--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১৫ আগষ্টত দেশে পালন কৰিব স্বাধীনতাৰ ৭৫ টা বছৰৰ বৰ্ষপূৰ্তি। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ বৰ্ষপূৰ্তিৰ বাবে মহা আড়ম্বৰেৰে আয়োজন কৰিছে ‘আজাদী কা অমৃত মহোৎসৱ’ শেহতীয়াকৈ এটা বিৰাট দেশপ্ৰেমমূলক পদক্ষেপ গ্ৰহণ কৰিছে। আজাদী কা অমৃত মহোৎসৱৰ সমসাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিবলৈ আন এক পদক্ষেপো গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপ অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তৰে প্ৰতিঘৰ মানুহকে জাতীয় পতাকা বিলোৱাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপৰ নাম দিয়া হৈছে ‘হৰ ঘৰ ত্ৰিৰংগা’। দেশবাসীক দেশপ্ৰেমৰ এক এক নজিৰ সৃষ্টিৰে প্ৰতি ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে এই ‘হৰ ঘৰ ত্ৰিৰংগা’ পদক্ষেপক সফল কৰি তুলিবলৈ সকলোৰে অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

পিছে বিজেপিৰ এই দেশপ্ৰেমৰ অফুৰন্ত ঢৌৰ সমসাময়িকভাৱে হাৰিয়ানাত জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ এক নতুন কৌশল অৱলম্বনৰ ঘটনা পোহৰলৈ আহিছে। এই কৌশল অনুসৰি এতিয়া সাধাৰণ জনতাই ২০ টকা মূল্যৰে জাতীয় পতাকা ক্ৰয় কৰি নিজৰ দেশপ্ৰেমৰ প্ৰমাণ দিব লাগিব আৰু পতাকা ক্ৰয় নকৰা পৰ্যন্ত জনতা বঞ্চিত হ’ব মাহটোৰ ৰেচনৰ পৰা। 

হাৰিয়ানাৰ কৰ্ণাল জিলাৰ হিমদা গাঁৱত দেশপ্ৰেম সৃষ্টিৰ এই নব্য কৌশল অৱলম্বন কৰিছে স্থানীয় ৰেচন বিতৰকে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰেচন বিতৰকগৰাকীয়ে হিতাধিকাৰীসকলক প্ৰথমে ভাৰতীয় পতাকা ক্ৰয়ত ২০ টকা ব্যয় নকৰালৈকে মাহৰ বাবে তেওঁলোকৰ প্ৰাপ্য ৰেচন দিবলৈ অস্বীকাৰ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি জিলাখনৰ আন আন প্ৰান্ততো একে ধৰণৰ কৌশল অৱলম্বনৰ প্ৰমাণ পোৱা গৈছে। 

ইফালে ৰেচন ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে তেওঁলোকক চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা ক্ৰয় নকৰা পৰ্যন্ত মাহৰ ৰেচন বিতৰণ নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা উলংঘন কৰি তেওঁলোকে ৰেচন বিতৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে। তেওঁলোকে লগতে জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰতিখন পতাকাৰ বাবে তেওঁলোকে নিজাকৈ ২০ টকা পৰিশোধ কৰিছে আৰু সেয়েহে সেই টকা ঘূৰাই নোপোৱাকৈ তেওঁলোকে হিতাধিকাৰীসকলক ৰেচন প্ৰদান কৰিব নোৱাৰে।

আনহাতে প্ৰশাসনৰ এই নীতিৰ বিৰুদ্ধে ৰেচন কাৰ্ড ধাৰকসকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে। এগৰাকী হিতাধিকাৰীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে মত পোষণ কৰি কয় যে ভয়াৱহ হাৰত বৃদ্ধি পাই অহা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰি পেলাইছে। কিন্তু সেই অনুপাতে এই সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ তেওঁলোকে লাভ কৰা নাই মজুৰি। 

লগতে দৈনন্দিন আহাৰৰ যোগাৰ কৰিবলৈও প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিব পৰাকৈ তেওঁলোকৰ হাতত কোনো কাম নাই বুলি তেওঁ উল্লেখ কৰে। এনে পৰিস্থিতিত বিশ টকীয়া পতাকাতকৈ মাহিলী ৰেচন তেওঁলোকৰ বাবে অধিক প্ৰয়োজনীয় বুলি মন্তব্য কৰে ব্যক্তিগৰাকীয়ে। সেয়েহে  পতাকা এখনত অতিৰিক্ত ২০ টকা ব্যয় কৰিবলৈ তেওঁলোক অপাৰগ বুলিও তেওঁ যুক্তি দিয়ে।

এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। বিজেপি শাসিত ৰাজ্যখনত সংঘটিত হোৱা এই আজৱ কাণ্ডৰ ভিডিঅ’টো শ্বেয়াৰ কৰি ক্ষোভ উজাৰিছে খোদ বিজেপিৰে সাংসদ বৰুণ গান্ধীয়ে। ৰেচন কাৰ্ড ধাৰকসকলক এই নিয়ম জোৰকৈ জাপি দিয়াৰ বিৰোধ কৰি গান্ধীয়ে এনে নীতিৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰে।

আনহাতে ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী যুৱতীয়ে কয় যে হৰ ঘৰ ত্ৰিৰংগাতকৈ এই মুহূৰ্তত ‘হৰ ঘৰ নৌকৰী’ৰহে অধিক প্ৰয়োজন। যদি এনে হয় কোনো এঘৰ লোকৰ ঘৰতে নিবনুৱা নাথাকিব আৰু অসুবিধা নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব পাৰিব বুলি তেওঁ যুক্তি দিয়ে। এই মুহূৰ্তত মানুহে আনকি ৰেচনৰ বাবে অৰ্থ খৰচ কৰাৰ বিষয়েও চিন্তিত হৈ পৰিছে বুলি তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা