--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কঠিন পৰিস্থিতিত প্ৰমাণ হয় এজন ৰাষ্ট্ৰনেতা ৰাষ্ট্ৰৰ প্ৰতি কেনেদৰে উৎসৰ্গিত। ভাষণৰ জোৰত এজন ৰাষ্ট্ৰনেতাৰ দেশপ্ৰেম নিৰ্ধাৰিত নহয়, সেই দেশপ্ৰেমৰ প্ৰমাণ ওলাই যেতিয়া তেওঁ প্ৰতিকূল পৰিস্থিতিত শক্তিশালী শত্ৰুৰ বিৰুদ্ধে অন্তিম মুহূৰ্তলৈকে যুদ্ধত নেতৃত্ব দিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দাইমীৰ জেলেনস্কী। কেইটামান মাহৰ পূৰ্বে যাৰ নাম বিশ্বৰ প্ৰায়সংখ্যক সচেতন নাগৰিকে নালাগে বহু ৰাষ্ট্ৰনেতাই জনা নাছিল। কিন্তু, এখন আৰ্থিক সমস্যাত জৰ্জৰিত তথা সৌসিদিনালৈকে বিশ্ব প্ৰেক্ষাপটত গুৰুত্বহীন ৰাষ্ট্ৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানজন এতিয়া ঘৰে ঘৰে চিনাকি নাম। তেওঁ পৰিচয় গঢ়িছে এজন প্ৰকৃতাৰ্থত দেশপ্ৰেমিক ৰাষ্ট্ৰনায়ক হিচাপে। ইউক্ৰেইনৰ সেনাবাহিনী দুৰ্বল বুলি ধাৰণা আছিল ৰাছিয়াৰ সেনাৰ। তেওঁলোকক অনায়াসে পৰাস্ত কৰিব পাৰিব বুলি ইউক্ৰেইন অভিযান আৰম্ভ কৰিছিল ৰুছ সেনাই। কিন্তু, প্রথম তিনিটা দিনৰ যুদ্ধত এই দুৰ্বল সেনাৰে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছে ভ্লাডিমিৰ পুটিনৰ সেনা।ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দাবী কৰিছে দেশখনৰ সেনাই ৮০০ ৰুছ সেনাক নিধন কৰিছে। লগতে, সাতখন যুঁজাৰু বিমান, ছয়খন হেলিকপ্টাৰ আৰু ৩০খন টেংক ধ্বংস কৰিছে। এই তথ্যক কিছু অতিৰঞ্জিত বুলি ধৰিলেও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত ৰাছিয়াৰ ধ্বংসপ্ৰাপ্ত টেংক আৰু ৰুছ সেনাৰ মৃতদেহে প্ৰমাণ কৰিছে পুটিনৰ সেনাই মূল্য ভৰিবলগীয়া হোৱাৰ কথা। আৰু সেয়া সম্ভৱ হৈছে ইউক্ৰেইনিয়ান সেনাৰ দেশৰ প্ৰতি থকা সম্পূৰ্ণ উৎসৰ্গীকৃত মনোভাৱৰ বাবে।অদম্য দেশপ্ৰেমৰ বাবে।ইউক্ৰেইনৰ সেনাক এনেদৰে দেশপ্ৰেমত উদ্বুদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হৈছে দেশখনৰ ৰাষ্ট্ৰপতি ভল’দাইমীৰ জেলেনস্কীৰ। কেইবাটাও কাৰণত জেলেনস্কীৰ দেশপ্ৰেম আৰু সাহস উল্লেখনীয়। এখন পৰাজয় নিশ্চিত যুঁজত প্ৰাণৰক্ষাৰ হেতু তেওঁ ৰণক্ষেত্ৰ ত্যাগ কৰা নাই। বৰঞ্চ আত্মসন্মানক সৰ্বাধিক গুৰুত্ব দি সন্মুখৰ পৰা সেনাৰ নেতৃত্ব লৈছে।আমেৰিকাই ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত তেওঁ হতাশ হৈছে যদিও অকলশৰীয়াকৈ হ’লেও সংগ্ৰাম চলাই যোৱাৰ সিদ্ধান্ত লৈছে। তেওঁৰ নেতৃত্বত ইউক্ৰেইনৰ সেনাই পৰাক্ৰমৰে যুদ্ধ চলাই গৈছে। ইউক্ৰেইনৰ জনতায়ো জনযুদ্ধৰ বাবে অনুপ্ৰাণিত হৈছে। আমেৰিকাই জেলেনস্কীক ইউক্ৰেইন ত্যাগৰ সুবিধা কৰি দিয়াৰ কথা কৈছে যদিও তেওঁ অস্বীকাৰ কৰিছে এই মাৰ্কিন প্ৰস্তাৱ। ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি জেলেন্সকীয়ে প্ৰমাণ দি আহিছে যে তেওঁ দেশৰ জনতাৰ মাজত আছে। দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা দেখি ইউক্ৰেইনৰ নাৰী সমাজ আৰু যুৱশক্তিৰ বহুসংখ্যক হাতত ৰাইফল লৈ ওলাই আহিছে ৰুছ সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ।ইউক্ৰেইনত সৃষ্টি হৈছে দেশপ্ৰেমৰ ঢৌৰ। মৃত্যুভয়ক নেওচি ষাঠি-সত্তৰ বছৰীয়া বৃদ্ধ-বৃদ্ধাও ওলাই আহিছে দেশৰক্ষাৰ বাবে। অত্যন্ত প্ৰতিকূল পৰিস্থিতিতো জেলেনস্কীয়ে ইউক্ৰেইনক সুৰক্ষিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক প্ৰয়াসো অব্যাহত ৰাখিছে। ৰাছিয়াৰ আক্ৰমণ ৰোধ কৰিবলৈ তেওঁ একান্তভাৱে ব্যস্ত হৈ আছে ‘নাটো’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সমৰ্থন সংগ্ৰহ কৰাত। ৰাষ্ট্ৰসংঘত যাতে দেশসমূহে সমন্বিতভাৱে ৰাছিয়াৰ বিৰোধিতা কৰি পুটিনৰ সৈন্যৰ আগ্ৰাসন ৰোধ কৰে তাৰ বাবে নিৰন্তৰে প্ৰয়াস ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰিছে দেশ সুৰক্ষাৰ বাবে সমৰ্পিত জেলেনস্কীয়ে। অনুৰোধ জনাইছে যুদ্ধৰোধৰ বাবে প্ৰয়াস কৰিবলৈ। বৰ্তমান ৰাজধানী কিয়েভত ৰাজপথত ৰক্তক্ষয়ী যুঁজ চলিছে।ভল’দাইমীৰ জেলেনস্কী কিয়েভতে আছে। জেলেনস্কীয়ে জানে ৰাছিয়াৰ সেনাৰ টাৰ্গেট তেওঁ।তেওঁক হত্যা কৰিব পৰিলেই ইউক্ৰেইন অনায়াসে দখল কৰিব পাৰিব বুলি পুটিন আৰু ৰুছ সেনাৰ বদ্ধমূল ধাৰণা। আগন্তুক কেইটামান দিনত সেই বাবেই জেলেনস্কীৰ ভৱিষ্যত অনিশ্চিত।এই যুদ্ধ দীৰ্ঘদিনলৈ চলি থাকিবও পাৰে বা আগন্তুক দুটা দিনত শান্তি চুক্তি সম্পন্ন হ’ব পাৰে। সেইবাবেই ইউক্ৰেইনৰ ভৱিষ্যতো বহু পৰিমাণে অনিশ্চিত। কিন্তু, এনে অনিশ্চয়তাৰ মাজতো এটা কথা ক’ব পাৰি এইকেইটা দিনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে দেশপ্ৰেম আৰু সাহসেৰে এটা জাতিক উদ্বুদ্ধ কৰাৰ যি নিদৰ্শন দাঙি ধৰিলে, তাৰ বাবে ইতিহাসে তেওঁক সদায় মনত ৰাখিব।বিশ্ববাসীয়ে তেওঁক মনত ৰাখিব শক্তিশালী শত্ৰুৰ বিৰুদ্ধে মূৰ দোৱাবলৈ কোনোপধ্যে সন্মত নোহোৱা এজন দেশপ্ৰেমিক ৰাষ্ট্ৰনায়ক হিচাপে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক