--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ২০১৮ চনত দেখা গৈছিল ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰক। ব্লকবাষ্টাৰৰ ৰূপত পৰিণত হয় ৰণবীৰ কাপুৰৰ ‘সঞ্জু’ ছবিখন।  শ্বাহৰূখ-অনুষ্কাৰ দৰে ৰণবীৰ মৌন হৈ আছিল বিগত তিনি বছৰ ধৰি। চলিত বৰ্ষত পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে তেওঁ। যদি সকলো ঠিকে থাকে তেন্তে ২০২২ চনটো হ’ব পাৰে ৰণবীৰৰ বাবে উল্লেখযোগ্য বছৰ। কাৰণ, এইবাৰ মুক্তি পাবলৈ গৈ আছে বহুল প্ৰত্যাশিত ছবি 'ব্ৰহ্মাস্ত্ৰ' আৰু 'ছামছেৰা' ।

ইয়াৰ পূৰ্বে ৰণবীৰৰ ‘ছামছেৰা’ লুকৰ এটা মোচন ভিডিঅ’ মুকলি কৰা হৈছিল যদিও তাত ৰণবীৰক দেখা পোৱা নগ’ল। পটভূমিত তেওঁৰ মাতটো শুনিবলৈ পোৱা গৈছিল, ‘কৰম ছে দকত, ধৰম ছে আজাদ’। অৱশ্যে, এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ ফাষ্ট লুক পোষ্টাৰ। য’ত তেওঁক অতি ভয়ংকৰ, ৰুঢ় ৰূপত দেখা গৈছে তেওঁক। অৱশ্যে, প্ৰডাকচন কোম্পানী যশৰাজ ফিল্মছে এই পোষ্টাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই। প্ৰসংগক্ৰমে ‘ছামছেৰা’ত এজন ডকাইতৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৰণবীৰক।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ এই ‘ছামছেৰা’ লুক। এই ৰূপত দেখি  মুগ্ধ হৈ পৰিছে নেটিজেন। ‘ছামছেৰা’ত ৰণবীৰ কাপুৰৰ চেহেৰা কিদৰে সলনি হৈছে সেয়া দেখি বহুতে স্তম্ভিত হৈ পৰিছে। যশৰাজ ফিল্মছৰ বেনাৰত পৰিচালনা কৰিছে কৰণ মালহোত্ৰাই। খবৰ অনুসৰি, ছবিখনত ব্ৰিটিছৰ পৰা নিজৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়া জনজাতিৰ এটা দলক চিত্ৰিত কৰা হৈছে। ২০২২ চনৰ ২২ জুলাইত মুক্তি পাব এই ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ