--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কভিডোত্তৰ ভাৰতত ভয়াৱহৰূপত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সংখ্যা৷ অতি উদ্বেগজনকভাৱে বৃদ্ধি পোৱা নিবনুৱাৰ নতুন পৰিসংখ্যাই দেশত ভৱিষ্যতে সামাজিক অস্থিৰতাৰো সংশয় নমাই আনিছে৷ এপ্ৰিলত ভাৰতত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ৭.৮৩ শতাংশলৈ৷ আৰু শেহতীয়া এই পৰিসংখ্যাত শীৰ্ষত আছে হাৰিয়ানা৷

 

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকমি (চিএমআইই)ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, এপ্ৰিলত দেশত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশলৈ বৃদ্ধি পাইছে। মাৰ্চ মাহত এই হাৰ আছিল ৭.৬০ শতাংশ। হাৰিয়ানা আৰু ৰাজস্থানতে নথিভুক্ত হৈছে সৰ্বাধিক নিবনুৱা।

 

গ্ৰাম্য অঞ্চলত নিবনুৱাৰ সংখ্যা কম:

মন কৰিবলগীয়া যে মাৰ্চ মাহত দেশৰ নিবনুৱাৰ হাৰ আছিল ৭.৬০ শতাংশ। ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা তথ্যত এইকথা প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে এপ্ৰিল মাহতো নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত নগৰখণ্ড আগবাঢ়ি আছে। অৰ্থাৎ চহৰৰ তুলনাত গ্ৰাম্য অঞ্চলত নিবনুৱা হ্ৰাস পাইছে। তথ্য অনুসৰি, চহৰসমূহত নিবনুৱাৰ হাৰ মাৰ্চৰ ৮.২৮ শতাংশৰ পৰা ৯.২২ শতাংশলৈ বৃদ্ধি হৈছে। একেসময়তে, গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ মাৰ্চৰ ৭.২৯ শতাংশৰ পৰা এপ্ৰিলত ৭.১৮ শতাংশলৈ হ্ৰাস পাইছে।

 

চি.এম.আই.ই.ৰ মতে, দেশৰ বিভিন্ন ৰাজ্যৰ তুলনাত হাৰিয়ানাত নিবনুৱাৰ হাৰ সৰ্বাধিক আছিল। আনহাতে ৰাজস্থান আছে দ্বিতীয় শীৰ্ষত৷ হাৰিয়ানাত এই পৰিসংখ্যা ৩৪.৫ শতাংশ আৰু ৰাজস্থানত ২৮.৮ শতাংশ নথিভুক্ত হৈছে৷ অৰ্থনীতিবিদসকলৰ মতে, ঘৰুৱা চাহিদা হ্ৰাস হোৱা আৰু বৰ্ধিত মূল্যৰ মাজত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ লেহেম গতিয়ে নিযুক্তিৰ সুযোগ প্ৰভাৱিত কৰিছে। মাৰ্চত উপভোক্তা মুদ্ৰাস্ফীতি ১৭ মাহৰ সৰ্বোচ্চ ৬.৯৫ শতাংশত উপণীত হৈছিল।

 

উল্লেখযোগ্য যে, মুম্বাইস্থিত চি.এম.আই.ই.য়ে নিযুক্তিৰ তথ্যৰ লগতে শ্ৰমিকৰ অংশগ্ৰহণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে আৰু ইয়াৰ পৰিসংখ্যা প্ৰকাশ কৰে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ৰ মাৰ্চত দেশৰ শ্ৰমিকসকলৰ মাজত চাকৰি বিচাৰি পোৱাৰ হাৰ ৩৯.৫ শতাংশলৈ হ্ৰাস পাইছে, ২০১৯ৰ মাৰ্চৰ ৪৩.৭ শতাংশৰ বিপৰীতে। এই তথ্যই নিশ্চিত কৰে যে বহুসংখ্যক পেছাদাৰীয়ে চাকৰি বিচৰা বন্ধ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান