--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় মাতৃৰ অন্তৰ মমতাৰে ভৰা৷ কিন্তু এই কথা ভুল প্ৰমাণিত কৰিলে মধ্যপ্ৰদেশৰ এগৰাকী মাতৃয়ে৷ নিজ সন্তানকে ধনৰ লোভত বিক্ৰী কৰি দি সেই ধনেৰে টিভি ,ফ্ৰীজ আদি বিলাসী সামগ্ৰী ক্ৰয় কৰিলে এইগৰাকী মাতৃয়ে৷

এই হৃদয় বিদাৰক ঘটনাটো ঘটিছে মধ্যপ্ৰদেশৰ ইন্দোৰত৷ এগৰাকী মহিলাই তেওঁৰ দ্বিতীয় স্বামীৰ নিৰ্দেশত নিজৰে  নৱজাতক সন্তানক  বিক্ৰী কৰি দিয়ে। ঘটনাটো জনাজনি হোৱাৰ পিছতে আৰক্ষীয়ে হৃদয়হীনা মাতৃগৰাকীৰ লগতে শিশুটোৰ ক্ৰেতা আৰু এই কাৰ্যত জড়িত দালাল কেইজনক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, নৱজাতকটিৰ  মাক ছাইনা বিয়ে চহৰখনৰ গৌৰী নগৰৰ বাসিন্দা অন্তৰ সিং ওৰফে বিশালৰ সৈতে দ্বিতীয় বিবাহত  আৱদ্ধ হয়। ইয়াৰ পিছতে ধনৰ লোভতে ছাইনা বিয়ে তেওঁৰ নৱজাতক সন্তানক ৫.৫ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি দিয়ে৷ 

হীৰা নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ পেটেলে এই প্ৰসংগত কয় " অন্তৰ সিং ওৰফে বিশালৰ সৈতে বিয়াত বহাৰ সময়ত ছাইনা বি গৰ্ভৱতী আছিল। অন্তৰ সিঙে শিশুটোক গৰ্ভপাত কৰাব বিচাৰিছিল কিন্তু সেয়া কৰোৱাব নোৱাৰিলে। ইয়াৰ পিছত, সিঙে নৱজাতকটিক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল । শিশুটিক জন্মৰ ১৫  দিনৰ ভিতৰতে দেৱাচৰ বাসিন্দা লীনাক দালালৰ জৰিয়তে ৫.৫  লাখ টকাত বিক্ৰী কৰা হৈছিল।

এই  পিছত আৰক্ষীয়ে শিশুটিক বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল৷ আৰক্ষীয়ে শিশুটিৰ মাতৃ ছাইনা, শিশুটো ক্ৰয় কৰা ব্যক্তি লীনা আৰু আন চাৰিজন ক্ৰমে - নেহা সূৰ্যবংশী, পূজা বাৰ্মা, নেহা বাৰ্মা, নীলম বাৰ্মাক গ্ৰেপ্তাৰ কৰে৷

ছাইনাৰ দ্বিতীয় স্বামী অন্তৰ সিং বৰ্তমান পলাতক অৱস্থাত আছে৷ আচৰিত কথাটো এয়াই যে শিশুটি বিক্ৰী কৰি পোৱা ধনেৰে ছাইনা আৰু তেওঁৰ দ্বিতীয় স্বামী অন্তৰ সিঙে টিভি, ফ্ৰীজ, কুলাৰকে ধৰি বহু বিলাসী সামগ্ৰী ক্ৰয় কৰিছিল৷ 

স্থানীয় লোকে হৃদয়হীনা মাতৃ ছাইনাৰ লগতে আন অভিযুক্তসকলৰ দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰিছে৷ 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি