--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী কণমানি পিতৃক লৈ চিন্তিত হোৱা এটি ভিডিঅ’ই হৃদয় গলাইছে সহস্ৰাধিকৰ৷ কণমানিজনীৰ পিতৃয়ে কাম ৰ বাবে আহাৰ গ্ৰহণ নকৰাকৈ গুছি যোৱাৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ক্লিপটোত কণমানিজনীয়ে কোৱা শুনা গৈছিল যে, ‘মুঝে হ্যে না পাপা কি য়াদ আতি হ্যে। ব্য না জব দুকান পে জাতে হ্যে শাম তক খানা নেহী খাতা হ্যে। ভুখকে কে ভুখকে কাম কৰতে হ্যে। কুছ ভি নেহী খাতে পিতে। কুছ ভি নেহী খাতে। চিৰ্ফ কাম কাম। (মই পাপাক মনত পেলাইছো। তেওঁ কামত থাকোঁতে খাদ্য নাখায়। তেওঁ খালী পেটেৰে কাম কৰে। তেওঁ একো নাখায়।)' কণমানিজনীয়ে ভিডিঅ’টোত কৈছিল যে, 'মই পাপাক লৈ চিন্তিত। তেওঁ নিশা নোখোৱাকৈ গুচি যায়। যদি মই তেওঁৰ বিষয়ে চিন্তা নকৰো, কোনে কৰিব? প্ৰতিটো শিশুৱে দেউতাকৰ বিষয়ে চিন্তা কৰে।’ ভিডিঅ’টোত কণমানিজনীৰ মাতৃয়ে বুজাবলৈ চেষ্টা কৰিছিল যে, ‘তেওঁৰ দেউতাকে ঘৰলৈ উভতি অহাৰ পাছত খাব কিয়নো এজন গ্ৰাহকক লগ পোৱাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল।’ কণমানিজনীয়ে মাকৰ উত্তৰত তেতিয়া কয় যে, ‘তেতিয়া হ’লে মা, তেওঁ খোৱাৰ পাছত গুচি যাব পাৰে। মানুহেটো ভাত খাবই লাগিব৷ সেয়েহে মোৰ দেউতাইও খাব লাগে। তেওঁ খালী পেট লৈ যাব নালাগে।’ ভিডিঅ'টোত দেখা গৈছে যে, মাতৃয়ে বাৰম্বাৰ কণমানিজনীক বুজাবলৈ চেষ্টা কৰিছিল৷ কিন্তু প্ৰত্যুত্তৰত ক’বলৈ ধৰিলে যে, ‘মোৰ তেওঁৰ বিষয়ে বহুত চিন্তা হয়। মই কি কৰিম ?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি