--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৯৯১ চনৰ কথা৷ বিশ্ব শক্তি তেতিয়া দুই মেৰুত বিভক্ত৷এফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে বৃহত্তৰ ছোভিয়েট ইউনিয়ন৷ প্ৰথম অৱস্থাত ছোভিয়েট ৰাছিয়াই সমাজবাদী নীতি সমগ্ৰ বিশ্বৰ বাবে নতুন আশা কঢ়িয়াই আনিছিল যদিও পাছলৈ আমেৰিকাৰ ওচৰত শিৰনত কৰিছিল ৰাছিয়াই৷

 ইয়াৰ কাৰণ আছিল ছোভিয়েট ইউনিয়নত দ্ৰুতহাৰত ৰাজহুৱা উদ্যোগৰ ব্যক্তিগতকৰণৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট৷ দ্ৰুত ব্যক্তিগতকৰণৰ পৰিণাম কি সেয়া ছোভিয়েট ইউনিয়নে প্ৰমাণ কৰি দেখুৱালে৷ কিন্তু ইতিহাসৰ ঘটনাৰ পৰা শিক্ষা লব নোৱাৰিলে ভাৰতবৰ্ষই৷ সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। কিন্তু ব্যক্তিগত খণ্ডটোক ৰঙা দলিচা পাৰি বৰ্তমানৰ চৰকাৰখনে মূল্যহীন কৰি পেলাইছে সংবিধানে প্ৰদান কৰা সেই মৰ্যাদাক।

 চৰকাৰৰ কৃপাতেই এতিয়া পুঁজিপতিসকলৰ পুঁজি ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ আনফালে অৱনতি ঘটিছে সৰ্বসাধাৰণৰ জীৱন ধাৰণৰ মান৷ কিন্তু এনে নিৰাশাৰ মাজতো কিছু ইতিবাচকতা কঢ়িয়াইছে ভাৰতবৰ্ষৰে ৰাজ্য কেৰালাই৷ উন্নত মানৰ শিক্ষা, স্বাস্থ্য ব্যৱস্থাৰ বাবে কেৰালা সদায় প্ৰশংসিত হৈ আহিছে আৰু এইবাৰো একেখন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ হৈয়ো কেৰালাই দাঙি ধৰিলে সমাজবাদৰ উৎকৃষ্ট নিদৰ্শন৷ ২৬টা ৰাজহুৱা খণ্ডৰ উদ্যোগ লাভজনক কৰি তুলিবলৈ সক্ষম হৈছে কেৰালা। এইক্ষেত্ৰত বৃহৎ অৱদান আছে কেৰালাৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱৰ৷ ২০২১ চনত পি ৰাজীৱ কেৰালাৰ উদ্যোগ মন্ত্ৰী হোৱা সময়ত ৰাজ্যখনত ৰাজহুৱা খণ্ডৰ মাত্ৰ ১৬টা উদ্যোগৰহে ব্যৱসায় লাভজনক আছিল৷ কিন্তু পি ৰাজীৱৰ তৎপৰতাত বৰ্তমান ২১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে বৰ্তমান লাভৰ মুখ দেখিছে৷

 উদ্যোগ বিভাগে ইতিমধ্যে ৰাজহুৱা উদ্যোগসমূহৰ উন্নয়নৰ সম্ভাৱনা আৰু বৰ্তমানৰ সুবিধাসমূহ মূল্যায়ন কৰি সংস্কাৰ আৰু সম্প্ৰসাৰণৰ বাবে কিছু পৰিকল্পনা হাতত লৈছে৷ এই পৰিকল্পনা অনুসৰি ৪১টা ৰাজহুৱা খণ্ডৰ উদ্যোগক সাতটা ভাগত ভাগ কৰা হৈছে৷ লগতে ১৭৫টা প্ৰকল্প ৰূপায়নৰো পৰিকল্পনা কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত এই উদ্যোগসমূহ লাভজনক কৰাৰ পণ কৰছে কেৰালা চৰকাৰে৷

 দীৰ্ঘম্যাদী, মধ্যম্যাদী আৰু হ্ৰস্বম্যাদী এই তিনিটা ভাগত প্ৰকল্পসমূহ বিভক্ত কৰা হৈছে৷ প্ৰকল্পসমূহ যাতে সফল হৈ উঠে তাৰ বাবে অতিৰিক্তকৈ ৯৪৬৭ কোটি টকা বিনিয়োগ কৰা হব৷ এই নতুন প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ পাছত উদ্যোগসমূহৰ মুঠ বাৰ্ষিক লেনদেন বৰ্তমানৰ ৩৩০০ কোটি টকাৰ পৰা ১৭,৫৩৮ কোটি টকালৈ বৃদ্ধি পাব৷ অৰ্থাৎ বাৰ্ষিক লেনদেন বৰ্তমানতকৈ ১৪,২৩৮ কোটি টকা বৃদ্ধি পাব৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান ৰাজহুৱা খণ্ডৰ উদ্যোগত নিয়োজিত হৈ আছে ১৪,৮০০ জন লোক৷ কিন্তু এই প্ৰকল্প সমূহ সম্পূৰ্ণ হলে কৰ্ম সংস্থাপনো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু ৫৪৬৪জন লোকে সংস্থাপন লাভ কৰিব৷

 পুঁজিবাদী হাতোৰাৰ আঁচোৰত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ মৃত্যুমুখী হোৱাৰ সময়তে কেৰালাৰ এই পদক্ষেপে কিছু নতুন আশাৰ সঞ্চাৰ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰেও জনসাধাৰণৰ স্বাৰ্থত কেৰালা চৰকাৰৰ পথ অনুসৰণ কৰা উচিত৷ অনথ্যা অতি সোনকালেই ভাৰতবৰ্ষ উন্নয়নশীল দেশৰ পৰা অনুন্নত দেশলৈ অৱনমিত হব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে