--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰত্যাশাৰ অন্তত মঙলবাৰে ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলত অভিলেখ গঢ়িলে অসমৰ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক ৰাষ্ট্ৰীয় মহলতো চৰ্চা আৰম্ভ হৈছে।

ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট। সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰি অভিলেখ গঢ়িলে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে।    
উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টি AIUDFৰ বদৰুদ্দিন আজমলৰ  দূৰ্গৰূপে পৰিচিত। তাৰপাছতো ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক শোচনীয়ভাৱে পৰাস্ত কৰাক লৈ  ৰাষ্ট্ৰীয় মহলতো বিশেষভাৱে চৰ্চা আৰম্ভ হৈছে।

ৰকিবুল হুছেইনৰ ধুবুৰীত এই বিজয়ে AIUDFৰ ভৱিষ্যতক সংকটৰ গৰাহলৈ ঠেলি দিছে। কাৰণ গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আদি সমষ্টিত AIUDFৰ বিধায়ক থকাৰ পাছতো  ৰকিবুল হুছেইনে ৭০% ওপৰত ভোট লাভৰ তথ্যই চিন্তিত কৰি তুলিছে AIUDF শিবিৰক। AIUDFৰ এই পতনে ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে।

ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত ভাৰতৰ ভিতৰতে প্ৰথম স্থানত থকাক লৈ বৰ্তমান চৌদিশে চৰ্চিত হৈছে। এই তালিকাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ ব্যৱধানেৰে দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে।

এই ফলাফলৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “আজিৰ দিনটোৰ নায়ক ৰকিবুল হুছেইন। গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনৰ কথা আলোচনা কৰক।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ