--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬ জুনৰ পুৱাৰে পৰা ছ’চিয়েল মিডিয়াত ভৰি পৰিছে সোনম কাপুৰৰ বেবী শ্বাৱাৰৰ ফটো। সোনমৰ বেবী শ্বাৱাৰৰ অনুষ্ঠানলৈ বহু অতিথিৰ আগমন ঘটে। এই অতিথিসকলৰ ভিতৰত এজন বিশেষ অতিথিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সকলো মানুহৰে চকু পৰিল সেই বিশেষ ব্যক্তিজনৰ ওপৰত। ঠিক তেতিয়াই নেটিজেনসকলৰ মাজত চৰ্চা আৰম্ভ হ’ল যে কোন এইজন ব্যক্তি?

 
ব্যক্তিজনৰ বেশভূষা দেখি বহুতৰে চকু কপালত উঠে। কিয়নো মুখত দাঢ়ি, মোছ থকা ব্যক্তিগৰাকীয়ে পৰিধান কৰিছিল ওৱান পিছ চুইট, অৰ্থাৎ মহিলাই পিন্ধা এডাল ফিটা থকা ছুটি বডী ফিটেড ফ্ৰক। বহু লোকেই তেওঁক ছ’চিয়েল মিডিয়াত ট্ৰ'ল কৰে, যাৰ ফলত সোনমৰ সৈতে উঠা সেই বিশেষ অতিথিজনৰ ফটো ভাইৰেল হৈ পৰে। বহুতেই কমেণ্ট কৰি সুধিলে-“এইজন কোন গ্ৰহৰ প্ৰাণী।’’ আন এজন ইউজাৰে লিঅ’ক ৰণবীৰ সিঙৰ সৈতে তুলনা কৰি লিখিছিল, “ৰণবীৰ সিঙে ইয়াত কি কৰি আছে?” আন এজন ইউজাৰৰ মন্তব্য হৈছে, “এইটো কেনে ধৰণৰ প্ৰাণী?’’

 

সোনম কাপুৰৰ এই বেবী শ্বাৱাৰ অনুষ্ঠান লণ্ডনত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত অদ্ভূত বেশভূষাৰে উপস্থিত হোৱা ব্যক্তিজন হল লিঅ’ কল্যাণ। আপুনি হয়তো ভাবিছে কোন লিঅ’ কল্যাণ? সোণম কাপুৰৰ বেবী শ্বাৱাৰ অনুষ্ঠান অধিক আকৰ্ষণীয় কৰি তুলিবলৈ লিঅ’ কল্যাণক মাতিছিল। লিঅ’ কল্যাণ হৈছে এজন ব্ৰিটিছ-পাকিস্তানী গায়ক, গীতিকাৰ, মডেল আৰু সংগীত সুৰকাৰ। কণ্ঠৰ যাদু বিয়পোৱাৰ বাবে জনাজাত লিঅ’ কল্যাণ এজন সমকামী শিল্পী। সৰুৰে পৰা লিঅ’ কল্যাণ গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল। ১৩ বছৰ বয়সতে লিঅ’ই গান গাবলৈ আৰম্ভ কৰিছিল যদিও তেওঁৰ পৰিয়ালে এই বৃত্তিৰ সমৰ্থনত নাছিল। সেইবাবেই বহু বছৰ ধৰি তেওঁ পৰিয়ালৰ লোকৰ পৰা লুকুৱাই গান গাইছিল। ছ’চিয়েল মিডিয়াত লিঅ’ অতি সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ 83.8k ফ’ল’ৱাৰ আছে। তেওঁ প্ৰায়েই ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি থাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু