--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰশাসনিক কাম-কাজক অধিক গতিশীল আৰু নিয়াৰি কৰি তুলি তুলিবলৈ এক বিশেষ ব্যৱস্থা হাতত লৈছে পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰে। এই লক্ষ্য আগত ৰাখি ৰাজ্যখনত নতুনকৈ সাতখন জিলা গঠন কৰিবলৈ আগবাঢ়িছে দিদিৰ চৰকাৰ। বংগৰ কেবিনেটে ইতিমধ্যে নতুন জিলা গঠনৰ এই প্ৰস্তাৱত অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে চৰকাৰৰ এই নতুন সিদ্ধান্তৰ কথা সদৰি কৰিছিল। সোমবাৰে দিনৰ ভাগত সংবাদ মাধ্যমৰ আগত এই বিষয়টো অৱগত কৰাৰ লগতে ৰাজ্যিক কেবিনেটেৰ সন্মতিৰ বিষয়েও উল্লেখ কৰে।

মমতা বেনাৰ্জীয়ে লগতে নতুনকৈ গঠন হ’বলগীয়া জিলাকেইখনৰ নামো ঘোষণা কৰে।
এই নতুন জিলাকেইখন হৈছে ক্ৰমে বঢ়মপুৰ, কান্দি, সুন্দৰবন, বছিৰহাট, ইচামতী, ৰাণাঘাট আৰু বিষ্ণুপুৰ।

উল্লেখ্য যে ৰাজ্যখনত বৰ্তমানলৈকে মুঠ ২৩ খন জিলা আছে। এতিয়া আনুষ্ঠানিকভাৱে এই জিলাকেইখনৰ নাম ঘোষণা কৰাৰ পিছত পশ্চিম বংগত মুঠ জিলাৰ সংখ্যা ৩০ খনলৈ বৃদ্ধি পাব।
প্ৰকাশিত বাতৰি অনুসৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশাসনিক ব্যৱস্থাটোৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেই কাৰণে তেওঁ জিলাসমূহ সৰুকৈ গঠন কৰিব বিচাৰিছে।

ইয়াৰ ফলত মূলত: প্ৰশাসনিক কাৰ্যকলাপ সূচাৰুৰূপত আৰু তড়িৎগতিত সম্পন্ন হ’ব বুলি মমতা বেনাৰ্জীয়ে মত পোষণ কৰি এই লক্ষ্য আগত ৰাখিয়েই এই সাতখন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে ৰাজ্যিক কেবিনেটত শীঘ্ৰেই চাৰিৰ পৰা পাঁচজন নতুন মুখক দায়িত্ব অৰ্পণ কৰা হ’ব বুলি ঘোষণা কৰিছে। অহা ৩ আগষ্ট, বুধবাৰে কেবিনেটৰ এই ৰদবদল কৰা হ'ব বুলি তেওঁ লগতে সদৰি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ