিত হৈছিল। আৰবি ০৮ নামৰ ৰাফেল বিমানখন ৩০ অক্টোবৰত ভাৰতত উপস্থিত হৈছিল। ফ্ৰান্সৰ সৈতে ৰাফেল চুক্তিৰ অন্যতম মুখ্য স্থপতি তদানীন্তন উপ-প্ৰধান আৰ কে এছ ভাদোৰিয়াৰ নামত ‘আৰবি’ ক্ৰমিক নম্বৰ ৰখা হৈছে। ৰাফেল যুঁজাৰু বিমানখনৰ বিশেষত্ব কি? বিশেষ প্ৰকাৰৰ ৰাফেল বিমানখনত, হেলমেট মাউণ্টেড ডিছপ্লে’, আকাশত দীৰ্ঘ দূৰত্বৰলৈকে মিছাইল নিক্ষেপ কৰিবলৈ সক্ষম, উন্নত যোগাযোগ প্ৰণালী, উচ্চ অক্ষাংশতো ইঞ্জিন সঞ্চালনতো এই বিশেষ বিমানকেইখন সক্ষম হ’ব লগতে ট্ৰেক চেন্সৰ, ইলেক্ট্ৰনিক জেমাৰ পড আৰু এভিঅ’নিক্স আছে। সূত্ৰ অনুসৰি, অত্যাধুনিক সামগ্ৰীৰে সজ্জিত এই যুঁজাৰু বিমানখন যিকোনো যুদ্ধসদৃশ পৰিৱেশৰ বাবে উপযুক্ত। আনহাতে, আম্বালা আৰু হাচিমাৰাত ৩২খন ৰাফেল বিমানক সম্পূৰ্ণ ৰূপ দিয়াৰ বাবেও পদক্ষেপ লোৱা হৈছে। আম্বালাত অৱস্থিত ৰাফেল জেটৰ স্কোয়াড্ৰনে চীনৰ সৈতে লাডাখ সীমান্ত আৰু পাকিস্তানৰ সৈতে সীমান্ত নিৰীক্ষণ কৰিবলৈ সক্ষম হব। ইয়াৰ উপৰি, প্ৰয়োজন হ’লে আক্ৰমণ প্ৰতিহত কৰিবলৈও এই স্কোয়াড্ৰনে কাম কৰিব পাৰে। ফলস্বৰূপে, চীন-পাকিস্তানক এই স্কোয়াড্ৰনৰ জৰিয়তে চাপত পেলাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম