--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ ভূখণ্ডৰ ওপৰত চীনৰ আগ্ৰাসনৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। দীৰ্ঘদিনৰে পৰা ভাৰতৰ ভূখণ্ডত চীনা আগ্ৰাসনৰ বিষয়টোৱে চৰ্চা লাভ কৰি আহিছিল। জিন পিঙৰ দেশখনে ভাৰতৰ ভূখণ্ডৰ ওপৰত নিজৰ অবৈধ দখল অব্যাহত ৰাখিছে। যাৰ ফলত গালৱান উপত্যকাকে ধৰি সীমান্ত অঞ্চলত সৃষ্টি হৈছে ৰক্তক্ষয়ী সংঘাতৰো। কিন্তু চীনৰ এই আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিয়াত ভাৰত ব্যৰ্থ হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে। যাৰ ফলত চীনে নিজৰ দুষ্কাৰ্য অব্যাহত ৰাখিবলৈ সাহস কৰিছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বহিঃৰাষ্ট্ৰৰ আগ্ৰাসনৰ বিষয়টোক লৈ বিভিন্ন সময়ত চৰকাৰৰ জবাবদিহি কৰি আহিছে যদিও নতুন দিল্লীৰ দৃঢ় স্থিতি এইক্ষেত্ৰত পৰিলক্ষিত হোৱা নাই বুলিয়ে অভিযোগ উঠিছে। কিন্তু অতি স্পৰ্শকাতৰ বিষয়টো ঢাকি ৰখাটো যিহেতু সম্ভৱপৰ হৈ থকা নাই সেয়েহে এইবাৰ এই সম্পৰ্কত আনুষ্ঠানিক তথ্য দিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰ। সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি চীনে লাডাখত ভাৰতৰ প্ৰায় ৩৮হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা অধিগ্ৰহণ কৰি আছে। বৃহস্পতিবাৰে ৰাজ্যসভাত এই তথ্য দিয়ে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ৰাজ্যসভাত চীনৰ দুষ্কাৰ্যৰ তথ্য দাঙি ধৰি তেওঁ কয়, ‘কেন্দ্ৰশাসিত প্ৰদেশ লাডাখৰ প্ৰায় ৩৮হাজাৰ বৰ্গ কিলোমিটাৰ অবৈধভাৱে দখল কৰি ৰাখিছে চীনে। কেৱল এয়াই নহয় ১৯৬৩চনৰ তথাকথিত চীন-পাকিস্তান সীমান্ত চুক্তিৰ নামত পাকিস্তানে পাক অধিকৃত কাশ্মীৰৰ ৫,১৮০ বৰ্গ কিলোমিটাৰ ভূখণ্ড অবৈধভাৱে চীনলৈ হস্তান্তৰ কৰিছে।’ প্ৰতিৰক্ষামন্ত্ৰী সিঙে লগতে কয়, ‘চীনে ইয়াৰ লগতে অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ প্ৰায় ৯০হাজাৰ বৰ্গ কিলোমিটাৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰি আহিছে।’ ৰাজ্যসভাত ভাৰতীয় ভূখণ্ডত চীনৰ আগ্ৰাসন আৰু দেশখনে অনৈতিকভাৱে সীমান্তৰ ‘ষ্টেটাছ কিউ’ সলনি কৰিব বিচৰা প্ৰসংগৰ আঁত ধৰি এই মন্তব্য কৰে সিঙে। তেওঁ দুদিনৰ পূ্ৰ্বে লোকসভাতো এই সন্দৰ্ভত মন্তব্য কৰিছিল আৰু চীনৰ এই কাৰ্য একেবাৰে গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিছিল। ভাৰতৰ বৃহৎ পৰিমাণৰ ভূমি চীনৰ দখলত থকাৰ কথা চৰকাৰে স্বীকাৰ কৰি লৈছে যদিও এই সমস্যাৰ সমাধানৰ কোনো পদক্ষেপ এতিয়ালৈ দিল্লীয়ে গ্ৰহণ কৰা দেখিবলৈ পোৱা হোৱা নাই। চীনে এতিয়াও সীমান্তৰ ভূমিত নিজৰ দখল শক্তিশালী কৰি তোৱাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু সীমান্তৰ বহু ভিতৰলৈ সোমাই আহি ভাৰতত সন্ত্ৰাস চলাই আহিছে। ভাৰতৰ নিৰ্লিপ্ততা তথা দুৰ্বলতাৰ সুযোগ দেশখনে গ্ৰহণ কৰা বুলিও বিৰোধীয়ে বিভিন্ন সময়ত অভিযোগ কৰি আহিছে। সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক প্ৰশ্ন কৰিছিল যে চীনে দখল কৰি ৰখা ভাৰতৰ ভূমি কেতিয়া চৰকাৰে ঘূৰাই আনিব? এনে অতি প্ৰাসংগিক আৰু প্ৰয়োজনীয় প্ৰশ্ন সন্দৰ্ভত কোনো উত্তৰ এতিয়ালৈ দিব পৰা নাই চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক