--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কভিডোত্তৰ ভাৰতত ভয়াৱহৰূপত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সংখ্যা৷ অতি উদ্বেগজনকভাৱে বৃদ্ধি পোৱা নিবনুৱাৰ নতুন পৰিসংখ্যাই দেশত ভৱিষ্যতে সামাজিক অস্থিৰতাৰো সংশয় নমাই আনিছে৷ এপ্ৰিলত ভাৰতত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ৭.৮৩ শতাংশলৈ৷ আৰু শেহতীয়া এই পৰিসংখ্যাত শীৰ্ষত আছে হাৰিয়ানা৷

 

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকমি (চিএমআইই)ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, এপ্ৰিলত দেশত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশলৈ বৃদ্ধি পাইছে। মাৰ্চ মাহত এই হাৰ আছিল ৭.৬০ শতাংশ। হাৰিয়ানা আৰু ৰাজস্থানতে নথিভুক্ত হৈছে সৰ্বাধিক নিবনুৱা।

 

গ্ৰাম্য অঞ্চলত নিবনুৱাৰ সংখ্যা কম:

মন কৰিবলগীয়া যে মাৰ্চ মাহত দেশৰ নিবনুৱাৰ হাৰ আছিল ৭.৬০ শতাংশ। ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা তথ্যত এইকথা প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে এপ্ৰিল মাহতো নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত নগৰখণ্ড আগবাঢ়ি আছে। অৰ্থাৎ চহৰৰ তুলনাত গ্ৰাম্য অঞ্চলত নিবনুৱা হ্ৰাস পাইছে। তথ্য অনুসৰি, চহৰসমূহত নিবনুৱাৰ হাৰ মাৰ্চৰ ৮.২৮ শতাংশৰ পৰা ৯.২২ শতাংশলৈ বৃদ্ধি হৈছে। একেসময়তে, গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ মাৰ্চৰ ৭.২৯ শতাংশৰ পৰা এপ্ৰিলত ৭.১৮ শতাংশলৈ হ্ৰাস পাইছে।

 

চি.এম.আই.ই.ৰ মতে, দেশৰ বিভিন্ন ৰাজ্যৰ তুলনাত হাৰিয়ানাত নিবনুৱাৰ হাৰ সৰ্বাধিক আছিল। আনহাতে ৰাজস্থান আছে দ্বিতীয় শীৰ্ষত৷ হাৰিয়ানাত এই পৰিসংখ্যা ৩৪.৫ শতাংশ আৰু ৰাজস্থানত ২৮.৮ শতাংশ নথিভুক্ত হৈছে৷ অৰ্থনীতিবিদসকলৰ মতে, ঘৰুৱা চাহিদা হ্ৰাস হোৱা আৰু বৰ্ধিত মূল্যৰ মাজত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ লেহেম গতিয়ে নিযুক্তিৰ সুযোগ প্ৰভাৱিত কৰিছে। মাৰ্চত উপভোক্তা মুদ্ৰাস্ফীতি ১৭ মাহৰ সৰ্বোচ্চ ৬.৯৫ শতাংশত উপণীত হৈছিল।

 

উল্লেখযোগ্য যে, মুম্বাইস্থিত চি.এম.আই.ই.য়ে নিযুক্তিৰ তথ্যৰ লগতে শ্ৰমিকৰ অংশগ্ৰহণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে আৰু ইয়াৰ পৰিসংখ্যা প্ৰকাশ কৰে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ৰ মাৰ্চত দেশৰ শ্ৰমিকসকলৰ মাজত চাকৰি বিচাৰি পোৱাৰ হাৰ ৩৯.৫ শতাংশলৈ হ্ৰাস পাইছে, ২০১৯ৰ মাৰ্চৰ ৪৩.৭ শতাংশৰ বিপৰীতে। এই তথ্যই নিশ্চিত কৰে যে বহুসংখ্যক পেছাদাৰীয়ে চাকৰি বিচৰা বন্ধ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন