--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬ জুনৰ পুৱাৰে পৰা ছ’চিয়েল মিডিয়াত ভৰি পৰিছে সোনম কাপুৰৰ বেবী শ্বাৱাৰৰ ফটো। সোনমৰ বেবী শ্বাৱাৰৰ অনুষ্ঠানলৈ বহু অতিথিৰ আগমন ঘটে। এই অতিথিসকলৰ ভিতৰত এজন বিশেষ অতিথিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সকলো মানুহৰে চকু পৰিল সেই বিশেষ ব্যক্তিজনৰ ওপৰত। ঠিক তেতিয়াই নেটিজেনসকলৰ মাজত চৰ্চা আৰম্ভ হ’ল যে কোন এইজন ব্যক্তি?

 
ব্যক্তিজনৰ বেশভূষা দেখি বহুতৰে চকু কপালত উঠে। কিয়নো মুখত দাঢ়ি, মোছ থকা ব্যক্তিগৰাকীয়ে পৰিধান কৰিছিল ওৱান পিছ চুইট, অৰ্থাৎ মহিলাই পিন্ধা এডাল ফিটা থকা ছুটি বডী ফিটেড ফ্ৰক। বহু লোকেই তেওঁক ছ’চিয়েল মিডিয়াত ট্ৰ'ল কৰে, যাৰ ফলত সোনমৰ সৈতে উঠা সেই বিশেষ অতিথিজনৰ ফটো ভাইৰেল হৈ পৰে। বহুতেই কমেণ্ট কৰি সুধিলে-“এইজন কোন গ্ৰহৰ প্ৰাণী।’’ আন এজন ইউজাৰে লিঅ’ক ৰণবীৰ সিঙৰ সৈতে তুলনা কৰি লিখিছিল, “ৰণবীৰ সিঙে ইয়াত কি কৰি আছে?” আন এজন ইউজাৰৰ মন্তব্য হৈছে, “এইটো কেনে ধৰণৰ প্ৰাণী?’’

 

সোনম কাপুৰৰ এই বেবী শ্বাৱাৰ অনুষ্ঠান লণ্ডনত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত অদ্ভূত বেশভূষাৰে উপস্থিত হোৱা ব্যক্তিজন হল লিঅ’ কল্যাণ। আপুনি হয়তো ভাবিছে কোন লিঅ’ কল্যাণ? সোণম কাপুৰৰ বেবী শ্বাৱাৰ অনুষ্ঠান অধিক আকৰ্ষণীয় কৰি তুলিবলৈ লিঅ’ কল্যাণক মাতিছিল। লিঅ’ কল্যাণ হৈছে এজন ব্ৰিটিছ-পাকিস্তানী গায়ক, গীতিকাৰ, মডেল আৰু সংগীত সুৰকাৰ। কণ্ঠৰ যাদু বিয়পোৱাৰ বাবে জনাজাত লিঅ’ কল্যাণ এজন সমকামী শিল্পী। সৰুৰে পৰা লিঅ’ কল্যাণ গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল। ১৩ বছৰ বয়সতে লিঅ’ই গান গাবলৈ আৰম্ভ কৰিছিল যদিও তেওঁৰ পৰিয়ালে এই বৃত্তিৰ সমৰ্থনত নাছিল। সেইবাবেই বহু বছৰ ধৰি তেওঁ পৰিয়ালৰ লোকৰ পৰা লুকুৱাই গান গাইছিল। ছ’চিয়েল মিডিয়াত লিঅ’ অতি সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ 83.8k ফ’ল’ৱাৰ আছে। তেওঁ প্ৰায়েই ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি থাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ