--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২৭ আগষ্টৰ পৰা ২৯ আগষ্টলৈকে গুজৰাটৰ বদোদৰা চহৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিশ্বমিত্ৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়, যাৰ বাবে বানপানীৰ ফলত বাঢ়ি অনা পানীৰ সৈতে ২৪টা ঘৰিয়াল আৱাসিক অঞ্চলত দেখা গ’ল। এই পৰিস্থিতিয়ে অঞ্চলটোত আলোড়নৰ সৃষ্টি কৰে। কিন্তু বন বিভাগৰ লোকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি নিৰাপদে আটাইকেইটা ঘৰিয়ালক উদ্ধাৰ কৰি অঞ্চলটোৰ বাহিৰলৈ লৈ যায়।


বদোদৰা ৰেঞ্জৰ বন বিষয়া কৰণ সিং ৰাজপুতে কয় যে বিশ্বমিত্ৰী নদীত প্ৰায় ৪৪০ টা ঘৰিয়াল বাস কৰে। বানপানীৰ সময়ত আজৱা মথাউৰিৰ পৰা পানী ওলায় অহাৰ বাবে বহু ঘৰিয়াল আৱাসিক এলেকাত জাহ যায়। ৰাজপুতৰ মতে, এই তিনিদিনত ২৪টা ঘৰিয়ালৰ উপৰিও আন ৭৫টা জীৱ-জন্তুও উদ্ধাৰ কৰা হয়, য’ত বিভিন্ন ধৰনৰ সাপ, মাছ, ৫টা ডাঙৰ কাছ আৰু এটা কেঁটেলা পহু উদ্ধাৰ কৰা হয়।


ৰাজপুতে কয় যে ‘আটাইতকৈ সৰু ঘৰিয়ালটোৰ দৈৰ্ঘ্য দুফুট, আনহাতে আটাইতকৈ ডাঙৰ ঘৰিয়ালটোৰ দৈৰ্ঘ্য ১৪ ফুট। ১৪ ফুট দীঘল এই ঘৰিয়ালটো বৃহস্পতিবাৰে কামনাথ নগৰত ধৰা পৰে, এই বিষয়ে স্থানীয় ৰাইজে খবৰ দিয়ে। ইয়াৰ উপৰিও বৃহস্পতিবাৰে এম এছ বিশ্ববিদ্যালয়ৰ ইএমই চাৰ্কল আৰু জীৱবিজ্ঞান বিভাগৰ পৰা উদ্ধাৰ কৰা হয় ১১ ফুট দীঘল আন দুটা ঘৰিয়াল।’

ৰাজপুতে লগতে কয় যে এই তিনিদিনীয়া বানপানীৰ সময়ত কোনো ঘৰিয়াল-মানুহৰ সংঘাতৰ খবৰ পোৱা নগ’ল। সাধাৰণতে ঘৰিয়ালে মানুহক আক্ৰমণ নকৰে বুলিও তেওঁ কয়। ইহঁতে প্ৰধানকৈ মাছ আৰু জন্তুৰ অৱশিষ্ট খাই জীয়াই থাকে। ইহঁতে মাজে মাজে কুকুৰ, গাহৰি আৰু অন্যান্য সৰু জীৱ-জন্তুকো হত্যা কৰিব পাৰে। শেহতীয়াকৈ এনে এটা ঘটনাৰ ভিডিঅ’ও ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত । এতিয়া বিশ্বমিত্ৰী নদীৰ জলপৃষ্ঠ বহু পৰিমাণে হ্ৰাস পাইছে, আৰু উদ্ধাৰ কৰা ঘৰিয়াল আৰু অন্যান্য জীৱ-জন্তু শীঘ্ৰে পুনৰ নদীত মুকলি কৰি দিয়াৰ পৰিকল্পনা বন বিভাগে কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ