--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতাত সংঘটিত লোমহৰ্ষক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে।কলকতাৰ ঘটনাই দেশ জুৰি চৰ্চিত হৈ থকা সময়তে, এই ঘটনাক তিব্ৰ গৰিহণা দি কলকতাত অনুষ্ঠিত হ’বলগীয়া সংগীত অনুষ্ঠান পিছুৱাই দিছে জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে৷

এই নিষ্ঠুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে কণ্ঠশিল্পীগৰাকীক৷ তেওঁ প্ৰতিবাদকাৰীৰ সৈতে থিয় দিব বিচাৰে বুলি উল্লেখ কৰি কয়, ‘নাৰী ওপৰত হোৱা এই নিষ্ঠুৰতা দেখি মই কঁপি উঠিছো।’ এনে পৰিস্থিতিত অনুষ্ঠান পৰিৱেশন কৰিবৈ সনসিকভৱে প্ৰস্তু নহয়।’ বুলি উল্লেখ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে৷ 

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৪ ছেপ্টেম্বৰত নেতাজী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া সংগীত অনুষ্ঠান স্থগিত ৰখাৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে৷ যদিও অনুষ্ঠানৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল কিন্তু এই সময়ত প্ৰতিবাদকাৰীৰ সৈতে থিয় দিয়াটো প্ৰয়োজনীয় বুলি উল্লেখ কৰে শ্ৰেয়া ঘোষালে।কণ্ঠশিল্পীগৰাকীৰ এই পদক্ষেপে শ্ৰেয়া ঘোষালে সামাজিক দায়বদ্ধতা তথা সামাজিক বিষয় সমূহৰ প্ৰতি সংবেদনশীলতাৰ প্ৰকাশ কৰিছে৷ 

উল্লেখযোগ্য যে যোৱা ৯ আগষ্টত আৰ জি কাৰ হাস্পতালৰ পৰা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ৰ কনিষ্ঠ চিকিৎসকে ধৰ্মঘট আৱস্থান কৰিছে, সম্প্ৰতি সমগ্ৰ দেশতে বিয়পি পৰিছে এই প্ৰতিবাদ৷ এই পৰ্যন্ত চিবিআইৰ তদন্ত অব্যাহত আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু