--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত সুৰক্ষিত নহয় মহিলা। মহিলা সুৰক্ষাক লৈ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা উদ্বেগক জনক পৰিস্থিতিক লৈ দেশজুৰি ব্যাপক চৰ্চা চলি থকা অৱস্থাতে, মহিলা আৰু শিশু কন্যাৰ সুৰক্ষাক লৈ সৰৱ হৈ পৰিছে দেশৰ প্ৰধান মন্ত্ৰী৷ এনে পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
    
কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক নৃশংসভাৱে ধৰ্ষণ আৰু হত্যা কাণ্ডৰ লগতে মুম্বাইৰ সমীপৰ বদলাপুৰত দুগৰাকীকৈ চাৰি বছৰীয়া স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ পাছতে সৃষ্টিহোৱা প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতিত মহিলা আৰু শিশু কন্যাৰ ওপৰত চলা অপৰাধৰ বিৰুদ্ধে ক্ষিপ্ৰভাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰি কয় যাতে দেশৰ জনসাধাৰণে নিশ্চিত সুৰক্ষা অনুভৱ কৰে৷ 

যদিও মহিলাৰ সুৰক্ষাৰ বাবে দেশত কঠোৰ আইন বলৱত কৰা হৈছে, সেই অনুসৰি আইন সমূহ অধিক সক্ৰিয় কৰি কাৰ্যত ৰূপায়ন কৰা প্ৰয়োজন। মহিলা নিৰ্যতনৰ সৈতে জড়িত গোচৰত যিমানেই দ্ৰুত ভাবে বিচাৰ হ’ব, সিমানেই জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত  হব বুলি সদৰি কৰে বিবৃতিটোত।

মহাৰাষ্ট্ৰৰ জলগাঁৱত যোৱা সপ্তাহতঅনুষ্ঠিত ‘লাখপতি দিদী সন্মিলন’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী নিৰ্যাতৰ দৰে অপৰাধ ‘ক্ষমাহীন অপৰাধ’ বুলি অভিহিত কৰি অপৰাধীয়ে আইনৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলি দাবী জনায়। মহিলাৰ সুৰক্ষা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ বুলিও সদৰি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ উপস্থিতিত ভাষণ প্ৰদান কৰি মহিলাৰ সুৰক্ষা ওপৰত এইদৰে সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু