--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা বিভাগত নতুন সংযোজন। অহা সপ্তাহত ভাৰতত উপস্থিত হ’ব তিনিখন ৰাফেল বিমান। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, যুঁজাৰু বিমানসমূহ বিগত সপ্তাহতে ফ্ৰান্সে ভাৰতীয় বায়ুসেনাক হস্তান্তৰ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, ফ্ৰান্সৰ নিৰ্মাতাই তিনিখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাক হস্তান্তৰ কৰিছে। আগন্তুক সপ্তাহত ভাৰতত উপস্থিত হ’ব বিমানকেইখন। সুত্ৰ অনুসৰি, এই তিনিখন ৰাফেল বিমান পোনপটীয়াকৈ ফ্ৰান্সৰ পৰা ভাৰতলৈ ৰাওনা হ’ব। এই সমগ্ৰ অভিযান ফৰাচী বায়ুসেনা আৰু সংযুক্ত আৰব আমিৰাত বায়ু সেনাৰ সহযোগত সম্পূৰ্ণ কৰা হ’ব। ২০১৮ বৰ্ষত, ফ্ৰান্সৰ পৰা প্ৰথম ৰাফেল যুঁজাৰু বিমান ভাৰতত উপস্থিত হৈছিল। আৰবি ০৮ নামৰ ৰাফেল বিমানখন ৩০ অক্টোবৰত ভাৰতত উপস্থিত হৈছিল। ফ্ৰান্সৰ সৈতে ৰাফেল চুক্তিৰ অন্যতম মুখ্য স্থপতি তদানীন্তন উপ-প্ৰধান আৰ কে এছ ভাদোৰিয়াৰ নামত ‘আৰবি’ ক্ৰমিক নম্বৰ ৰখা হৈছে। ৰাফেল যুঁজাৰু বিমানখনৰ বিশেষত্ব কি? বিশেষ প্ৰকাৰৰ ৰাফেল বিমানখনত, হেলমেট মাউণ্টেড ডিছপ্লে’, আকাশত দীৰ্ঘ দূৰত্বৰলৈকে মিছাইল নিক্ষেপ কৰিবলৈ সক্ষম, উন্নত যোগাযোগ প্ৰণালী, উচ্চ অক্ষাংশতো ইঞ্জিন সঞ্চালনতো এই বিশেষ বিমানকেইখন সক্ষম হ’ব লগতে ট্ৰেক চেন্সৰ, ইলেক্ট্ৰনিক জেমাৰ পড আৰু এভিঅ’নিক্স আছে। সূত্ৰ অনুসৰি, অত্যাধুনিক সামগ্ৰীৰে সজ্জিত এই যুঁজাৰু বিমানখন যিকোনো যুদ্ধসদৃশ পৰিৱেশৰ বাবে উপযুক্ত। আনহাতে, আম্বালা আৰু হাচিমাৰাত ৩২খন ৰাফেল বিমানক সম্পূৰ্ণ ৰূপ দিয়াৰ বাবেও পদক্ষেপ লোৱা হৈছে। আম্বালাত অৱস্থিত ৰাফেল জেটৰ স্কোয়াড্ৰনে চীনৰ সৈতে লাডাখ সীমান্ত আৰু পাকিস্তানৰ সৈতে সীমান্ত নিৰীক্ষণ কৰিবলৈ সক্ষম হব। ইয়াৰ উপৰি, প্ৰয়োজন হ’লে আক্ৰমণ প্ৰতিহত কৰিবলৈও এই স্কোয়াড্ৰনে কাম কৰিব পাৰে। ফলস্বৰূপে, চীন-পাকিস্তানক এই স্কোয়াড্ৰনৰ জৰিয়তে চাপত পেলাব পাৰি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
২৯ মে’ত অসমলৈ কেজৰিৱাল, ৰাজ্যৰ বিৰোধী ৰাজনীতিয়ে  নতুন মাত্ৰা লাভৰ সম্ভাৱনা
অৰ্থনৈতিক অস্থিৰতা: ৭.৭৯ শতাংশলৈ বৃদ্ধি মুদ্ৰাস্ফীতিৰ হাৰ, দৈনিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
জাহ্নু বৰুৱালৈ 'আহোম গৌৰৱ বঁটা-২০২৫'