--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাৰী দিৱসত এক অভাৱনীয় ঘটনা সংঘটিত হ’ল। নাৰীৰ বাবে উৎসৰ্গিত এই দিনটোতে নাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা সংঘটিত হ’ল। পাঁচজন কিশোৰে বিকৃত কামনা চৰিতাৰ্থ কৰিবলৈ দুগৰাকী দলিত কন্যাৰ জীৱন কৰি পেলালে নেফানেফ। স্মাৰ্টফোনত পৰ্ন ভিডিঅ’ চাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে এই পাঁচ কিশোৰে। ঘটনা সংঘটিত হৈছে বিহাৰত। অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমি বিহাৰৰ শ্বেখপুৰা জিলাত পাঁচজন কিশোৰে দুগৰাকী নাবালিকা দলিত কন্যাক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিশোৰী দুগৰাকী এখন চৰকাৰী বিদ্যালয়ৰ ক্ৰমান্বয়ে ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে। ইফালে, এই জঘন্য কাণ্ডত অভিযুক্ত ৩ জন কিশোৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হোৱাৰ লগতে বাকী দুজন ক্ৰমান্বয়ে সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল। ইমান কম বয়সতে তেওঁলোকৰ মনত এনে ভয়ংকৰ অপৰাধে শিপা মেলা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ ভুক্তভোগী এগৰাকী ৯ বছৰীয়া কিশোৰীৰ আইতাকে দিয়া অভিযোগৰ আধাৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। পাঁচোজন অভিযু্ক্ত কিশোৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ জেৰাত কিশোৰকেইজনে স্বীকাৰ কৰিছে যে, তেওঁলোকে স্মাৰ্ট ফোনত পৰ্ণ ভিডিঅ' চোৱাৰ পাছত এই জঘন্য অপৰাধ  সংঘটিত কৰিছিল। ইণ্টাৰনেট সুলভতাই কিদৰে একাংশ কম বয়সীয়া কিশোৰক বিপথে পৰিচালিত কৰিছে তাৰ এক নিদাৰুণ দৃষ্টান্তত পৰিণত হৈছে বিহাৰৰ এই ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল