--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহক ভয় খুৱাই বা আচম্বিত কৰি বনোৱা 'প্ৰেংক ভিডিঅ''বোৰ ইণ্টাৰনেটত বহুলচৰ্চিত। ব্যস্ততাপূৰ্ণ ঠাইত সাধাৰণ লোকক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন কৰোৱাই বনোৱা প্ৰেংক ভিডিঅ'ই আমোদ দিয়ে দৰ্শকক। অৱশ্যে কেতিয়াবা কোনো লোকক প্ৰেংক কৰিবলৈ গৈ তিতা-কেহাও পায় প্ৰেংক কৰোতাই। এইবাৰ প্ৰেংক ভিডিঅ' বনাবলৈ গৈ গভীৰ সংকটত এক জনপ্ৰিয় যুটি।

তাজিকিস্তানৰ অনলাইন প্ৰেংক ষ্টাৰ ৰুছলান মুৰোডঝোনজোদা আৰু প্ৰেয়সী এনাছটাছিয়া চিষ্টোভাই এক ধৰ্মীয় স্থানৰ সন্মুখত প্ৰেংক কৰিবলৈ অশ্লীল ভিডিঅ' বনাইছিল। ৰুছলানে মস্কোৰ ৰেড স্কুৱেৰত থকা ছেইণ্ট বেছিল চাৰ্চৰ সমীপত অশ্লীল প্ৰেংক ভিডিা'টো বনাই থাকোতে আৰক্ষীৰ নজৰলৈ আহে ৰুছলান আৰু প্ৰেয়সী। সেই সময়ত আৰক্ষীৰ জেকেট পৰিহিত আছিল ৰুছলান। ধৰ্মীয় আৱেগত আঘাত কৰা অপৰাধত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। পাছত ৰুছলান-চিষ্টোভাক ১০ মাহৰ কাৰাবাসৰ শাস্তি বিহা হয়। শাস্তিৰ সময় শেষ হ'লেই তাজিকিস্তানলৈ নিৰ্বাসন কৰা হ'ব ৰুছলানক।

উল্লেখ্য যে, ব্লগাৰ ৰুছলানৰ ১৯ বছৰীয়া প্ৰেয়সী চিষ্টোভা এগৰাকী ইনষ্টাগ্ৰাম মডেল। শাস্তি ঘোষণা হোৱাৰ পূৰ্বে চিষ্টোভাই ইনষ্টাগ্ৰামত এক পোষ্টযোগে ক্ষমা বিচাৰি কৈছিল যে ভিডিঅ'টো মানুহে অপছন্দ কৰিব আৰু ভাৱনাত আঘাত হানিব বুলি হেনো ভবাই নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ