--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'ভাল মুছলমান বুলি প্ৰমাণ দিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই।' দেশজুৰি হিজাবক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে জম্মু-কাশ্মীৰৰ এগৰাকী ছাত্ৰীৰ সাহসী মন্তব্যই এতিয়া চৰ্চা লাভ কৰিছে। এতিয়া সমাজৰ একাংশ লোকে কিদৰে সকলো শ্ৰেণীৰ লোকৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ আৰম্ভ কৰিছে সেইকথা প্ৰকট হৈ পৰিছে অতি চিন্তনীয় ৰূপত। সকলো কথাকে বিভাজনকামী দৃষ্টিৰে বিচাৰ কৰিবলৈ আৰম্ভ কৰিছে একাংশ লোকে। এনে বিভাজনকামী আৰু নেতিবাচক মনোবৃত্তিৰ লোকৰ পৰা সাৰি যোৱা নাই এগৰাকী মেধাৱী শিক্ষাৰ্থীও। দেশজুৰি খলকনি তোলা হিজাব বিতৰ্কৰ মাজতে ইণ্টাৰনেটত একাংশ লোকে এইগৰাকী মুছলমান ছাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। কিন্তু কি আছিল তেওঁৰ অপৰাধ? জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বাসিন্দা আৰুছা পাৰভেজ নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে কেন্দ্ৰশাসিত প্ৰদেশখনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিজ্ঞান শাখাত শীৰ্ষস্থান অধিকাৰ কৰিছিল। শুকুৰবাৰে শ্ৰীনগৰ জিলা প্ৰশাসনে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰে। আৰুছা পাৰভিজ নামৰ ইলাহীবাগ এলেকাৰ বাসিন্দা মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিছিল। তেওঁ ৫০০ নম্বৰৰ ভিতৰত ৯৯.৮০শতাংশ হাৰেৰে লাভ কৰে ৪৯৯ নম্বৰ। শ্ৰীনগৰৰ উপায়ুক্ত মহম্মদ আইজাজ আছাদে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। মেধাৱী ছাত্ৰীগৰাকীক জিলা প্ৰশাসনে এনেদৰে উৎসাহিত কৰাৰ বিপৰীতে একাংশ লোকে তেওঁ সমালোচনা আৰু তিক্ত আক্ৰমণেৰে থকা-সৰকা কৰি তোলে। তেওঁৰ অপৰাধ আছিল তেওঁ হিজাব পৰিধান কৰা নাছিল। হিজাব বিতৰ্কৰ গইনা লোকে একাংশ লোকে সমাজক সাম্প্ৰদায়িক বিভাজনেৰে বিভাজিত কৰি তুলিবলৈ চেষ্টা কৰিছে। তাৰেই প্ৰতিফলন দেখা গ’ল আৰুছাৰ ক্ষেত্ৰতো। কিন্তু এইগৰাকী মেধাৱী ছাত্ৰীয়ে সমালোচনাকীক দিলে যোগ্য প্ৰত্যুত্তৰ।   কিন্তু তেওঁ হিজাব নিপিন্ধা বাবে একাংশ ধৰ্মান্ধ লোকে তেওঁক ইণ্টাৰনেটত ট্ৰোলৰ লক্ষ্য কৰি লয়। ইয়াৰ প্ৰত্যুত্তৰত মেধাৱী ছাত্ৰীগৰাকীয়ে কয় যে, মই ইছলামীয় আদৰ্শক মানি চলোঁ আৰু ভাল মুছলমান বুলি প্ৰমাণ দিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই। নিন্দুকসকলক প্ৰত্যুত্তৰ দি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, আল্লাৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই ইছলামিক আদৰ্শ মানি চলোঁ। নিজকে ভাল মুছলমান বুলি প্ৰমাণ কৰিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই। ইণ্টাৰনেটত তেওঁক সমালোচনা কৰা লোকসকলক তেওঁ কেৰেপ নকৰে বুলিও সাহসেৰে মন্তব্য কৰে। তেওঁ কয়, মই তেওঁলোকক গুৰুত্ব দিব নিবিচাৰোঁ কিন্তু মোৰ মা-দেউতাই এনে কাৰ্যক লৈ উদ্বিগ্ন।   আৰুছাৰ সাহস আৰু স্পষ্টবাদিতাই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে যদিও তেওঁ সন্মুখীন হোৱা পৰিস্থিতিয়ে ভালেমান প্ৰশ্নচিহ্নৰো সৃষ্টি কৰিছে। কিহৰ বাবে এগৰাকী মেধাৱী ছাত্ৰীক ধৰ্মান্ধতাৰ আঁওতাৰ মাজলৈ জোৰকৈ টানি আনিব বিচৰা হয়?কিহৰ বাবে তেওঁৰ মুকলিকৈ জীৱন ধাৰণৰ স্বাধীনতাক হৰণ কৰিব বিচৰা হয়? ভাৰতৰ ধৰ্ম নিৰপেক্ষ, উদাৰ-সহনশীল মনোবৃত্তিক ই প্ৰতিনিধিত্ব কৰেনে? আনহাতে হিজাব পিন্ধি প্ৰতিবাদেৰে দেশত তোলপাৰ লগোৱা মুস্কান খান নে আৰুছাক সমাজে অধিক তুলি ধৰা উচিত?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ