--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ উৰিষ্যাৰ এখন সৰু গাঁৱৰ জীয়ৰী আজি ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ দৌৰত । ৰাষ্ট্ৰপতি ভৱনলৈ তেখেতৰ যাত্ৰা মসৃণ নাছিল৷ দ্ৰৌপদী মূৰ্মূ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ’লে ভাৰতে লাভ কৰিব দেশৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি । কিন্তু  উৰিষ্যাৰ এইগৰাকী জনজাতীয় নেত্ৰী আৰু এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মূৰ বিষয়ে অসন্মানজনক টুইট কৰি এতিয়া বিপদত পৰিছে বলীউডৰ বিখ্যাত পৰিচালক ৰামগোপাল বাৰ্মা৷ 

তেখেতে টুইট কৰিছিল, ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি হয় তেন্তে পাণ্ডৱসকল কোন?  আৰু তাতকৈ ডাঙৰ প্ৰশ্ন কৌৰৱ কোন?'

সময়ে সময়ে জনপ্ৰিয় লোকসকলৰ এনে দায়িত্বহীন  মন্তব্যই সামাজিক মাধ্যমত বহু লোকক ক্ৰুদ্ধ আৰু অসন্তুষ্ট কৰি তোলে ৷ লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাত ৰাম গোপালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মনোজ সিং নামৰ এজন সমাজকৰ্মীয়ে।

এই টুইটৰ পিছতে কেৱল উৰিষ্যাৰে নহয়, সমগ্ৰ দেশৰে বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।  ৰাষ্ট্ৰৰ প্ৰথমগৰাকী নাগৰিক হ’বলৈ ওলোৱা দ্ৰৌপদী মূৰ্মূক সামাজিক মাধ্যমত হাৰাশাস্তি কৰা আৰু মহাভাৰত তথা হিন্দু ধৰ্মীয় বিশ্বাসৰ শিপাত আঘাত কৰা বুলি কেন্দ্ৰৰ অতিৰিক্ত উপাযুক্ত ৰাঘবেন্দ্ৰ মিশ্ৰই অভিযোগ লাভ কৰাৰ পিছতে কয়।   ভাৰতীয় সংবিধানৰ একাধিক ধাৰাত ইতিমধ্যে পৰিচালকজনৰ নামত গোচৰ ৰুজু হৈছে ৷

তদন্তকাৰী দলে শীঘ্ৰেই  তেওঁক জেৰা কৰিব। অৱশ্যে এইক্ষেত্ৰত পৰিচালকজনে পিছত নিজৰ ভুল স্বীকাৰ কৰে আৰু কাৰো ধৰ্মীয় অনুভূতিত আঘাত হনা অথবা কাৰোবাৰ সন্মানহানিৰ কোনো উদ্দেশ্য নাছিল বুলি তেখেতে জনায়৷  তেখেতে লগতে কয়,
 “মহাভাৰতৰ দ্ৰৌপদী মোৰ প্ৰিয় চৰিত্ৰ।  তেওঁৰ লগত জড়িত সকলো চৰিত্ৰৰ প্ৰতি মোৰ এক বেলেগ অনুভৱ হয়।  গতিকে মই মাত্ৰ ধেমালিতে কিবা এষাৰ কৈছিলোঁ।  কাৰো মূল্যবোধত আঘাত কৰা মোৰ উদ্দেশ্য নাছিল।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু