--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাবত চৰকাৰ গঠন কৰিয়েই চমক দিবলৈ আৰম্ভ কৰিছে আম আদমী পাৰ্টীৰ চৰকাৰে। প্ৰথমখন কেবিনেট বৈঠকতে চমক সৃষ্টিকাৰী সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। মন কৰিবলগীয়া যে, দিল্লীৰ আৰ্হিৰেই পঞ্জাবতো আম আদমী পাৰ্টীয়ে শিক্ষা, স্বাস্থ্য, নিযু্ক্তি , বিজুলী-পানীৰ দৰে সুবিধা প্ৰদানৰ দৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। মানুহৰ মৌলিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল আম আদমী পাৰ্টীয়ে। এতিয়া সেই প্ৰতিশ্ৰুতি পালনৰ দিশে অগ্ৰসৰ হৈছে নতুন চৰকাৰখন। প্ৰথম কেবিনেট বৈঠকতে চমক দিলে পঞ্জাবৰ ভগবন্ত মান চৰকাৰে। আজি মান মন্ত্ৰীসভাৰ ১০গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল। তাৰ পাছতে অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন চৰকাৰখনে পঞ্জাবৰ ২৫ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে। এই চাকৰিসমূহৰ ভিতৰত ১০হাজাৰ নিযুক্তি দিয়া হ’ব আৰক্ষী বিভাগত। বাকী ১৫ হাজাৰ চাকৰি বিভিন্ন চৰকাৰী বিভাগত প্ৰদান কৰা হ’ব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই বিষয়ে টুইটযোগে প্ৰকাশ কৰিছে। তেওঁ এটা টুইটত লিখিছে যে, পঞ্জাবৰ আপ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মতেই চৰকাৰে নিয়োগৰ সুবিধা সৃষ্টি কৰাটো তেওঁলোকৰ প্ৰাথমিক লক্ষ্য হ’ব। এমাহৰ ভিতৰতে এই ২৫হাজাৰ চাকৰি দিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, শপত গ্ৰহণৰ সময়তো ভগৱন্ত মানে দিল্লীৰ আৰ্হি গ্ৰহণ কৰি ৰাজ্যখনৰ সাস্থ্য-খণ্ডৰ উন্নয়ন সাধিব বুলি প্ৰকাশ কৰিছিল। প্ৰথমখন কেবিনেট বৈঠকতে চৰকাৰৰ এনে জনমুখী সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন