--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকোভিডৰ আতংকৰ মাজতে দেশত নতুন ত্ৰাসৰ সৃষিট কৰিছে মাংকি পক্সে। দিল্লীত বিদেশ ভ্ৰমণৰ শেহতীয়া ইতিহাস নথকা এজন ৩৫ বছৰীয়া নাইজেৰিয়ান ব্যক্তি মাঙ্কিপক্সত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।ইয়াকেলৈ দেশত মাঙ্কিপক্সত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে।

দিল্লীত দ্বিতীয়জন ব্যক্তি এই ৰোগ বিধত আক্ৰান্ত হৈছে।।নাইজেৰিয়ান নাগৰিকজনক দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।তেওঁৰ তেজৰ নমুনা  পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী (এনআইভি)লৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখ্য আফ্ৰিকান মূলৰ মাঙ্কিপক্সৰ দুজন সন্দেহযুক্ত ৰোগীকো এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।শ্বৰ কেইবা খনো দেশত আতংকৰ সৃষ্টি কৰা মাংকি পক্স ভাইৰাছবিধ বতাহৰ জৰিয়তেও বিয়পিব পাৰে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) এই কথা প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে ভাইৰাছবিধ বায়ুৰ মাজেৰে বিয়পিব পাৰে। 

কিন্তু কেৱল সংক্ৰমিত ব্যক্তি এজনৰ সৈতে মুখামুখি সংস্পৰ্শৰ জৰিয়তেহে ই বতাহত মিলি যাব পাৰে।চিডিচিৰ মুৰব্বী ৰোচেল ৱালেনস্কিয়ে কয় যে যে লক্ষণযুক্ত ৰোগীসকলৰ সৈতে শাৰীৰিক সম্পৰ্কৰ জৰিয়তে আৰু তেওঁলোকৰ কাপোৰ , বিচনা আদিৰ জৰিয়তেও মাংকি পক্স বিয়পিব পাৰে।বতাহত বিয়পিব পৰা এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ মাক্স পিন্ধাটো প্ৰয়োজন হ’ব নে নাই তাকেলৈ মানুহৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে।

এনেসময়তে এপিডেমিঅ’লজিষ্টসকলে কৈছে যে কোভিডৰ দৰে মাংকি পক্সৰ ভাইৰাছ ‘বতাহত ভাঁহি নুফুৰে’।মাংকি পক্সৰ ভাইৰাছ যথেষ্ট গধুৰ বাবে ই ততালিকে মাটিত পৰি যায়।চিফিলিছ, গনোৰিয়া আৰু ক্লেমাইডিয়াকে ধৰি যিকোনো যৌন সংক্ৰমণ থকা লোক মাংকি পক্সত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি বিশেষজ্ঞসকলে কৈছে। এতিয়ালৈকে দেশত মাংকি পক্সত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ