--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনত ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতত এই হাৰ নিম্মমুখী হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি শনিবাৰে ভাৰতৰ ক'ভিড-১৯ ৰ সংখ্যা ২,০৭৫ টা নতুন সংক্ৰমণৰ সৈতে ৪,৩০,০৬,০৮০ লৈ বৃদ্ধি পাইছে, আনহাতে সক্ৰিয় সংক্ৰমণৰ ঘটনা ২৭,৮০২ লৈ হ্ৰাস পাইছে। ক'ৰনা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা ৫,১৬,৩৫২ লৈ বৃদ্ধি হৈছে আৰু ৭১গৰাকী লোকৰ নতুনকৈ মৃত্যু হৈছে৷ মুঠ সংক্ৰমণৰ হাৰ ০.০৬ শতাংশলৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় ক'ভিড-১৯ আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশ বুলি জানিবলৈ পোৱা গৈছো। বিগত ২৪ ঘণ্টাত ক'ভিড-১৯৪ সংক্ৰমণৰ ঘটনা ১,৩৭৯জনলৈ হ্ৰাস হৈছে৷ প্ৰতিদিনে পজিটিভিটিৰ হাৰ ০.৫৬ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ০.৪১ শতাংশ৷ ২৪ ঘণ্টাত মুঠ ৩,৭০,৫১৪ জনৰ ক'ভিড-১৯ পৰীক্ষা কৰা হৈছিল। ভাৰতে এতিয়ালৈকে ৭৮.২২ কোটিৰো অধিক পৰীক্ষা সম্পন্ন কৰিছে। তেলেংগানাত ৬৭জনৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ যাৰ ফলত ক'ভিডত আক্ৰান্তৰ সংখ্যা ৭,৯০,৭৫৬ লৈ বৃদ্ধি হৈছিল, আনহাতে মৃত্যুৰ সংখ্যা ৪,১১১ হয়গৈ৷ পশ্চিম বংগত ৩৩জনৰ দেহত ধৰা পৰে ক'ভিড-১৯, পূৰ্বতকৈ এই হাৰ ২৯জনলৈ হ্ৰাস পায়৷ যাৰ ফলত এই সংখ্যা ২০,১৬,৭৭০ লৈ বৃদ্ধি হৈছে৷ ২৪ ঘণ্টাত সংক্ৰমণৰ ফলত আৰু এজন লোকৰ মৃত্যু হয়। দিল্লীয়ে ৬১জনৰ দেহত ধৰা পৰে ক'ভিড-১৯, ৰাজধানীখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দিল্লীত শনিবাৰে ক'ৰনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে৷ আনহাতে পজিটিভিটিৰ হাৰ ০.৬৮ শতাংশ। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ