--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ ভূখণ্ডৰ ওপৰত চীনৰ আগ্ৰাসনৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। দীৰ্ঘদিনৰে পৰা ভাৰতৰ ভূখণ্ডত চীনা আগ্ৰাসনৰ বিষয়টোৱে চৰ্চা লাভ কৰি আহিছিল। জিন পিঙৰ দেশখনে ভাৰতৰ ভূখণ্ডৰ ওপৰত নিজৰ অবৈধ দখল অব্যাহত ৰাখিছে। যাৰ ফলত গালৱান উপত্যকাকে ধৰি সীমান্ত অঞ্চলত সৃষ্টি হৈছে ৰক্তক্ষয়ী সংঘাতৰো। কিন্তু চীনৰ এই আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিয়াত ভাৰত ব্যৰ্থ হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে। যাৰ ফলত চীনে নিজৰ দুষ্কাৰ্য অব্যাহত ৰাখিবলৈ সাহস কৰিছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বহিঃৰাষ্ট্ৰৰ আগ্ৰাসনৰ বিষয়টোক লৈ বিভিন্ন সময়ত চৰকাৰৰ জবাবদিহি কৰি আহিছে যদিও নতুন দিল্লীৰ দৃঢ় স্থিতি এইক্ষেত্ৰত পৰিলক্ষিত হোৱা নাই বুলিয়ে অভিযোগ উঠিছে। কিন্তু অতি স্পৰ্শকাতৰ বিষয়টো ঢাকি ৰখাটো যিহেতু সম্ভৱপৰ হৈ থকা নাই সেয়েহে এইবাৰ এই সম্পৰ্কত আনুষ্ঠানিক তথ্য দিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰ। সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি চীনে লাডাখত ভাৰতৰ প্ৰায় ৩৮হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা অধিগ্ৰহণ কৰি আছে। বৃহস্পতিবাৰে ৰাজ্যসভাত এই তথ্য দিয়ে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ৰাজ্যসভাত চীনৰ দুষ্কাৰ্যৰ তথ্য দাঙি ধৰি তেওঁ কয়, ‘কেন্দ্ৰশাসিত প্ৰদেশ লাডাখৰ প্ৰায় ৩৮হাজাৰ বৰ্গ কিলোমিটাৰ অবৈধভাৱে দখল কৰি ৰাখিছে চীনে। কেৱল এয়াই নহয় ১৯৬৩চনৰ তথাকথিত চীন-পাকিস্তান সীমান্ত চুক্তিৰ নামত পাকিস্তানে পাক অধিকৃত কাশ্মীৰৰ ৫,১৮০ বৰ্গ কিলোমিটাৰ ভূখণ্ড অবৈধভাৱে চীনলৈ হস্তান্তৰ কৰিছে।’ প্ৰতিৰক্ষামন্ত্ৰী সিঙে লগতে কয়, ‘চীনে ইয়াৰ লগতে অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ প্ৰায় ৯০হাজাৰ বৰ্গ কিলোমিটাৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰি আহিছে।’ ৰাজ্যসভাত ভাৰতীয় ভূখণ্ডত চীনৰ আগ্ৰাসন আৰু দেশখনে অনৈতিকভাৱে সীমান্তৰ ‘ষ্টেটাছ কিউ’ সলনি কৰিব বিচৰা প্ৰসংগৰ আঁত ধৰি এই মন্তব্য কৰে সিঙে। তেওঁ দুদিনৰ পূ্ৰ্বে লোকসভাতো এই সন্দৰ্ভত মন্তব্য কৰিছিল আৰু চীনৰ এই কাৰ্য একেবাৰে গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিছিল। ভাৰতৰ বৃহৎ পৰিমাণৰ ভূমি চীনৰ দখলত থকাৰ কথা চৰকাৰে স্বীকাৰ কৰি লৈছে যদিও এই সমস্যাৰ সমাধানৰ কোনো পদক্ষেপ এতিয়ালৈ দিল্লীয়ে গ্ৰহণ কৰা দেখিবলৈ পোৱা হোৱা নাই। চীনে এতিয়াও সীমান্তৰ ভূমিত নিজৰ দখল শক্তিশালী কৰি তোৱাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু সীমান্তৰ বহু ভিতৰলৈ সোমাই আহি ভাৰতত সন্ত্ৰাস চলাই আহিছে। ভাৰতৰ নিৰ্লিপ্ততা তথা দুৰ্বলতাৰ সুযোগ দেশখনে গ্ৰহণ কৰা বুলিও বিৰোধীয়ে বিভিন্ন সময়ত অভিযোগ কৰি আহিছে। সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক প্ৰশ্ন কৰিছিল যে চীনে দখল কৰি ৰখা ভাৰতৰ ভূমি কেতিয়া চৰকাৰে ঘূৰাই আনিব? এনে অতি প্ৰাসংগিক আৰু প্ৰয়োজনীয় প্ৰশ্ন সন্দৰ্ভত কোনো উত্তৰ এতিয়ালৈ দিব পৰা নাই চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ