--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাই পল্লৱী হৈছে দক্ষিণৰ ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ছাই পল্লৱী বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে। এনে কি কথা ক'লে যাৰ বাবে অভিনেত্ৰীগৰাকীৰ জীৱনলৈ নামি আহিছে বিপদ। ছাই পল্লৱীৰ এটা মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু এই ভাইৰেল মন্তব্যৰ প্ৰেক্ষাপটতে আৰম্ভ হৈছে বিবাদ।  ছাই পল্লৱীৰ বিৰুদ্ধে থানাত দাখিল হৈছে এজাহাৰ। শেহতীয়াকৈ সংঘটিত ধৰ্মীয় হিংসাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এই মন্তব্যক লৈ ছচিয়েল মিডিয়াত বিতৰ্ক চলি আছে। এইবাৰ তেওঁৰ বিৰুদ্ধে হায়দৰাবাদৰ চুলতান বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। লগতে অভিনেত্ৰীগৰাকীৰ ২৬ মিনিটৰ ভাষণৰ এটা ভিডিঅ’ তদন্তকাৰীক অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। শেহতীয়াকৈ ছাই পল্লৱীয়ে নিজৰ চিনেমা 'বিৰাটা পৰ্বম'ৰ প্ৰচাৰৰ কামত ব্যস্ত হৈ আছে। এই ছবিখনৰ প্ৰচাৰৰ বাবে তেওঁ এক অনুষ্ঠানত অংশ লৈছিল। সেইখিনিতে তেওঁৰ এটা মন্তব্য ভাইৰেল হৈ পৰে। এই ভাইৰেল ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰিব পৰা নগ'ল। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কৈ থকা দেখা গৈছে যে “এজন ব্যক্তি যি পৰিৱেশত ডাঙৰ-দীঘল হয়, তাৰ ওপৰত ভিত্তি কৰি তেওঁৰ দৃষ্টিভংগী গঢ় লৈ উঠে”। হিংসাৰ বিষয়টো অত্যন্ত জটিল। কাৰণ এটা কথা যদি এটাৰ বাবে সঠিক হয় তেন্তে সেইটো আনটোৰ বাবে ভুল। "কাশ্মীৰ ফাইলছে দেখুৱাইছে যে সেই সময়ত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ হত্যা কৰা হৈছিল। যদি আপুনি সেই বিষয়টোক ধৰ্মীয় সংঘাত হিচাপে লৈছে, তেন্তে শেহতীয়াকৈ এটা কাণ্ড সংঘটিত হৈছিল য'ত এজন মুছলমান লোকে গৰু কঢ়িয়াই আনিছিল। তেওঁক মাৰপিট কৰি 'জয় শ্ৰী ৰাম' ধ্বনি দিবলৈ বাধ্য কৰোৱা হৈছিল। গতিকে এই দুটা কাণ্ডৰ মাজত পাৰ্থক্য ক'ত।" কাশ্মীৰত যি ঘটিছিল আৰু শেহতীয়াকৈ যি ঘটিছে তাৰ মাজত পাৰ্থক্য আছেনে?" ছাই পল্লৱীৰ এই মন্তব্যক লৈ ইতিমধ্যে আৰম্ভ হৈছে বিবাদ। অৱশ্যে এই বিতৰ্কত মন্তব্যৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে নিজেই মুখ বন্ধ কৰি আছে। ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক সমালোচনা। 

এজন নেটিজেনৰ ভাষাত "এই দুটা ঘটনাৰ তুলনা কৰি লাভ নাই।" অত্যন্ত অপ্রাসংগিক মন্তব্য। ইয়াৰ ফলত সমাজত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰিব পাৰে।" উল্লেখ্য যে ছাই পল্লৱীয়ে এইকেইদিন প্ৰচাৰ কৰি থকা তেওঁৰ আগন্তুক তেলেগু ছবি ‘বিৰাটা পৰ্বম’ত নব্বৈৰ দশকৰ এক প্ৰকৃত ঘটনাৰ ওপৰত নিৰ্মিত হৈছে।। ৰাণা ডাগগুবাটীয়েও অভিনয় কৰা এই ছবিখনত তেলেংগানা অঞ্চলৰ নক্সালবাদী আন্দোলনৰ পটভূমিত নিৰ্মিত এক প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে। ১৭ জুনত ছবিগৃহত মুক্তি পাইছে ছাই পল্লৱীৰ ‘বিৰাটা পৰ্বম’। বহুতে ছাই পল্লৱীৰ এই ছবিখন বৰ্জনৰ বাবে আহ্বান জনাইছে। ছাই পল্লৱীৰ বিতৰ্কিত মন্তব্যৰ বাবে ‘বিৰাটা পৰ্বম’ৰ ওপৰত কি প্ৰভাৱ পৰিব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ