--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত সুৰক্ষিত নহয় মহিলা। মহিলা সুৰক্ষাক লৈ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা উদ্বেগক জনক পৰিস্থিতিক লৈ দেশজুৰি ব্যাপক চৰ্চা চলি থকা অৱস্থাতে, মহিলা আৰু শিশু কন্যাৰ সুৰক্ষাক লৈ সৰৱ হৈ পৰিছে দেশৰ প্ৰধান মন্ত্ৰী৷ এনে পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
    
কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক নৃশংসভাৱে ধৰ্ষণ আৰু হত্যা কাণ্ডৰ লগতে মুম্বাইৰ সমীপৰ বদলাপুৰত দুগৰাকীকৈ চাৰি বছৰীয়া স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ পাছতে সৃষ্টিহোৱা প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতিত মহিলা আৰু শিশু কন্যাৰ ওপৰত চলা অপৰাধৰ বিৰুদ্ধে ক্ষিপ্ৰভাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰি কয় যাতে দেশৰ জনসাধাৰণে নিশ্চিত সুৰক্ষা অনুভৱ কৰে৷ 

যদিও মহিলাৰ সুৰক্ষাৰ বাবে দেশত কঠোৰ আইন বলৱত কৰা হৈছে, সেই অনুসৰি আইন সমূহ অধিক সক্ৰিয় কৰি কাৰ্যত ৰূপায়ন কৰা প্ৰয়োজন। মহিলা নিৰ্যতনৰ সৈতে জড়িত গোচৰত যিমানেই দ্ৰুত ভাবে বিচাৰ হ’ব, সিমানেই জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত  হব বুলি সদৰি কৰে বিবৃতিটোত।

মহাৰাষ্ট্ৰৰ জলগাঁৱত যোৱা সপ্তাহতঅনুষ্ঠিত ‘লাখপতি দিদী সন্মিলন’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী নিৰ্যাতৰ দৰে অপৰাধ ‘ক্ষমাহীন অপৰাধ’ বুলি অভিহিত কৰি অপৰাধীয়ে আইনৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলি দাবী জনায়। মহিলাৰ সুৰক্ষা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ বুলিও সদৰি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ উপস্থিতিত ভাষণ প্ৰদান কৰি মহিলাৰ সুৰক্ষা ওপৰত এইদৰে সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ