--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীৰ (Mukesh Ambani) নাম নুশুনা মানুহ নাই। ৰিলায়েন্স গ্ৰুপৰ মালিক মুকেশ আম্বানী যোৱা কেইটামান দশকত সম্পত্তিৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ ধনী হৈ আছে। দিনবোৰ বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ সম্পদ-সম্পত্তিও বাঢ়ি গৈ আছে। স্বাভাৱিকতে তেওঁৰ জীৱন বিলাসী তথা ৰাজকীয়। মুকেশ আৰু তেওঁৰ পত্নী নীতা আম্বানীৰ তিনিটা সন্তান আছে। তেওঁলোকৰ নাম ক্ৰমে আকাশ আম্বানী,ঈশা আম্বানী আৰু অনন্ত আম্বানী।


আকাশ আম্বানী আৰু ঈশা আম্বানীৰ ইতিমধ্যে বিবাহ সম্পন্ন হৈছে। অনন্ত আম্বানীৰ বিবাহ এতিয়াও বাকী আছে। অনন্ত আম্বানীৰ জীৱনলৈ আগমন ঘটিছে এগৰাকী সুন্দৰী যুৱতীৰ। যি কথাই এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। হয়তো অতি সোনকালে মুকেশৰ নুমলীয়া পুত্ৰ অনন্ত বিবাহপাশত আৱদ্ধ হ'ব। এনে সময়তে সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে কোন এই যুৱতী..যাৰ সৈতে অনন্তৰ হিয়া দিয়া নিয়া চলিছে। অনন্ত আম্বানীৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰাধিকা মাৰ্চেণ্ট। দুয়োকে ভিন্ন স্থানত প্ৰায়ে একেলগে দেখা যায়। বিয়া বা যিকোনো পাৰ্টিত অনন্তৰ সৈতে লগত থাকে ৰাধিকা মাৰ্চেণ্ট। 


আকাশ আম্বানী আৰু ঈশা আম্বানীৰ বিয়াত দুয়োকে একেলগে নৃত্য কৰা দেখা গৈছিল। ৰাধিকাক আম্বানী পৰিয়ালৰ প্ৰতিটো অনুষ্ঠানতে দেখা যায়। শেহতীয়াকৈ দুয়োৰে কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইতিমধ্যে দুয়োৰে মাজত থকা সম্পৰ্কক লৈ নেটিজেনসকলৰ মাজত চৰ্চা আৰম্ভ হৈছে। 


জানিব পৰা মতে দুয়োৰে প্ৰথম চিনাকি হৈছিল কোনো এক অনুষ্ঠানত আৰু তাৰ পৰাই আৰম্ভ হৈছিল দুয়োৰে সম্পৰ্ক। এই সম্পৰ্কক দুয়োটা পৰিয়ালে মানি লৈছে আৰু নীতা আম্বানীয়ে নিজেই ৰাধিকাক বোৱাৰী হিচাপে পাব বিচাৰে বুলি জানিব পৰা গৈছে। 


ৰাধিকা হৈছে এনকোৰ হেল্থকেয়াৰৰ চিইঅ’ আৰু ভাইচ চেয়াৰমেন বীৰেন মাৰ্চেণ্টৰ কন্যা। ইয়াৰ উপৰিও বীৰেন মাৰ্চেণ্ট এডিএছৰ কাৰ্যবাহী সঞ্চালক। আম্বানী আৰু মাৰ্চেণ্ট দুয়োটা পৰিয়াল অতি ঘনিষ্ঠ।
 
নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে ৰাধিকা মাৰ্চেণ্টে। ইয়াৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহিল। বৰ্তমান ৰাধিকা পিতৃৰ কোম্পানী এনকোৰ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা। চলিত বৰ্ষৰ শেষৰ ফালে অনন্ত-ৰাধিকা বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য