--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাৰী দিৱসত এক অভাৱনীয় ঘটনা সংঘটিত হ’ল। নাৰীৰ বাবে উৎসৰ্গিত এই দিনটোতে নাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা সংঘটিত হ’ল। পাঁচজন কিশোৰে বিকৃত কামনা চৰিতাৰ্থ কৰিবলৈ দুগৰাকী দলিত কন্যাৰ জীৱন কৰি পেলালে নেফানেফ। স্মাৰ্টফোনত পৰ্ন ভিডিঅ’ চাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে এই পাঁচ কিশোৰে। ঘটনা সংঘটিত হৈছে বিহাৰত। অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমি বিহাৰৰ শ্বেখপুৰা জিলাত পাঁচজন কিশোৰে দুগৰাকী নাবালিকা দলিত কন্যাক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিশোৰী দুগৰাকী এখন চৰকাৰী বিদ্যালয়ৰ ক্ৰমান্বয়ে ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে। ইফালে, এই জঘন্য কাণ্ডত অভিযুক্ত ৩ জন কিশোৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হোৱাৰ লগতে বাকী দুজন ক্ৰমান্বয়ে সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল। ইমান কম বয়সতে তেওঁলোকৰ মনত এনে ভয়ংকৰ অপৰাধে শিপা মেলা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ ভুক্তভোগী এগৰাকী ৯ বছৰীয়া কিশোৰীৰ আইতাকে দিয়া অভিযোগৰ আধাৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। পাঁচোজন অভিযু্ক্ত কিশোৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ জেৰাত কিশোৰকেইজনে স্বীকাৰ কৰিছে যে, তেওঁলোকে স্মাৰ্ট ফোনত পৰ্ণ ভিডিঅ' চোৱাৰ পাছত এই জঘন্য অপৰাধ  সংঘটিত কৰিছিল। ইণ্টাৰনেট সুলভতাই কিদৰে একাংশ কম বয়সীয়া কিশোৰক বিপথে পৰিচালিত কৰিছে তাৰ এক নিদাৰুণ দৃষ্টান্তত পৰিণত হৈছে বিহাৰৰ এই ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন