ডিজিটেল ডেস্কঃকোভিডৰ আতংকৰ মাজতে দেশত নতুন ত্ৰাসৰ সৃষিট কৰিছে মাংকি পক্সে। দিল্লীত বিদেশ ভ্ৰমণৰ শেহতীয়া ইতিহাস নথকা এজন ৩৫ বছৰীয়া নাইজেৰিয়ান ব্যক্তি মাঙ্কিপক্সত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।ইয়াকেলৈ দেশত মাঙ্কিপক্সত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে।
দিল্লীত দ্বিতীয়জন ব্যক্তি এই ৰোগ বিধত আক্ৰান্ত হৈছে।।নাইজেৰিয়ান নাগৰিকজনক দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।তেওঁৰ তেজৰ নমুনা পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী (এনআইভি)লৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখ্য আফ্ৰিকান মূলৰ মাঙ্কিপক্সৰ দুজন সন্দেহযুক্ত ৰোগীকো এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।শ্বৰ কেইবা খনো দেশত আতংকৰ সৃষ্টি কৰা মাংকি পক্স ভাইৰাছবিধ বতাহৰ জৰিয়তেও বিয়পিব পাৰে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) এই কথা প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে ভাইৰাছবিধ বায়ুৰ মাজেৰে বিয়পিব পাৰে।
কিন্তু কেৱল সংক্ৰমিত ব্যক্তি এজনৰ সৈতে মুখামুখি সংস্পৰ্শৰ জৰিয়তেহে ই বতাহত মিলি যাব পাৰে।চিডিচিৰ মুৰব্বী ৰোচেল ৱালেনস্কিয়ে কয় যে যে লক্ষণযুক্ত ৰোগীসকলৰ সৈতে শাৰীৰিক সম্পৰ্কৰ জৰিয়তে আৰু তেওঁলোকৰ কাপোৰ , বিচনা আদিৰ জৰিয়তেও মাংকি পক্স বিয়পিব পাৰে।বতাহত বিয়পিব পৰা এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ মাক্স পিন্ধাটো প্ৰয়োজন হ’ব নে নাই তাকেলৈ মানুহৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে।
এনেসময়তে এপিডেমিঅ’লজিষ্টসকলে কৈছে যে কোভিডৰ দৰে মাংকি পক্সৰ ভাইৰাছ ‘বতাহত ভাঁহি নুফুৰে’।মাংকি পক্সৰ ভাইৰাছ যথেষ্ট গধুৰ বাবে ই ততালিকে মাটিত পৰি যায়।চিফিলিছ, গনোৰিয়া আৰু ক্লেমাইডিয়াকে ধৰি যিকোনো যৌন সংক্ৰমণ থকা লোক মাংকি পক্সত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি বিশেষজ্ঞসকলে কৈছে। এতিয়ালৈকে দেশত মাংকি পক্সত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে।