--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ উৰিষ্যাৰ এখন সৰু গাঁৱৰ জীয়ৰী আজি ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ দৌৰত । ৰাষ্ট্ৰপতি ভৱনলৈ তেখেতৰ যাত্ৰা মসৃণ নাছিল৷ দ্ৰৌপদী মূৰ্মূ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ’লে ভাৰতে লাভ কৰিব দেশৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি । কিন্তু  উৰিষ্যাৰ এইগৰাকী জনজাতীয় নেত্ৰী আৰু এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মূৰ বিষয়ে অসন্মানজনক টুইট কৰি এতিয়া বিপদত পৰিছে বলীউডৰ বিখ্যাত পৰিচালক ৰামগোপাল বাৰ্মা৷ 

তেখেতে টুইট কৰিছিল, ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি হয় তেন্তে পাণ্ডৱসকল কোন?  আৰু তাতকৈ ডাঙৰ প্ৰশ্ন কৌৰৱ কোন?'

সময়ে সময়ে জনপ্ৰিয় লোকসকলৰ এনে দায়িত্বহীন  মন্তব্যই সামাজিক মাধ্যমত বহু লোকক ক্ৰুদ্ধ আৰু অসন্তুষ্ট কৰি তোলে ৷ লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাত ৰাম গোপালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মনোজ সিং নামৰ এজন সমাজকৰ্মীয়ে।

এই টুইটৰ পিছতে কেৱল উৰিষ্যাৰে নহয়, সমগ্ৰ দেশৰে বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।  ৰাষ্ট্ৰৰ প্ৰথমগৰাকী নাগৰিক হ’বলৈ ওলোৱা দ্ৰৌপদী মূৰ্মূক সামাজিক মাধ্যমত হাৰাশাস্তি কৰা আৰু মহাভাৰত তথা হিন্দু ধৰ্মীয় বিশ্বাসৰ শিপাত আঘাত কৰা বুলি কেন্দ্ৰৰ অতিৰিক্ত উপাযুক্ত ৰাঘবেন্দ্ৰ মিশ্ৰই অভিযোগ লাভ কৰাৰ পিছতে কয়।   ভাৰতীয় সংবিধানৰ একাধিক ধাৰাত ইতিমধ্যে পৰিচালকজনৰ নামত গোচৰ ৰুজু হৈছে ৷

তদন্তকাৰী দলে শীঘ্ৰেই  তেওঁক জেৰা কৰিব। অৱশ্যে এইক্ষেত্ৰত পৰিচালকজনে পিছত নিজৰ ভুল স্বীকাৰ কৰে আৰু কাৰো ধৰ্মীয় অনুভূতিত আঘাত হনা অথবা কাৰোবাৰ সন্মানহানিৰ কোনো উদ্দেশ্য নাছিল বুলি তেখেতে জনায়৷  তেখেতে লগতে কয়,
 “মহাভাৰতৰ দ্ৰৌপদী মোৰ প্ৰিয় চৰিত্ৰ।  তেওঁৰ লগত জড়িত সকলো চৰিত্ৰৰ প্ৰতি মোৰ এক বেলেগ অনুভৱ হয়।  গতিকে মই মাত্ৰ ধেমালিতে কিবা এষাৰ কৈছিলোঁ।  কাৰো মূল্যবোধত আঘাত কৰা মোৰ উদ্দেশ্য নাছিল।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ