--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীৰ (Mukesh Ambani) নাম নুশুনা মানুহ নাই। ৰিলায়েন্স গ্ৰুপৰ মালিক মুকেশ আম্বানী যোৱা কেইটামান দশকত সম্পত্তিৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ ধনী হৈ আছে। দিনবোৰ বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ সম্পদ-সম্পত্তিও বাঢ়ি গৈ আছে। স্বাভাৱিকতে তেওঁৰ জীৱন বিলাসী তথা ৰাজকীয়। মুকেশ আৰু তেওঁৰ পত্নী নীতা আম্বানীৰ তিনিটা সন্তান আছে। তেওঁলোকৰ নাম ক্ৰমে আকাশ আম্বানী,ঈশা আম্বানী আৰু অনন্ত আম্বানী।


আকাশ আম্বানী আৰু ঈশা আম্বানীৰ ইতিমধ্যে বিবাহ সম্পন্ন হৈছে। অনন্ত আম্বানীৰ বিবাহ এতিয়াও বাকী আছে। অনন্ত আম্বানীৰ জীৱনলৈ আগমন ঘটিছে এগৰাকী সুন্দৰী যুৱতীৰ। যি কথাই এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। হয়তো অতি সোনকালে মুকেশৰ নুমলীয়া পুত্ৰ অনন্ত বিবাহপাশত আৱদ্ধ হ'ব। এনে সময়তে সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে কোন এই যুৱতী..যাৰ সৈতে অনন্তৰ হিয়া দিয়া নিয়া চলিছে। অনন্ত আম্বানীৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰাধিকা মাৰ্চেণ্ট। দুয়োকে ভিন্ন স্থানত প্ৰায়ে একেলগে দেখা যায়। বিয়া বা যিকোনো পাৰ্টিত অনন্তৰ সৈতে লগত থাকে ৰাধিকা মাৰ্চেণ্ট। 


আকাশ আম্বানী আৰু ঈশা আম্বানীৰ বিয়াত দুয়োকে একেলগে নৃত্য কৰা দেখা গৈছিল। ৰাধিকাক আম্বানী পৰিয়ালৰ প্ৰতিটো অনুষ্ঠানতে দেখা যায়। শেহতীয়াকৈ দুয়োৰে কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইতিমধ্যে দুয়োৰে মাজত থকা সম্পৰ্কক লৈ নেটিজেনসকলৰ মাজত চৰ্চা আৰম্ভ হৈছে। 


জানিব পৰা মতে দুয়োৰে প্ৰথম চিনাকি হৈছিল কোনো এক অনুষ্ঠানত আৰু তাৰ পৰাই আৰম্ভ হৈছিল দুয়োৰে সম্পৰ্ক। এই সম্পৰ্কক দুয়োটা পৰিয়ালে মানি লৈছে আৰু নীতা আম্বানীয়ে নিজেই ৰাধিকাক বোৱাৰী হিচাপে পাব বিচাৰে বুলি জানিব পৰা গৈছে। 


ৰাধিকা হৈছে এনকোৰ হেল্থকেয়াৰৰ চিইঅ’ আৰু ভাইচ চেয়াৰমেন বীৰেন মাৰ্চেণ্টৰ কন্যা। ইয়াৰ উপৰিও বীৰেন মাৰ্চেণ্ট এডিএছৰ কাৰ্যবাহী সঞ্চালক। আম্বানী আৰু মাৰ্চেণ্ট দুয়োটা পৰিয়াল অতি ঘনিষ্ঠ।
 
নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে ৰাধিকা মাৰ্চেণ্টে। ইয়াৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহিল। বৰ্তমান ৰাধিকা পিতৃৰ কোম্পানী এনকোৰ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা। চলিত বৰ্ষৰ শেষৰ ফালে অনন্ত-ৰাধিকা বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান