--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে এটা এছবিআই এটিএমৰ চকীদাৰৰ সহায়ত অবৈধভাৱে সুৰা বিক্ৰী কৰা হৈছে। এটিএমত তালাচী চলোৱাৰ লগে লগে তাত ৰখা বিদেশী সুৰাৰ ৯টা বটল জব্দ কৰা হয়। ধৃত ব্যৱসায়ীজন হৈছে কথৈয়া প্ৰমোদ কুমাৰ আৰু এটিএমৰ চকীদাৰ অৰবিন্দ কুমাৰ।

বিহাৰৰ মুজাফৰপুৰৰ পৰা পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ গোচৰ। য’ত এটিএমৰ পৰা বিক্ৰী হৈ আছিল সুৰা। মুজাফৰপুৰ সদৰ থানাৰ আৰক্ষীয়ে এটিএমৰ ভিতৰৰ পৰা সুৰা উদ্ধাৰ কৰাৰ সময়তে এই কথা পোহৰলৈ আহে। ইয়াৰ লগতে চকীদাৰ আৰু এজন সুৰা ব্যৱসায়ীক আটক কৰা হয়। সোধা-পোছাৰ অন্তত সোমবাৰে আৰক্ষীয়ে দুয়োজনকে আদালতত হাজিৰ কৰে। তাৰ পৰা আদালতৰ নিৰ্দেশত দুয়োকে জেললৈ প্ৰেৰণ কৰা হয়। এছবিআইৰ এটিএমৰ পৰা বিক্ৰী হৈ থকা সুৰাৰ কথা প্ৰকাশ পাই সকলো স্তম্ভিত হৈ পৰিছে।

আৰক্ষীয়ে গোপন তথ্য লাভ কৰিছিল যে চকীদাৰৰ সহায়ত এটিএমত ৰাখি সুৰা বিক্ৰী কৰা হৈছে। আৰক্ষীয়ে অভিযান চলাই থিতাতে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এটিএমত তালাচী চলোৱাৰ লগে লগে তাত ৰখা বিদেশী সুৰাৰ ৯টা বটল জব্দ কৰা হয়। ধৃত ব্যৱসায়ী কথৈয়া প্ৰমোদ কুমাৰ আৰু এটিএমৰ চকীদাৰ অৰবিন্দ কুমাৰ বুলি জানিব পৰা গৈছে। দুয়োকে জেললৈ প্ৰেৰণ কৰা হৈছে। ধৃত যুৱকে এছবিআইৰ এটিএমৰ  বাহিৰত বিক্ৰী কৰে ডাম্পলিং।

ইফালে দেওবাৰে সন্ধিয়া পাটনা-গয়া এছএইচ-০১ পথত অৱস্থিত ধনৰুৱা আৰক্ষী থানাৰ মুছনাপাৰ গাঁৱৰ পৰা আৰক্ষীয়ে অভিযান চলাই মিল্ক ভেনত ভৰ্তি ১৮ লাখ মূল্যৰ বিলাতী সুৰা উদ্ধাৰ কৰে। এই গোচৰত দুগৰাকী মিল্ক ভেন চালকসহ দুজন লোকক থিতাতে আটক কৰা হৈছে। ধৃত চালক শশিভূষণ মাহতু ওৰফে ছ'তু, লালতুন কুমাৰ আৰু ব্যৱসায়ী দীপক কুমাৰ সমষ্টিপুৰ জিলাৰ ৰোছদা থানাৰ অন্তৰ্গত লালপুৰা গাঁৱৰ বাসিন্দা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ