--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছোৱালীবোৰে তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধিৰ আটাইতকৈ বেছি যত্ন লোৱা এটা বস্তু হ'ল তেওঁলোকৰ চুলি। চুলি সুন্দৰকৈ ৰাখিবলৈ ছোৱালীয়ে বহুতো ঘৰুৱা প্ৰতিকাৰৰ লগতে ব্যয়বহুল সামগ্ৰীও ব্যৱহাৰ কৰে। ইংলেণ্ডৰ এগৰাকী ২৬ বছৰীয়া যুৱকে নিজ চুলিৰে সকলোকে কৰিছে আকৰ্ষণ। যুৱকজনৰ নাম প্ৰণৱ বিজি। প্ৰণৱ বিজিৰ চুলি দেখি যিকোনো যুৱতী হতবাক হৈ উঠে। প্ৰণৱ বিজিৰ চুলিৰ দৈৰ্ঘ্য ২ ফুট। এখিনি ডাঠ আৰু চিকচিকিয়া চুলিৰ অধিকাৰী প্ৰণৱ। ভাৰতীয় মূলৰ প্ৰণৱৰ ধুনীয়া চুলি দেখি আপুনি আচৰিত হ'ব যে তেওঁ এসময়ত টকলা আছিল।

প্ৰণৱে এই অত্যন্ত ডাঠ আৰু চিকচিকিয়া চুলিৰ বাবে মাত্ৰ ৩ টা মৌলিক সামগ্ৰী ব্যৱহাৰ কৰে।চুলিৰ মান উন্নত কৰিবলৈ তেওঁ ২০১৭ চনত মুণ্ডন কৰিছিল। যেতিয়া তেওঁৰ চুলি পুনৰ গজিল তেতিয়া তেওঁ দিনটোৰ প্ৰায়খিনি সময় চুলিৰ যত্নত কটাইছিল।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱে প্ৰায় ৪ বছৰ ধৰি চুলিৰ প্ৰতি ভালকৈ মনোযোগ দিছিল। ফলস্বৰূপে তেওঁৰ চুলি এতিয়া প্ৰায় ২ ফুট দীঘল। প্ৰণৱে নিজৰ চুলিকোচা সুন্দৰ হোৱাৰ ৰহস্য খোলোচা কৰিছে।

আৰু পঢ়কঃ ষ্টেনফ’ৰ্ডলৈ গৈছিল দুই ভাৰতীয় ছাত্ৰ; পঢ়া আধাতে এৰি আহি দেশত লগাইছে তোলপাৰ!

প্ৰণৱে কয় যে তেওঁ চুলিৰ যত্ন ল'বলৈ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা একেবাৰে বাদ দি কেৱল ৩ টা মৌলিক বস্তু ব্যৱহাৰ কৰে- চেম্পু, কণ্ডিচনাৰ আৰু তেল। চুলিৰ সৌন্দৰ্য সম্পৰ্কে তেওঁ কয় যে তেওঁ চুলি বহুত ভাল পায় আৰু চুলিৰ যত্ন ল'বলৈ ভালপায়। চুলি ভালদৰে ৰাখিবৰ বাবে প্ৰণৱে সপ্তাহত এবাৰ বা দুবাৰহে চুলি ধোৱে কাৰণ চুলি বেছিকৈ ধুই থাকিলে চুলিৰ তৈল গুণ নষ্ট হয়। প্ৰণৱে এতিয়া মডেলিং জগতত ভৰি থোৱাৰ কথা চিন্তা-চৰ্চা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু