--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাই পল্লৱী হৈছে দক্ষিণৰ ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ছাই পল্লৱী বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে। এনে কি কথা ক'লে যাৰ বাবে অভিনেত্ৰীগৰাকীৰ জীৱনলৈ নামি আহিছে বিপদ। ছাই পল্লৱীৰ এটা মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু এই ভাইৰেল মন্তব্যৰ প্ৰেক্ষাপটতে আৰম্ভ হৈছে বিবাদ।  ছাই পল্লৱীৰ বিৰুদ্ধে থানাত দাখিল হৈছে এজাহাৰ। শেহতীয়াকৈ সংঘটিত ধৰ্মীয় হিংসাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এই মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক চলি আছে। এইবাৰ তেওঁৰ বিৰুদ্ধে হায়দৰাবাদৰ চুলতান বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। লগতে অভিনেত্ৰীগৰাকীৰ ২৬ মিনিটৰ ভাষণৰ এটা ভিডিঅ’ তদন্তকাৰীক অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। শেহতীয়াকৈ ছাই পল্লৱীয়ে নিজৰ চিনেমা 'বিৰাটা পৰ্বম'ৰ প্ৰচাৰৰ কামত ব্যস্ত হৈ আছে। এই ছবিখনৰ প্ৰচাৰৰ বাবে তেওঁ এক অনুষ্ঠানত অংশ লৈছিল। সেইখিনিতে তেওঁৰ এটা মন্তব্য ভাইৰেল হৈ পৰে। এই ভাইৰেল ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰিব পৰা নগ'ল। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কৈ থকা দেখা গৈছে যে “এজন ব্যক্তি যি পৰিৱেশত ডাঙৰ-দীঘল হয়, তাৰ ওপৰত ভিত্তি কৰি তেওঁৰ দৃষ্টিভংগী গঢ় লৈ উঠে”। হিংসাৰ বিষয়টো অত্যন্ত জটিল। কাৰণ এটা কথা যদি এটাৰ বাবে সঠিক হয় তেন্তে সেইটো আনটোৰ বাবে ভুল। "কাশ্মীৰ ফাইলছে দেখুৱাইছে যে সেই সময়ত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ হত্যা কৰা হৈছিল। যদি আপুনি সেই বিষয়টোক ধৰ্মীয় সংঘাত হিচাপে লৈছে, তেন্তে শেহতীয়াকৈ এটা কাণ্ড সংঘটিত হৈছিল য'ত এজন মুছলমান লোকে গৰু কঢ়িয়াই আনিছিল। তেওঁক মাৰপিট কৰি 'জয় শ্ৰী ৰাম' ধ্বনি দিবলৈ বাধ্য কৰোৱা হৈছিল। গতিকে এই দুটা কাণ্ডৰ মাজত পাৰ্থক্য ক'ত।" কাশ্মীৰত যি ঘটিছিল আৰু শেহতীয়াকৈ যি ঘটিছে তাৰ মাজত পাৰ্থক্য আছেনে?" ছাই পল্লৱীৰ এই মন্তব্যক লৈ ইতিমধ্যে আৰম্ভ হৈছে বিবাদ। অৱশ্যে এই বিতৰ্কত মন্তব্যৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে নিজেই মুখ বন্ধ কৰি আছে। ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক সমালোচনা। 

এজন নেটিজেনৰ ভাষাত "এই দুটা ঘটনাৰ তুলনা কৰি লাভ নাই।" অত্যন্ত অপ্রাসংগিক মন্তব্য। ইয়াৰ ফলত সমাজত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰিব পাৰে।" উল্লেখ্য যে ছাই পল্লৱীয়ে এইকেইদিন প্ৰচাৰ কৰি থকা তেওঁৰ আগন্তুক তেলেগু ছবি ‘বিৰাটা পৰ্বম’ত নব্বৈৰ দশকৰ এক প্ৰকৃত ঘটনাৰ ওপৰত নিৰ্মিত হৈছে।। ৰাণা ডাগগুবাটীয়েও অভিনয় কৰা এই ছবিখনত তেলেংগানা অঞ্চলৰ নক্সালবাদী আন্দোলনৰ পটভূমিত নিৰ্মিত এক প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে। ১৭ জুনত ছবিগৃহত মুক্তি পাইছে ছাই পল্লৱীৰ ‘বিৰাটা পৰ্বম’। বহুতে ছাই পল্লৱীৰ এই ছবিখন বৰ্জনৰ বাবে আহ্বান জনাইছে। ছাই পল্লৱীৰ বিতৰ্কিত মন্তব্যৰ বাবে ‘বিৰাটা পৰ্বম’ৰ ওপৰত কি প্ৰভাৱ পৰিব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু