--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদ হৈছে লাড়ু ৷ এই লাড়ু মাছৰ তেল আৰু পশুৰ চৰ্বিৰে বনোৱাৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে এক হুলস্থুলৰ সৃষ্টি হৈছে দেশত। এই ঘটনাৰ সন্দৰ্ভত ৯ জনীয়া এছআইটি দল গঠন কৰা হৈছে যিয়ে এতিয়া এই বিষয়টোৰ তদন্ত কৰিবলৈ ওলাইছে। এই বিষয়টোক লৈ বহু দিন ধৰি বিতৰ্কৰ সৃষ্টি হৈছে, কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷


Tirupati Laddu Controversy: 6 Important Questions That Every Devotee Is  Asking - Oneindia News
 

অৱশ্যে এই বিষয়টোত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। তেওঁ দাবী কৰিছে যে তিৰুপতি প্ৰসাদৰ বাবে ব্যৱহাৰ কৰা ঘিউ পশুৰ চৰ্বিৰ সৈতে মিহলি হৈ আছে। লেবৰ ৰিপৰ্টৰ উদ্ধৃতি দি তেওঁ এই কথা উল্লেখ কৰে। তেতিয়াৰ পৰাই এই বিষয়টোৱে গতি লাভ কৰিবলৈ আৰম্ভ কৰিলে আৰু এই বিষয়ত ৰাজনীতিও আৰম্ভ হ’ল। কিছুদিন পূৰ্বে আনকি অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰ বাবে অৰ্ডাৰ দিয়া লাড়ুবোৰ কেৱল তিৰুপতিৰ পৰা অহা বুলিও কোৱা হৈছিল। এই কাৰণতে কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ গুৰুত্ব বুজি পায় আৰু এতিয়া ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহন কৰিলে SIT গঠন কৰাৰ ৷


IPS officer to head SIT for probing Tirupati laddu case | Latest News India  - Hindustan Times

এই প্ৰসাদৰ সন্দৰ্ভত এক প্ৰতিবেদনত কোৱা হৈছে যে বিশেষ পাকঘৰত এই প্ৰসাদ প্ৰস্তুত কৰা হয়, অন্ধ্ৰ প্ৰদেশত ইয়াক পটু বুলি জনা যায়। এই প্ৰসাদ বনোৱাৰ দায়িত্বও এটা বিশেষ শ্ৰেণীক দিয়া হয় যিসকলে বিগত কেইবা শতিকা ধৰি এই কাৰ্য কৰি আহিছে, অৰ্থাৎ তেওঁলোকৰ বাবে ই সংস্কৃতিৰ এটা অংশ হৈ পৰিছে। উল্লেখ্য যে এই প্ৰসাদ বনোৱা সকলক মাত্ৰ এটুকুৰা কাপোৰ পিন্ধিবলৈ দিয়া হয়। এই প্ৰসাদ বনাবলৈ ঘিউৰ উপৰিও আটা, চেনি, কাজু বাদাম, ইলাচি, কৰ্ফূৰ আৰু কিচমিচ ব্যৱহাৰ কৰা হয়। এই প্ৰসাদ ইমানেই বিশেষ যে ২০১৪ চনত ই জিআই টেগ লাভ কৰিবলৈ সক্ষম হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ