--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও উত্তপ্ত হৈ আছে মণিপুৰ। ৩ মেৰ পৰা আৰম্ভ হোৱা বিদ্ৰোহৰ জুই এতিয়াও নুমুৱা নাই। মণিপুৰৰ ভিন্ন ঠাইত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনা। 

নিশা ইম্ফলত থকা কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। এই ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং ঘৰত নাছিল বুলি জানিব পৰা গৈছে।

ৰাজধানী ইম্ফলত বৃহস্পতিবাৰে সান্ধ্য আইন জাৰি কৰা হৈছিল যদিও প্ৰতিবাদকাৰীয়ে সান্ধ্য আইন ওফৰাই নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। দুৰ্বৃত্তই বহু ঘৰ জ্বলাই দিয়াৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়।


উল্লেখ্য যে কুকি-মেইটেই সংঘাতৰ বাবে মণিপুৰ অশান্ত হৈ পৰিছে। সংখ্যাগৰিষ্ঠ ‘মেইটেই’ জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়াৰ আন্দোলনে ক্ষুদ্ৰ ৰাজ্যখনৰ নগা-কুকি জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু ইয়াক কেন্দ্ৰ কৰিয়েই  ৰক্তাক্ত সংঘৰ্ষ, কাৰ্ফিউ, আৰক্ষীৰ গুলীচালনাৰ দৰে ঘটনা কেইসপ্তাহমানৰ পৰা সমগ্ৰ দেশে প্ৰত্যক্ষ কৰি আহিছে।

বুধবাৰে কাংপোকপি জিলাৰ খামেলোক গাঁৱত ভয়ংকৰ হিংসাৰ বলি হৈ নিহত হৈছিল ১১জন লোক। আহত হৈছিল ১৫ জনতকৈ অধিক লোক। এতিয়ালৈকে মণিপুৰ হিংসাত প্ৰায় ১০০জন লোক আৰু ৩১০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ