--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত ভাৰতৰ পদক তালিকাত সংযোগ ঘটিছে আন এটা স্বৰ্ণ পদকৰ। আজি পঞ্চমদিনা ভাৰতৰ মহিলা লন বল দলটোৱে দেশক চতুৰ্থটো স্বৰ্ণ পদক উপহাৰ দিয়াৰ পাছত এইবাৰ দেশলৈ পঞ্চমটো স্বৰ্ণ কঢ়িয়াই আনিছে পুৰুষৰ টেবুল টেনিছ দলে। কমনৱেলথ গেমছত টেবুল টেনিছৰ দলীয় ইভেণ্টত আধিপত্য অব্যাহত ৰাখি অচন্ত শৰৎ কমলৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়টো কমনৱেলথ স্বৰ্ণ অৰ্জন কৰে।

২০১৮ বৰ্ষত গ’ল্ডক’ষ্ট কমনৱেলথ গেমছতো ভাৰতীয় দলে স্বৰ্ণ পদক জয় কৰিছিল। আজি ছিংগাপুৰৰ বিৰুদ্ধে ফাইনেলত ভাৰতে জি সাথিয়ানৰ আৰু হৰমিত দেশাইৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত কমনৱেলথত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ক্ৰমাগত দ্বিতীয়টো স্বৰ্ণ লাভ কৰে।

আজি ফাইনেলত ভাৰতে প্ৰথমখন ডাবলছ মেচত হৰমিত দেশাই আৰু জি সাথিয়ানৰ প্ৰভাৱশালী প্ৰদৰ্শনেৰে প্ৰতিদ্বন্দী য়ং কুৱেক আৰু য়ু পাঙক ৩-০ ব্যৱধানত পৰাস্ত কৰি ১-০ ৰ অগ্ৰগতি লাভ কৰিছিল। কিন্তু ফাইনেলৰ ফাইনেলৰ প্ৰথমখন একক খেলত অভিজ্ঞ শৰৎ কমলে ক্লেৰেঞ্চ চিউৰ হাতত অভাৱনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত সমতা স্থাপন হয়।

অৱশ্যে দ্বিতীয়খন একক খেলত জি সাথিয়ানে ইউ পাঙক ৩-১ ব্যৱধানত পৰাস্ত কৰি ভাৰতক পুনৰ অগ্ৰগতি প্ৰদান কৰে। অৱশেষত তৃতীয়খন একক মেচত হাৰমিত দেশাইয়ে ক্লেৰেঞ্চ চিউক ৩-০ ব্যৱধানৰ পোনপটীয়া খেলত পৰাজিত কৰি দেশক আকাংক্ষিত স্বৰ্ণ পদক উপহাৰ দিয়ে।

উল্লেখ্য যে কমনৱেলথ গেমছৰ ইতিহাসত টেবুল টেনিছৰ পুৰুষৰ দলীয় ইভেণ্টত এইয়া ভাৰতৰ সামগ্ৰিকভাৱে চতুৰ্থ পদক আৰু তৃতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে বিগত বাৰৰ গ’ল্ডক’ষ্টৰ লগতে ২০০৬ চনত মেলবৰ্ণ গেমছত আৰু ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু