--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে হাৰিয়ানাৰ ফৰিদাবাদত উপস্থিত হৈ ৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কয় যে আজি জম্মু-কাশ্মীৰৰ মৌলৱীৰ মুখৰ পৰা ৰাম-ৰাম ওলাই আহিছে। যিসকল লোকে আগতে ভাৰতক গালি পাৰিছিল, সেই দিনলৈ আৰু বেছি দিন নাই যেতিয়া তেওঁলোকক হৰে ৰাম, হৰে কৃষ্ণ জপ কৰি ৰাজপথত খোজ কাঢ়ি যোৱা দেখা যাব।


জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰচাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী যোগীয়ে কয় যে মই যেতিয়া জম্মুলৈ গৈছিলো তেতিয়া তাত বৰষুণ দি আছিল,সোমাই যাওঁতে এজন ব্যক্তিয়ে মোক ৰাম-ৰাম বুলি মাতিলে। কাৰণ সেই ঠাইত মোৰ কোনো চিনাকী নাই, মই তেওঁৰ ফালে নাচালোঁ। কিছু সময়ৰ পাছত তেওঁ আকৌ ক’লে, যোগী চাহাব ৰাম-ৰাম।’ মুখ্যমন্ত্ৰী যোগীয়ে ক’লে যে মই দেখি আচৰিত কাৰন তেওঁ এজন মৌলৱী।


মুখ্যমন্ত্ৰী যোগীয়ে কয় ‘মৌলৱীৰ মুখৰ পৰা ৰাম-ৰামৰ কথা শুনি মই আচৰিত। অনুচ্ছেদ ৩৭০ নং অনুচ্ছেদ বিলুপ্তিৰ প্ৰভাৱ এইটোৱেই । যিসকলে আগতে ভাৰতক গালি পাৰি ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাইছিল, আজি তেওঁলোকৰ মুখৰ পৰা ওলাই আহিছে ‘ৰাম-ৰাম’।’ 

ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী যোগীয়ে কয় যে মনত ৰাখিব যে যিদিনা বিজেপি আৰু শক্তিশালী হ’ব সেইদিনা তেওঁলোকক ভাৰতৰ ৰাজপথত হৰে ৰাম, হৰে কৃষ্ণ ধ্বনি দিয়া দেখা যাব। সেইবাবেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়োজন।

এই সময়ছোৱাত তেওঁ কংগ্ৰেছক তীব্ৰ লক্ষ্য কৰি কয় যে দেশৰ সকলো সমস্যা কংগ্ৰেছৰ বাবেই হৈছে। দেশক সন্ত্ৰাসবাদ, নক্সালবাদ, উগ্ৰবাদ বা দেশত দুৰ্নীতি, নেপোটিজিম, এই সকলোবোৰ কংগ্ৰেছৰ অৱদান। মুখ্যমন্ত্ৰী যোগীয়ে কয় যে দেশৰ প্ৰতিটো সমস্যাৰ কাৰণ কংগ্ৰেছ আৰু প্ৰতিটো সমস্যাৰ সমাধান বিজেপি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু