--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এন আই আৰ এফ হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ স্থান নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা এক পদ্ধতি। দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ এই তালিকাখন ১৩টা শিতানত প্ৰকাশ কৰা হৈছে, য’ত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, অভিযান্ত্ৰিক, ব্যৱস্থাপনা, আইন, স্থাপত্য, দন্ত চিকিৎসা, উদ্ভাৱন, কৃষি, সংশ্লিষ্ট প্ৰতিষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠান আদি অন্তৰ্ভুক্ত কৰা হৈছে।

নতুন দিল্লীৰ ভাৰত মণ্ডপামত ২০২৪ বৰ্ষৰ এন আই আৰ এফ ৰেংকিংৰ তালিকা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই কাৰ্যসূচীত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুকান্তো মজুমদাৰ উপস্থিত থাকে। ২০২৩ চনত আই আই টি মাদ্ৰাজে সামগ্ৰিক ৰেংকিং ত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে আই আই এছ চি বাংগালুৰু শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল। আই আই এম আহমেদাবাদক শ্ৰেষ্ঠ পৰিচালনা প্ৰতিষ্ঠানৰ মৰ্যাদা দিয়াৰ বিপৰীতে মিৰাণ্ডা হাউছ দেশৰ মহাবিদ্যালয়সমূহৰ শীৰ্ষ তালিকাত আছিল। ২০২৩ চনত মুঠ ৮৬৮৬খন প্ৰতিষ্ঠানে এই ৰেংকিং ত অংশগ্ৰহণ কৰাৰ বিপৰীতে ২০২২ চনত ৭২৫৪খন প্ৰতিষ্ঠানে আৰু ২০২১ চনত ৬,২৭২খন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। 

জানো আহক এইবৰ্ষৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমুহ —

১) আই আই টি মাদ্ৰাজ,
২) আই আই এছ চি বাংগালুৰু,
৩) আই আই টি বম্বে,
৪) আই আই টি দিল্লী,
৫) আই আই টি কানপুৰ,
৬) আই আই টি খড়গপুৰ,
৭) এইমছ, দিল্লী, 
৮) আই আই টি ৰুৰকী, 
৯) আই আই টি গুৱাহাটী, 
১০) জে এন ইউ, দিল্লী  


* দেশৰ শীৰ্ষ ১০ খন বিশ্ববিদ্যালয় -

১) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু
২) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী
৩) জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী
৪) মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যন, মণিপাল
৫) বেনাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰাণসী
৬) দিল্লী বিশ্ববিদ্যালয়, নতুন দিল্লী
৭) অমৃত বিশ্ব বিদ্যাপীথাম, কইম্বাটুৰ
৮) আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়
৯) জাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
১০) ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজি, ভেল্লোৰ


* সামগ্ৰিকভাৱে শীৰ্ষ-১০খন বিশ্ববিদ্যালয় -

১) আই আই টি মাদ্ৰাছ
২) আই আই এছ চি বাংগালুৰু,
৩) আই আই টি বম্বে,
৪) আই আই টি দিল্লী,
৫) আই আই টি কানপুৰ,
৬) আই আই টি খড়গপুৰ,
৭) এইমছ, দিল্লী, 
৮) আই আই টি ৰুৰকী, 
৯) আই আই টি গুৱাহাটী, 
১০) জে এন ইউ, দিল্লী 

* ভাৰতৰ শীৰ্ষ মহাবিদ্যালয়সমূহ -

১)হিন্দু কলেজ, দিল্লী
২)মিৰাণ্ডা হাউচ, দিল্লী
৩)দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজ
৪)ৰাম কৃষ্ণ মিছন বিবেকানন্দ শতবাৰ্ষিক মহাবিদ্যালয়, কলকাতা
৫)আত্ম ৰাম সনাতন ধৰ্ম মহাবিদ্যালয়, দিল্লী
৬)চেণ্ট জেভিয়াৰ কলেজ, কলকাতা
৭)পি এছ জি আৰ কৃষ্ণমল মহিলা মহাবিদ্যালয়, কইম্বাটুৰ
৮)লয়োলা কলেজ, চেন্নাই
৯)কিৰোৰি মাল কলেজ, দিল্লী
১০)লেডী শ্ৰী ৰাম কলেজ ফৰ উইমেন, দিল্লী

* শীৰ্ষ ব্যৱস্থাপনা প্ৰতিষ্ঠানসমুহ -

১)আই আই এম আহমেদাবাদ
২)আই আই এম বাংগালুৰু
৩)আই আই এম কোজিকোড
৪)আই আই টি দিল্লী
৫)আই আই এম কলিকতা
৬)আই আই এম মুম্বাই
৭)আই আই এম লক্ষ্ণৌ
৮)আই আই এম ইন্দোৰ
৯)এক্সএলআৰআই, জামছেদপুৰ
১০)আই আই টি বম্বে

* ভাৰতৰ শীৰ্ষ ১০ খন অভিযান্ত্ৰিক মহাবিদ্যালয় -

১)আই আই টি-মাদ্ৰাজ, তামিলনাডু
২)আই আই টি দিল্লী, দিল্লী
৩)আই আই টি-বম্বে, মহাৰাষ্ট্ৰ
৪)আই আই টি-কানপুৰ, উত্তৰ প্ৰদেশ
৫)আই আই টি-খৰগপুৰ, পশ্চিম বংগ
৬)আই আই টি ৰূৰকী, উত্তৰাখণ্ড
৭)আই আই টি-গুৱাহাটী, অসম
৮)আই আই টি-হায়দৰাবাদ, তেলেংগানা
৯)এন. আই.টি.টিৰুচিৰাপল্লী, তামিলনাডু
১০)আই আই টি-বানাৰস, ইউ পি


প্ৰসংগক্ৰমে, দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকাত আই আই টিয়ে আধিপত্য বিস্তাৰ কৰিলেও ৰেংকিং লাভ কৰা একমাত্ৰ বিশ্ববিদ্যালয়সমূহ হ’ল জে এন ইউ আৰু মেডিকেল কলেজ হিচাপে দিল্লীৰ এইমছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু