--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সমাজত যৌনতাক এতিয়াও এক নিষিদ্ধ অপৰাধৰ দৰে জ্ঞান কৰা হয়। সংৰক্ষণশীল ভাৱধাৰাৰে পৰিচালিত দেশৰ সমাজ ব্যৱস্থাই যৌনতাক এক ব্যক্তি স্বতন্ত্ৰতা হিচাপে মানি ল’বলৈ অস্বীকাৰ কৰি আহিছে। দেশৰ আইন ব্যৱস্থাই প্ৰাপ্ত:বয়স্ক ব্যক্তিৰ মাজত হোৱা ইচ্ছাকৃত যৌন সম্ভোগক বৈধতা প্ৰদান কৰিলেও, ইয়াক গ্ৰহণ কৰিবলৈ অনিচ্ছুক সংৰক্ষণশীল মনোভাৱাপন্ন লোকসকল। সংস্কাৰৰ ৰহন সানি তেওঁলোকে সদায়ে যৌনতাক এক অপৰাধৰ শাৰীত থিয় কৰাইছে আৰু যৌন কৰ্মত লিপ্ত ব্যক্তিৰ কুৎসা ৰচনাত নামি পৰে। এই আদিম চিন্তাধাৰাৰ পৰা মুক্ত নহয় শিক্ষিত, ডিগ্ৰীধাৰী তথা চেলিব্ৰিটি শাৰীৰ লোকো।

এনে ৰক্ষণশীল চেলিব্ৰিটিৰ উদাহৰণ নিজেই দাঙি ধৰি এইবাৰ চৰ্চালৈ আহিছে ‘শক্তিমান’। বিংশ শতিকাৰ শেষৰ ফালৰ পৰা দেশত দুৰদৰ্শনত সম্প্ৰচাৰিত হোৱা শক্তিমান নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰি বহুল জনপ্ৰিয় হৈ পৰা মুকেশ খান্নাই নিজৰ সংৰক্ষণশীল চিন্তাধাৰাৰ প্ৰমাণ দি লগতে মহিলাৰ প্ৰতি এক চৰম নিন্দনীয় মন্তব্যৰে সম্প্ৰতি চৰ্চালৈ আহিছে। ‘শক্তিমান’ৰ ৰূপত নৈতিক জ্ঞান দিয়া মুকেশ খান্না এইবাৰ নামি পৰিছে সংস্কাৰৰ জ্ঞান বিলোৱা ক্ষেত্ৰখনত। 

চুপাৰহিৰো চৰিত্ৰ শক্তিমান আৰু মহাভাৰতত ভীষ্মৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৰাকীয়ে ছ’চিয়েল নেটৱৰ্ক ইউটিউবত ‘ভীষ্ম ইণ্টাৰনেচনেল’ নামৰ এক ইউটিউব চেনেল চলায়। নিজৰ এই ইউটিউব চেনেলত প্ৰচাৰ কৰা এক ভিডিঅ’ যোগে খান্নাই এক বিতৰ্কিত মন্তব্য কৰিছে।  

ভিডিঅ’টোত খান্নাই দৰ্শকসকলক উদ্দেশ্যি প্ৰশ্ন কৰে, “আপোনালোককো কোনো যুৱতীয়ে প্ৰলোভিত কৰে নেকি?” “যদি কোনো যুৱতীয়ে কোনো পুৰুষক উদ্দেশ্যি 'মই তোমাৰ সৈতে যৌন সম্ভোগ কৰিব বিচাৰো' বুলি কয়, তেওঁ যুৱতী নহয়, ধাণ্ডাবাজী যৌন কৰ্মীহে।” সভ্য সমাজৰ এগৰাকী শালীন যুৱতীয়ে কেতিয়াও এনে কথা নকয় বুলি খান্নাই যুক্তি দিয়ে।

খান্নাৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে তীব্ৰ  নিন্দা কৰিছে শক্তিমান খ্যাত মুকেশ খান্নাক। অভিনেতাজনৰ এই মন্তব্যৰ বাবে তেওঁক "চেক্সিষ্ট" বুলি অভিহিত কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰী একাংশই। খান্নাক সমালোচনা কৰি এজন ব্যক্তিয়ে শক্তিমানৰ প্ৰসঙ্গ টানি কয় যে যেতিয়া শক্তি আৰু মান (সন্মান) দুয়োটাই এৰি যায়, তেতিয়াই ব্যক্তি এজনে এনে মন্তব্য কৰে। 

আন এগৰাকী লোকে খান্নাৰ মন্তব্যৰ বিৰোধিতা কৰি কয়, "এয়া আশ্চৰ্যজনক যুক্তি। মোৰ ধাৰণা মতে কোনো ছোৱালীয়ে তেওঁক আজিলৈকে এইকথা কোৱা নাছিল। গতিকে এই দুখতে তেওঁ জীৱনত এনে এক ভ্ৰান্তিত থকাটো তেওঁৰ বাবে অতি উত্তম।" আন এগৰাকী লোকে “আনকি নিৰক্ষৰ মানুহেও খান্নাৰ এই যুক্তিক হাঁহিব” বুলি অভিনেতা গৰাকীক বিদ্ৰুপ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ