--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰশাসনিক কাম-কাজক অধিক গতিশীল আৰু নিয়াৰি কৰি তুলি তুলিবলৈ এক বিশেষ ব্যৱস্থা হাতত লৈছে পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰে। এই লক্ষ্য আগত ৰাখি ৰাজ্যখনত নতুনকৈ সাতখন জিলা গঠন কৰিবলৈ আগবাঢ়িছে দিদিৰ চৰকাৰ। বংগৰ কেবিনেটে ইতিমধ্যে নতুন জিলা গঠনৰ এই প্ৰস্তাৱত অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে চৰকাৰৰ এই নতুন সিদ্ধান্তৰ কথা সদৰি কৰিছিল। সোমবাৰে দিনৰ ভাগত সংবাদ মাধ্যমৰ আগত এই বিষয়টো অৱগত কৰাৰ লগতে ৰাজ্যিক কেবিনেটেৰ সন্মতিৰ বিষয়েও উল্লেখ কৰে।

মমতা বেনাৰ্জীয়ে লগতে নতুনকৈ গঠন হ’বলগীয়া জিলাকেইখনৰ নামো ঘোষণা কৰে।
এই নতুন জিলাকেইখন হৈছে ক্ৰমে বঢ়মপুৰ, কান্দি, সুন্দৰবন, বছিৰহাট, ইচামতী, ৰাণাঘাট আৰু বিষ্ণুপুৰ।

উল্লেখ্য যে ৰাজ্যখনত বৰ্তমানলৈকে মুঠ ২৩ খন জিলা আছে। এতিয়া আনুষ্ঠানিকভাৱে এই জিলাকেইখনৰ নাম ঘোষণা কৰাৰ পিছত পশ্চিম বংগত মুঠ জিলাৰ সংখ্যা ৩০ খনলৈ বৃদ্ধি পাব।
প্ৰকাশিত বাতৰি অনুসৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশাসনিক ব্যৱস্থাটোৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেই কাৰণে তেওঁ জিলাসমূহ সৰুকৈ গঠন কৰিব বিচাৰিছে।

ইয়াৰ ফলত মূলত: প্ৰশাসনিক কাৰ্যকলাপ সূচাৰুৰূপত আৰু তড়িৎগতিত সম্পন্ন হ’ব বুলি মমতা বেনাৰ্জীয়ে মত পোষণ কৰি এই লক্ষ্য আগত ৰাখিয়েই এই সাতখন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে ৰাজ্যিক কেবিনেটত শীঘ্ৰেই চাৰিৰ পৰা পাঁচজন নতুন মুখক দায়িত্ব অৰ্পণ কৰা হ’ব বুলি ঘোষণা কৰিছে। অহা ৩ আগষ্ট, বুধবাৰে কেবিনেটৰ এই ৰদবদল কৰা হ'ব বুলি তেওঁ লগতে সদৰি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ