--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াক লৈ চৰ্চা আৰম্ভ। মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে গৌৰৱ গগৈক মুকলি ভাৱে শুভেচ্ছা জ্ঞাপন কৰিছিল খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। ইয়াৰ পাছতে তোলপাৰ লাগে ৰাজ্যৰ ৰাজনীতিত। বিধায়ক গৰাকীৰ এই কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

উল্লেখ্য যে শাসকীয় দলৰ ব্যাপক ৰণকৌশলৰ পাচতো যোৰহাট সমষ্টিত বিপুল ভোটত জয়ী হয় গৌৰৱ গগৈ। গৌৰৱ গগৈৰ এই জয়ক শাসকীয় দলে সহজভাৱে লোৱা নাই যদিও শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াক লৈ গৌৰৱ গগৈক প্ৰশংসা কৰাক লৈ বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মৃণাল শইকীয়াই ছ'চিয়েল মিডিয়াত লিখিছিল -"যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে-ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰা নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।"

সামাজিক মাধ্যমত বিধায়ক মৃণাল শইকীয়াৰ এই প্ৰতিক্ৰিয়াই বিজেপিত জোকাৰণিৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মৃণাল শইকীয়াই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱাৰ বিপৰীতে কংগ্ৰেছৰ বিজয়ী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বেছিদিন বিজেপিত নাথাকিব। নিজৰ সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছাকো তেওঁ অভিনন্দন জনাব লাগিছিল কিন্তু জনোৱা নাই। মোদী ডাঙৰীয়াকো অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাকো জনোৱা নাই তাৰপৰাই ধাৰণা হৈছে যে তেওঁ হয়তো আৰু বিজেপিত নাথাকিব।

আমাৰ দললৈ যেনেকৈ কংগ্রেছী আহিছে, বিজেপিৰো দুই এজন কংগ্রেছলৈ যাব। কোন ক'ত যাব সেয়া নিজা নিজা সিদ্ধান্ত।"

কংগ্ৰেছত ক্ষোভ থকা সকলে বিজেপিত যোগদান কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "আমাৰ বিৰুদ্ধে ক্ষোভ থকা দুই-এজনে কংগ্ৰেছত যোগদান কৰিব পাৰে।" অৱশ্যে মৃণাল শইকীয়াই ক্ষোভৰ কথা মুখ্যমন্ত্রী নাইবা ৰাজ্যিক সভাপতিক অৱগত কৰোৱা নাই বুলি কয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত মৃণাল শইকীয়াই কয় যে তেওঁ কেতিয়াও বিজেপি ত্যাগ নকৰে। তেওঁ ৯০ দশকৰ পৰাই বিজেপি কৰিছে। বিৰোধী পাৰ্টিৰ হলেও গৌৰৱ গগৈৰ লগত তেওঁৰ সম্পৰ্ক সুকীয়া বুলি ব্যক্ত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ