--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাবত চৰকাৰ গঠন কৰিয়েই চমক দিবলৈ আৰম্ভ কৰিছে আম আদমী পাৰ্টীৰ চৰকাৰে। প্ৰথমখন কেবিনেট বৈঠকতে চমক সৃষ্টিকাৰী সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। মন কৰিবলগীয়া যে, দিল্লীৰ আৰ্হিৰেই পঞ্জাবতো আম আদমী পাৰ্টীয়ে শিক্ষা, স্বাস্থ্য, নিযু্ক্তি , বিজুলী-পানীৰ দৰে সুবিধা প্ৰদানৰ দৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। মানুহৰ মৌলিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল আম আদমী পাৰ্টীয়ে। এতিয়া সেই প্ৰতিশ্ৰুতি পালনৰ দিশে অগ্ৰসৰ হৈছে নতুন চৰকাৰখন। প্ৰথম কেবিনেট বৈঠকতে চমক দিলে পঞ্জাবৰ ভগবন্ত মান চৰকাৰে। আজি মান মন্ত্ৰীসভাৰ ১০গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল। তাৰ পাছতে অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন চৰকাৰখনে পঞ্জাবৰ ২৫ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে। এই চাকৰিসমূহৰ ভিতৰত ১০হাজাৰ নিযুক্তি দিয়া হ’ব আৰক্ষী বিভাগত। বাকী ১৫ হাজাৰ চাকৰি বিভিন্ন চৰকাৰী বিভাগত প্ৰদান কৰা হ’ব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই বিষয়ে টুইটযোগে প্ৰকাশ কৰিছে। তেওঁ এটা টুইটত লিখিছে যে, পঞ্জাবৰ আপ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মতেই চৰকাৰে নিয়োগৰ সুবিধা সৃষ্টি কৰাটো তেওঁলোকৰ প্ৰাথমিক লক্ষ্য হ’ব। এমাহৰ ভিতৰতে এই ২৫হাজাৰ চাকৰি দিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, শপত গ্ৰহণৰ সময়তো ভগৱন্ত মানে দিল্লীৰ আৰ্হি গ্ৰহণ কৰি ৰাজ্যখনৰ সাস্থ্য-খণ্ডৰ উন্নয়ন সাধিব বুলি প্ৰকাশ কৰিছিল। প্ৰথমখন কেবিনেট বৈঠকতে চৰকাৰৰ এনে জনমুখী সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন