--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ২০১৮ চনত দেখা গৈছিল ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰক। ব্লকবাষ্টাৰৰ ৰূপত পৰিণত হয় ৰণবীৰ কাপুৰৰ ‘সঞ্জু’ ছবিখন।  শ্বাহৰূখ-অনুষ্কাৰ দৰে ৰণবীৰ মৌন হৈ আছিল বিগত তিনি বছৰ ধৰি। চলিত বৰ্ষত পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে তেওঁ। যদি সকলো ঠিকে থাকে তেন্তে ২০২২ চনটো হ’ব পাৰে ৰণবীৰৰ বাবে উল্লেখযোগ্য বছৰ। কাৰণ, এইবাৰ মুক্তি পাবলৈ গৈ আছে বহুল প্ৰত্যাশিত ছবি 'ব্ৰহ্মাস্ত্ৰ' আৰু 'ছামছেৰা' ।

ইয়াৰ পূৰ্বে ৰণবীৰৰ ‘ছামছেৰা’ লুকৰ এটা মোচন ভিডিঅ’ মুকলি কৰা হৈছিল যদিও তাত ৰণবীৰক দেখা পোৱা নগ’ল। পটভূমিত তেওঁৰ মাতটো শুনিবলৈ পোৱা গৈছিল, ‘কৰম ছে দকত, ধৰম ছে আজাদ’। অৱশ্যে, এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ ফাষ্ট লুক পোষ্টাৰ। য’ত তেওঁক অতি ভয়ংকৰ, ৰুঢ় ৰূপত দেখা গৈছে তেওঁক। অৱশ্যে, প্ৰডাকচন কোম্পানী যশৰাজ ফিল্মছে এই পোষ্টাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই। প্ৰসংগক্ৰমে ‘ছামছেৰা’ত এজন ডকাইতৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৰণবীৰক।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ এই ‘ছামছেৰা’ লুক। এই ৰূপত দেখি  মুগ্ধ হৈ পৰিছে নেটিজেন। ‘ছামছেৰা’ত ৰণবীৰ কাপুৰৰ চেহেৰা কিদৰে সলনি হৈছে সেয়া দেখি বহুতে স্তম্ভিত হৈ পৰিছে। যশৰাজ ফিল্মছৰ বেনাৰত পৰিচালনা কৰিছে কৰণ মালহোত্ৰাই। খবৰ অনুসৰি, ছবিখনত ব্ৰিটিছৰ পৰা নিজৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়া জনজাতিৰ এটা দলক চিত্ৰিত কৰা হৈছে। ২০২২ চনৰ ২২ জুলাইত মুক্তি পাব এই ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু