--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত পুনৰ গ্ৰেপ্তাৰ হৈছে সাংবাদিক। সামৰিক বাহিনীৰ কঠোৰতাত নজৰবন্দী কেন্দ্ৰশাসিত প্ৰদেশখনত জনগণে স্বাভাৱিক ছন্দলৈ ঘূৰি আহিবলৈ এতিয়াও বাকী আছে। তাৰ মাজতে সংবাদ মাধ্যমৰ স্বাধীনতাতো অবাধ হস্তক্ষেপ সাধাৰণ কথাত পৰিণত হৈছে সদা অশান্ত জম্মু-কাশ্মীৰত। সাংবাদিক-সম্পাদক গ্ৰেপ্তাৰৰ পৰা সংবাদ মাধ্যমৰ কাৰ্যালয় বন্ধ কৰি দিয়ালৈ নানা অবাঞ্চিত ঘটনাই জম্মু-কাশ্মীৰক চৰ্চাৰ কেন্দ্ৰ কৰি ৰাখিছে। অলপতে জম্মু-কাশ্মীৰৰ প্ৰেছ ক্লাবৰ ওপৰতো চৰকাৰৰ দমন নীতি চলাৰ খবৰে শিৰোনাম দখল কৰিছিল। এনেবোৰ বিক্ষিপ্ত ঘটনাৰ মাজতে এতিয়া পুনৰ জম্মু-কাশ্মীৰৰ সাংবাদিক চৰকাৰৰ ৰোষত পৰিছে। এইবাৰ গ্ৰেপ্তাৰ হৈছে ফাহাদ শ্বাহ নামৰ সাংবাদিকগৰাকী। শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় সাংবাদিক ফাহাদ শ্বাহক। ছ’চিয়েল মিডিয়াত দেশবিৰোধী বিষয়ৰ পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় সাংবাদিকগৰাকীক। আৰক্ষীয়ে অভিযোগ কৰা অনুসৰি ফাহাদ শ্বাহে অপৰাধমূলৰ মনোবৃত্তিৰে এই পোষ্ট দিছিল। যাৰ জৰিয়তে আইন-শৃংখলা পৰিস্থিতি ব্যাহত কৰি তোলাৰ লক্ষ্য লৈছিল। জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টে সন্ত্ৰাসবাদী কাৰ্যকলাপক গৰিমামণ্ডিত কৰিছিল, যাৰ ফলত আইন বলৱৎকাৰী সংস্থাসমূহৰ ভাবমূৰ্তি বিনষ্ট হৈছিল। দেশৰ বিৰুদ্ধে ‘অশুভ মনোবৃত্তি আৰু অসন্তুষ্টি’ তেওঁৰ পোষ্টৰ জৰিয়তে প্ৰকট হোৱা বুলিও প্ৰকাশ কৰে আৰক্ষীয়ে। জম্মু-কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘ফাহাদ শ্বাহ নামৰ অভিযুক্তজনক তেওঁৰ বিৰুদ্ধে ৰুজু হোনা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে। সন্ত্ৰাসবাদক গৰিমামণ্ডিত কৰা, ভুৱা বাতৰি প্ৰচাৰ কৰা আৰু বিগত প্ৰায় তিনি-চাৰি বছৰ ধৰি মানুহক উচতনি দিয়াৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী প্ৰক্ৰিয়া চলিব।’ ‘দ্য কাশ্মীৰ ৱালা’ নামৰ নিউজ প’ৰ্টেলটোৰ মুখ্য সম্পাদক আছিল ফাহাদ শ্বাহ। ইফালে, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটীয়ে ফাহাদ শ্বাহক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘সত্যৰ পক্ষত ঠিয় দিয়াটোক এতিয়া দেশদ্ৰোহী বুলি চিহ্নিত কৰা হয়। এখন অতি অসহিষ্ণু আৰু একনায়কত্ববাদী চৰকাৰক আইনা দেখুওৱাটোও দেশদ্ৰোহ। ফাহাদৰ সাংবাদিকতাই জম্মু-কাশ্মীৰৰ বাস্তৱিকতাক যিদৰে তুলি ধৰিছিল সি ভাৰত চৰকাৰক অপ্ৰস্তুত কৰি তুলিছিল।’ তেওঁ লগতে প্ৰশ্ন কৰে যে, আৰু কিমান ফাহাদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব? সংবাদ প্ৰতিষ্ঠান পিটিআইত প্ৰকাশ পোৱা অনুসৰি ইয়াৰ পূ্ৰ্বেও নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদীৰ পৰিয়াল সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা বাবে তেওঁক জেৰা কৰিছিল আৰক্ষীয়ে। পুলৱামাৰ নাইৰা নামৰ ঠাইখনত নিৰাপত্তা বাহিনীৰ গুলীত নিহত লোককেইজনক নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদী বুলি চিহ্নিত কৰিছিল যদিও পৰিয়ালৰ লোকৰ মতে তেওঁলোক আছিল নিৰপৰাধ। এনে ভালেমান প্ৰতিষ্ঠানবিৰোধী বা-বাতৰিৰ বাবেই ফাহাদ শ্বাহ আৰক্ষীৰ জালত পৰা বুলি এতিয়া চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র