--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াক লৈ চৰ্চা আৰম্ভ। মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে গৌৰৱ গগৈক মুকলি ভাৱে শুভেচ্ছা জ্ঞাপন কৰিছিল খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। ইয়াৰ পাছতে তোলপাৰ লাগে ৰাজ্যৰ ৰাজনীতিত। বিধায়ক গৰাকীৰ এই কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

উল্লেখ্য যে শাসকীয় দলৰ ব্যাপক ৰণকৌশলৰ পাচতো যোৰহাট সমষ্টিত বিপুল ভোটত জয়ী হয় গৌৰৱ গগৈ। গৌৰৱ গগৈৰ এই জয়ক শাসকীয় দলে সহজভাৱে লোৱা নাই যদিও শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াক লৈ গৌৰৱ গগৈক প্ৰশংসা কৰাক লৈ বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মৃণাল শইকীয়াই ছ'চিয়েল মিডিয়াত লিখিছিল -"যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে-ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰা নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।"

সামাজিক মাধ্যমত বিধায়ক মৃণাল শইকীয়াৰ এই প্ৰতিক্ৰিয়াই বিজেপিত জোকাৰণিৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মৃণাল শইকীয়াই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱাৰ বিপৰীতে কংগ্ৰেছৰ বিজয়ী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বেছিদিন বিজেপিত নাথাকিব। নিজৰ সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছাকো তেওঁ অভিনন্দন জনাব লাগিছিল কিন্তু জনোৱা নাই। মোদী ডাঙৰীয়াকো অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাকো জনোৱা নাই তাৰপৰাই ধাৰণা হৈছে যে তেওঁ হয়তো আৰু বিজেপিত নাথাকিব।

আমাৰ দললৈ যেনেকৈ কংগ্রেছী আহিছে, বিজেপিৰো দুই এজন কংগ্রেছলৈ যাব। কোন ক'ত যাব সেয়া নিজা নিজা সিদ্ধান্ত।"

কংগ্ৰেছত ক্ষোভ থকা সকলে বিজেপিত যোগদান কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "আমাৰ বিৰুদ্ধে ক্ষোভ থকা দুই-এজনে কংগ্ৰেছত যোগদান কৰিব পাৰে।" অৱশ্যে মৃণাল শইকীয়াই ক্ষোভৰ কথা মুখ্যমন্ত্রী নাইবা ৰাজ্যিক সভাপতিক অৱগত কৰোৱা নাই বুলি কয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত মৃণাল শইকীয়াই কয় যে তেওঁ কেতিয়াও বিজেপি ত্যাগ নকৰে। তেওঁ ৯০ দশকৰ পৰাই বিজেপি কৰিছে। বিৰোধী পাৰ্টিৰ হলেও গৌৰৱ গগৈৰ লগত তেওঁৰ সম্পৰ্ক সুকীয়া বুলি ব্যক্ত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক