--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২৭ আগষ্টৰ পৰা ২৯ আগষ্টলৈকে গুজৰাটৰ বদোদৰা চহৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিশ্বমিত্ৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়, যাৰ বাবে বানপানীৰ ফলত বাঢ়ি অনা পানীৰ সৈতে ২৪টা ঘৰিয়াল আৱাসিক অঞ্চলত দেখা গ’ল। এই পৰিস্থিতিয়ে অঞ্চলটোত আলোড়নৰ সৃষ্টি কৰে। কিন্তু বন বিভাগৰ লোকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি নিৰাপদে আটাইকেইটা ঘৰিয়ালক উদ্ধাৰ কৰি অঞ্চলটোৰ বাহিৰলৈ লৈ যায়।


বদোদৰা ৰেঞ্জৰ বন বিষয়া কৰণ সিং ৰাজপুতে কয় যে বিশ্বমিত্ৰী নদীত প্ৰায় ৪৪০ টা ঘৰিয়াল বাস কৰে। বানপানীৰ সময়ত আজৱা মথাউৰিৰ পৰা পানী ওলায় অহাৰ বাবে বহু ঘৰিয়াল আৱাসিক এলেকাত জাহ যায়। ৰাজপুতৰ মতে, এই তিনিদিনত ২৪টা ঘৰিয়ালৰ উপৰিও আন ৭৫টা জীৱ-জন্তুও উদ্ধাৰ কৰা হয়, য’ত বিভিন্ন ধৰনৰ সাপ, মাছ, ৫টা ডাঙৰ কাছ আৰু এটা কেঁটেলা পহু উদ্ধাৰ কৰা হয়।


ৰাজপুতে কয় যে ‘আটাইতকৈ সৰু ঘৰিয়ালটোৰ দৈৰ্ঘ্য দুফুট, আনহাতে আটাইতকৈ ডাঙৰ ঘৰিয়ালটোৰ দৈৰ্ঘ্য ১৪ ফুট। ১৪ ফুট দীঘল এই ঘৰিয়ালটো বৃহস্পতিবাৰে কামনাথ নগৰত ধৰা পৰে, এই বিষয়ে স্থানীয় ৰাইজে খবৰ দিয়ে। ইয়াৰ উপৰিও বৃহস্পতিবাৰে এম এছ বিশ্ববিদ্যালয়ৰ ইএমই চাৰ্কল আৰু জীৱবিজ্ঞান বিভাগৰ পৰা উদ্ধাৰ কৰা হয় ১১ ফুট দীঘল আন দুটা ঘৰিয়াল।’

ৰাজপুতে লগতে কয় যে এই তিনিদিনীয়া বানপানীৰ সময়ত কোনো ঘৰিয়াল-মানুহৰ সংঘাতৰ খবৰ পোৱা নগ’ল। সাধাৰণতে ঘৰিয়ালে মানুহক আক্ৰমণ নকৰে বুলিও তেওঁ কয়। ইহঁতে প্ৰধানকৈ মাছ আৰু জন্তুৰ অৱশিষ্ট খাই জীয়াই থাকে। ইহঁতে মাজে মাজে কুকুৰ, গাহৰি আৰু অন্যান্য সৰু জীৱ-জন্তুকো হত্যা কৰিব পাৰে। শেহতীয়াকৈ এনে এটা ঘটনাৰ ভিডিঅ’ও ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত । এতিয়া বিশ্বমিত্ৰী নদীৰ জলপৃষ্ঠ বহু পৰিমাণে হ্ৰাস পাইছে, আৰু উদ্ধাৰ কৰা ঘৰিয়াল আৰু অন্যান্য জীৱ-জন্তু শীঘ্ৰে পুনৰ নদীত মুকলি কৰি দিয়াৰ পৰিকল্পনা বন বিভাগে কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু