--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১৫ আগষ্টত দেশে পালন কৰিব স্বাধীনতাৰ ৭৫ টা বছৰৰ বৰ্ষপূৰ্তি। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ বৰ্ষপূৰ্তিৰ বাবে মহা আড়ম্বৰেৰে আয়োজন কৰিছে ‘আজাদী কা অমৃত মহোৎসৱ’ শেহতীয়াকৈ এটা বিৰাট দেশপ্ৰেমমূলক পদক্ষেপ গ্ৰহণ কৰিছে। আজাদী কা অমৃত মহোৎসৱৰ সমসাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিবলৈ আন এক পদক্ষেপো গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপ অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তৰে প্ৰতিঘৰ মানুহকে জাতীয় পতাকা বিলোৱাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপৰ নাম দিয়া হৈছে ‘হৰ ঘৰ ত্ৰিৰংগা’। দেশবাসীক দেশপ্ৰেমৰ এক এক নজিৰ সৃষ্টিৰে প্ৰতি ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে এই ‘হৰ ঘৰ ত্ৰিৰংগা’ পদক্ষেপক সফল কৰি তুলিবলৈ সকলোৰে অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

পিছে বিজেপিৰ এই দেশপ্ৰেমৰ অফুৰন্ত ঢৌৰ সমসাময়িকভাৱে হাৰিয়ানাত জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ এক নতুন কৌশল অৱলম্বনৰ ঘটনা পোহৰলৈ আহিছে। এই কৌশল অনুসৰি এতিয়া সাধাৰণ জনতাই ২০ টকা মূল্যৰে জাতীয় পতাকা ক্ৰয় কৰি নিজৰ দেশপ্ৰেমৰ প্ৰমাণ দিব লাগিব আৰু পতাকা ক্ৰয় নকৰা পৰ্যন্ত জনতা বঞ্চিত হ’ব মাহটোৰ ৰেচনৰ পৰা। 

হাৰিয়ানাৰ কৰ্ণাল জিলাৰ হিমদা গাঁৱত দেশপ্ৰেম সৃষ্টিৰ এই নব্য কৌশল অৱলম্বন কৰিছে স্থানীয় ৰেচন বিতৰকে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰেচন বিতৰকগৰাকীয়ে হিতাধিকাৰীসকলক প্ৰথমে ভাৰতীয় পতাকা ক্ৰয়ত ২০ টকা ব্যয় নকৰালৈকে মাহৰ বাবে তেওঁলোকৰ প্ৰাপ্য ৰেচন দিবলৈ অস্বীকাৰ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি জিলাখনৰ আন আন প্ৰান্ততো একে ধৰণৰ কৌশল অৱলম্বনৰ প্ৰমাণ পোৱা গৈছে। 

ইফালে ৰেচন ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে তেওঁলোকক চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা ক্ৰয় নকৰা পৰ্যন্ত মাহৰ ৰেচন বিতৰণ নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা উলংঘন কৰি তেওঁলোকে ৰেচন বিতৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে। তেওঁলোকে লগতে জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰতিখন পতাকাৰ বাবে তেওঁলোকে নিজাকৈ ২০ টকা পৰিশোধ কৰিছে আৰু সেয়েহে সেই টকা ঘূৰাই নোপোৱাকৈ তেওঁলোকে হিতাধিকাৰীসকলক ৰেচন প্ৰদান কৰিব নোৱাৰে।

আনহাতে প্ৰশাসনৰ এই নীতিৰ বিৰুদ্ধে ৰেচন কাৰ্ড ধাৰকসকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে। এগৰাকী হিতাধিকাৰীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে মত পোষণ কৰি কয় যে ভয়াৱহ হাৰত বৃদ্ধি পাই অহা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰি পেলাইছে। কিন্তু সেই অনুপাতে এই সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ তেওঁলোকে লাভ কৰা নাই মজুৰি। 

লগতে দৈনন্দিন আহাৰৰ যোগাৰ কৰিবলৈও প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিব পৰাকৈ তেওঁলোকৰ হাতত কোনো কাম নাই বুলি তেওঁ উল্লেখ কৰে। এনে পৰিস্থিতিত বিশ টকীয়া পতাকাতকৈ মাহিলী ৰেচন তেওঁলোকৰ বাবে অধিক প্ৰয়োজনীয় বুলি মন্তব্য কৰে ব্যক্তিগৰাকীয়ে। সেয়েহে  পতাকা এখনত অতিৰিক্ত ২০ টকা ব্যয় কৰিবলৈ তেওঁলোক অপাৰগ বুলিও তেওঁ যুক্তি দিয়ে।

এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। বিজেপি শাসিত ৰাজ্যখনত সংঘটিত হোৱা এই আজৱ কাণ্ডৰ ভিডিঅ’টো শ্বেয়াৰ কৰি ক্ষোভ উজাৰিছে খোদ বিজেপিৰে সাংসদ বৰুণ গান্ধীয়ে। ৰেচন কাৰ্ড ধাৰকসকলক এই নিয়ম জোৰকৈ জাপি দিয়াৰ বিৰোধ কৰি গান্ধীয়ে এনে নীতিৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰে।

আনহাতে ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী যুৱতীয়ে কয় যে হৰ ঘৰ ত্ৰিৰংগাতকৈ এই মুহূৰ্তত ‘হৰ ঘৰ নৌকৰী’ৰহে অধিক প্ৰয়োজন। যদি এনে হয় কোনো এঘৰ লোকৰ ঘৰতে নিবনুৱা নাথাকিব আৰু অসুবিধা নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব পাৰিব বুলি তেওঁ যুক্তি দিয়ে। এই মুহূৰ্তত মানুহে আনকি ৰেচনৰ বাবে অৰ্থ খৰচ কৰাৰ বিষয়েও চিন্তিত হৈ পৰিছে বুলি তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ