--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় মাতৃৰ অন্তৰ মমতাৰে ভৰা৷ কিন্তু এই কথা ভুল প্ৰমাণিত কৰিলে মধ্যপ্ৰদেশৰ এগৰাকী মাতৃয়ে৷ নিজ সন্তানকে ধনৰ লোভত বিক্ৰী কৰি দি সেই ধনেৰে টিভি ,ফ্ৰীজ আদি বিলাসী সামগ্ৰী ক্ৰয় কৰিলে এইগৰাকী মাতৃয়ে৷

এই হৃদয় বিদাৰক ঘটনাটো ঘটিছে মধ্যপ্ৰদেশৰ ইন্দোৰত৷ এগৰাকী মহিলাই তেওঁৰ দ্বিতীয় স্বামীৰ নিৰ্দেশত নিজৰে  নৱজাতক সন্তানক  বিক্ৰী কৰি দিয়ে। ঘটনাটো জনাজনি হোৱাৰ পিছতে আৰক্ষীয়ে হৃদয়হীনা মাতৃগৰাকীৰ লগতে শিশুটোৰ ক্ৰেতা আৰু এই কাৰ্যত জড়িত দালাল কেইজনক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, নৱজাতকটিৰ  মাক ছাইনা বিয়ে চহৰখনৰ গৌৰী নগৰৰ বাসিন্দা অন্তৰ সিং ওৰফে বিশালৰ সৈতে দ্বিতীয় বিবাহত  আৱদ্ধ হয়। ইয়াৰ পিছতে ধনৰ লোভতে ছাইনা বিয়ে তেওঁৰ নৱজাতক সন্তানক ৫.৫ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি দিয়ে৷ 

হীৰা নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ পেটেলে এই প্ৰসংগত কয় " অন্তৰ সিং ওৰফে বিশালৰ সৈতে বিয়াত বহাৰ সময়ত ছাইনা বি গৰ্ভৱতী আছিল। অন্তৰ সিঙে শিশুটোক গৰ্ভপাত কৰাব বিচাৰিছিল কিন্তু সেয়া কৰোৱাব নোৱাৰিলে। ইয়াৰ পিছত, সিঙে নৱজাতকটিক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল । শিশুটিক জন্মৰ ১৫  দিনৰ ভিতৰতে দেৱাচৰ বাসিন্দা লীনাক দালালৰ জৰিয়তে ৫.৫  লাখ টকাত বিক্ৰী কৰা হৈছিল।

এই  পিছত আৰক্ষীয়ে শিশুটিক বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল৷ আৰক্ষীয়ে শিশুটিৰ মাতৃ ছাইনা, শিশুটো ক্ৰয় কৰা ব্যক্তি লীনা আৰু আন চাৰিজন ক্ৰমে - নেহা সূৰ্যবংশী, পূজা বাৰ্মা, নেহা বাৰ্মা, নীলম বাৰ্মাক গ্ৰেপ্তাৰ কৰে৷

ছাইনাৰ দ্বিতীয় স্বামী অন্তৰ সিং বৰ্তমান পলাতক অৱস্থাত আছে৷ আচৰিত কথাটো এয়াই যে শিশুটি বিক্ৰী কৰি পোৱা ধনেৰে ছাইনা আৰু তেওঁৰ দ্বিতীয় স্বামী অন্তৰ সিঙে টিভি, ফ্ৰীজ, কুলাৰকে ধৰি বহু বিলাসী সামগ্ৰী ক্ৰয় কৰিছিল৷ 

স্থানীয় লোকে হৃদয়হীনা মাতৃ ছাইনাৰ লগতে আন অভিযুক্তসকলৰ দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰিছে৷ 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ