--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৯৯১ চনৰ কথা৷ বিশ্ব শক্তি তেতিয়া দুই মেৰুত বিভক্ত৷এফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে বৃহত্তৰ ছোভিয়েট ইউনিয়ন৷ প্ৰথম অৱস্থাত ছোভিয়েট ৰাছিয়াই সমাজবাদী নীতি সমগ্ৰ বিশ্বৰ বাবে নতুন আশা কঢ়িয়াই আনিছিল যদিও পাছলৈ আমেৰিকাৰ ওচৰত শিৰনত কৰিছিল ৰাছিয়াই৷

 ইয়াৰ কাৰণ আছিল ছোভিয়েট ইউনিয়নত দ্ৰুতহাৰত ৰাজহুৱা উদ্যোগৰ ব্যক্তিগতকৰণৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট৷ দ্ৰুত ব্যক্তিগতকৰণৰ পৰিণাম কি সেয়া ছোভিয়েট ইউনিয়নে প্ৰমাণ কৰি দেখুৱালে৷ কিন্তু ইতিহাসৰ ঘটনাৰ পৰা শিক্ষা লব নোৱাৰিলে ভাৰতবৰ্ষই৷ সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। কিন্তু ব্যক্তিগত খণ্ডটোক ৰঙা দলিচা পাৰি বৰ্তমানৰ চৰকাৰখনে মূল্যহীন কৰি পেলাইছে সংবিধানে প্ৰদান কৰা সেই মৰ্যাদাক।

 চৰকাৰৰ কৃপাতেই এতিয়া পুঁজিপতিসকলৰ পুঁজি ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ আনফালে অৱনতি ঘটিছে সৰ্বসাধাৰণৰ জীৱন ধাৰণৰ মান৷ কিন্তু এনে নিৰাশাৰ মাজতো কিছু ইতিবাচকতা কঢ়িয়াইছে ভাৰতবৰ্ষৰে ৰাজ্য কেৰালাই৷ উন্নত মানৰ শিক্ষা, স্বাস্থ্য ব্যৱস্থাৰ বাবে কেৰালা সদায় প্ৰশংসিত হৈ আহিছে আৰু এইবাৰো একেখন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ হৈয়ো কেৰালাই দাঙি ধৰিলে সমাজবাদৰ উৎকৃষ্ট নিদৰ্শন৷ ২৬টা ৰাজহুৱা খণ্ডৰ উদ্যোগ লাভজনক কৰি তুলিবলৈ সক্ষম হৈছে কেৰালা। এইক্ষেত্ৰত বৃহৎ অৱদান আছে কেৰালাৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱৰ৷ ২০২১ চনত পি ৰাজীৱ কেৰালাৰ উদ্যোগ মন্ত্ৰী হোৱা সময়ত ৰাজ্যখনত ৰাজহুৱা খণ্ডৰ মাত্ৰ ১৬টা উদ্যোগৰহে ব্যৱসায় লাভজনক আছিল৷ কিন্তু পি ৰাজীৱৰ তৎপৰতাত বৰ্তমান ২১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে বৰ্তমান লাভৰ মুখ দেখিছে৷

 উদ্যোগ বিভাগে ইতিমধ্যে ৰাজহুৱা উদ্যোগসমূহৰ উন্নয়নৰ সম্ভাৱনা আৰু বৰ্তমানৰ সুবিধাসমূহ মূল্যায়ন কৰি সংস্কাৰ আৰু সম্প্ৰসাৰণৰ বাবে কিছু পৰিকল্পনা হাতত লৈছে৷ এই পৰিকল্পনা অনুসৰি ৪১টা ৰাজহুৱা খণ্ডৰ উদ্যোগক সাতটা ভাগত ভাগ কৰা হৈছে৷ লগতে ১৭৫টা প্ৰকল্প ৰূপায়নৰো পৰিকল্পনা কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত এই উদ্যোগসমূহ লাভজনক কৰাৰ পণ কৰছে কেৰালা চৰকাৰে৷

 দীৰ্ঘম্যাদী, মধ্যম্যাদী আৰু হ্ৰস্বম্যাদী এই তিনিটা ভাগত প্ৰকল্পসমূহ বিভক্ত কৰা হৈছে৷ প্ৰকল্পসমূহ যাতে সফল হৈ উঠে তাৰ বাবে অতিৰিক্তকৈ ৯৪৬৭ কোটি টকা বিনিয়োগ কৰা হব৷ এই নতুন প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ পাছত উদ্যোগসমূহৰ মুঠ বাৰ্ষিক লেনদেন বৰ্তমানৰ ৩৩০০ কোটি টকাৰ পৰা ১৭,৫৩৮ কোটি টকালৈ বৃদ্ধি পাব৷ অৰ্থাৎ বাৰ্ষিক লেনদেন বৰ্তমানতকৈ ১৪,২৩৮ কোটি টকা বৃদ্ধি পাব৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান ৰাজহুৱা খণ্ডৰ উদ্যোগত নিয়োজিত হৈ আছে ১৪,৮০০ জন লোক৷ কিন্তু এই প্ৰকল্প সমূহ সম্পূৰ্ণ হলে কৰ্ম সংস্থাপনো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু ৫৪৬৪জন লোকে সংস্থাপন লাভ কৰিব৷

 পুঁজিবাদী হাতোৰাৰ আঁচোৰত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ মৃত্যুমুখী হোৱাৰ সময়তে কেৰালাৰ এই পদক্ষেপে কিছু নতুন আশাৰ সঞ্চাৰ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰেও জনসাধাৰণৰ স্বাৰ্থত কেৰালা চৰকাৰৰ পথ অনুসৰণ কৰা উচিত৷ অনথ্যা অতি সোনকালেই ভাৰতবৰ্ষ উন্নয়নশীল দেশৰ পৰা অনুন্নত দেশলৈ অৱনমিত হব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ