--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এন আই আৰ এফ হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ স্থান নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা এক পদ্ধতি। দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ এই তালিকাখন ১৩টা শিতানত প্ৰকাশ কৰা হৈছে, য’ত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, অভিযান্ত্ৰিক, ব্যৱস্থাপনা, আইন, স্থাপত্য, দন্ত চিকিৎসা, উদ্ভাৱন, কৃষি, সংশ্লিষ্ট প্ৰতিষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠান আদি অন্তৰ্ভুক্ত কৰা হৈছে।

নতুন দিল্লীৰ ভাৰত মণ্ডপামত ২০২৪ বৰ্ষৰ এন আই আৰ এফ ৰেংকিংৰ তালিকা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই কাৰ্যসূচীত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুকান্তো মজুমদাৰ উপস্থিত থাকে। ২০২৩ চনত আই আই টি মাদ্ৰাজে সামগ্ৰিক ৰেংকিং ত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে আই আই এছ চি বাংগালুৰু শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল। আই আই এম আহমেদাবাদক শ্ৰেষ্ঠ পৰিচালনা প্ৰতিষ্ঠানৰ মৰ্যাদা দিয়াৰ বিপৰীতে মিৰাণ্ডা হাউছ দেশৰ মহাবিদ্যালয়সমূহৰ শীৰ্ষ তালিকাত আছিল। ২০২৩ চনত মুঠ ৮৬৮৬খন প্ৰতিষ্ঠানে এই ৰেংকিং ত অংশগ্ৰহণ কৰাৰ বিপৰীতে ২০২২ চনত ৭২৫৪খন প্ৰতিষ্ঠানে আৰু ২০২১ চনত ৬,২৭২খন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। 

জানো আহক এইবৰ্ষৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমুহ —

১) আই আই টি মাদ্ৰাজ,
২) আই আই এছ চি বাংগালুৰু,
৩) আই আই টি বম্বে,
৪) আই আই টি দিল্লী,
৫) আই আই টি কানপুৰ,
৬) আই আই টি খড়গপুৰ,
৭) এইমছ, দিল্লী, 
৮) আই আই টি ৰুৰকী, 
৯) আই আই টি গুৱাহাটী, 
১০) জে এন ইউ, দিল্লী  


* দেশৰ শীৰ্ষ ১০ খন বিশ্ববিদ্যালয় -

১) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু
২) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী
৩) জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী
৪) মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যন, মণিপাল
৫) বেনাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰাণসী
৬) দিল্লী বিশ্ববিদ্যালয়, নতুন দিল্লী
৭) অমৃত বিশ্ব বিদ্যাপীথাম, কইম্বাটুৰ
৮) আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়
৯) জাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
১০) ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজি, ভেল্লোৰ


* সামগ্ৰিকভাৱে শীৰ্ষ-১০খন বিশ্ববিদ্যালয় -

১) আই আই টি মাদ্ৰাছ
২) আই আই এছ চি বাংগালুৰু,
৩) আই আই টি বম্বে,
৪) আই আই টি দিল্লী,
৫) আই আই টি কানপুৰ,
৬) আই আই টি খড়গপুৰ,
৭) এইমছ, দিল্লী, 
৮) আই আই টি ৰুৰকী, 
৯) আই আই টি গুৱাহাটী, 
১০) জে এন ইউ, দিল্লী 

* ভাৰতৰ শীৰ্ষ মহাবিদ্যালয়সমূহ -

১)হিন্দু কলেজ, দিল্লী
২)মিৰাণ্ডা হাউচ, দিল্লী
৩)দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজ
৪)ৰাম কৃষ্ণ মিছন বিবেকানন্দ শতবাৰ্ষিক মহাবিদ্যালয়, কলকাতা
৫)আত্ম ৰাম সনাতন ধৰ্ম মহাবিদ্যালয়, দিল্লী
৬)চেণ্ট জেভিয়াৰ কলেজ, কলকাতা
৭)পি এছ জি আৰ কৃষ্ণমল মহিলা মহাবিদ্যালয়, কইম্বাটুৰ
৮)লয়োলা কলেজ, চেন্নাই
৯)কিৰোৰি মাল কলেজ, দিল্লী
১০)লেডী শ্ৰী ৰাম কলেজ ফৰ উইমেন, দিল্লী

* শীৰ্ষ ব্যৱস্থাপনা প্ৰতিষ্ঠানসমুহ -

১)আই আই এম আহমেদাবাদ
২)আই আই এম বাংগালুৰু
৩)আই আই এম কোজিকোড
৪)আই আই টি দিল্লী
৫)আই আই এম কলিকতা
৬)আই আই এম মুম্বাই
৭)আই আই এম লক্ষ্ণৌ
৮)আই আই এম ইন্দোৰ
৯)এক্সএলআৰআই, জামছেদপুৰ
১০)আই আই টি বম্বে

* ভাৰতৰ শীৰ্ষ ১০ খন অভিযান্ত্ৰিক মহাবিদ্যালয় -

১)আই আই টি-মাদ্ৰাজ, তামিলনাডু
২)আই আই টি দিল্লী, দিল্লী
৩)আই আই টি-বম্বে, মহাৰাষ্ট্ৰ
৪)আই আই টি-কানপুৰ, উত্তৰ প্ৰদেশ
৫)আই আই টি-খৰগপুৰ, পশ্চিম বংগ
৬)আই আই টি ৰূৰকী, উত্তৰাখণ্ড
৭)আই আই টি-গুৱাহাটী, অসম
৮)আই আই টি-হায়দৰাবাদ, তেলেংগানা
৯)এন. আই.টি.টিৰুচিৰাপল্লী, তামিলনাডু
১০)আই আই টি-বানাৰস, ইউ পি


প্ৰসংগক্ৰমে, দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকাত আই আই টিয়ে আধিপত্য বিস্তাৰ কৰিলেও ৰেংকিং লাভ কৰা একমাত্ৰ বিশ্ববিদ্যালয়সমূহ হ’ল জে এন ইউ আৰু মেডিকেল কলেজ হিচাপে দিল্লীৰ এইমছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ