--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছোৱালীবোৰে তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধিৰ আটাইতকৈ বেছি যত্ন লোৱা এটা বস্তু হ'ল তেওঁলোকৰ চুলি। চুলি সুন্দৰকৈ ৰাখিবলৈ ছোৱালীয়ে বহুতো ঘৰুৱা প্ৰতিকাৰৰ লগতে ব্যয়বহুল সামগ্ৰীও ব্যৱহাৰ কৰে। ইংলেণ্ডৰ এগৰাকী ২৬ বছৰীয়া যুৱকে নিজ চুলিৰে সকলোকে কৰিছে আকৰ্ষণ। যুৱকজনৰ নাম প্ৰণৱ বিজি। প্ৰণৱ বিজিৰ চুলি দেখি যিকোনো যুৱতী হতবাক হৈ উঠে। প্ৰণৱ বিজিৰ চুলিৰ দৈৰ্ঘ্য ২ ফুট। এখিনি ডাঠ আৰু চিকচিকিয়া চুলিৰ অধিকাৰী প্ৰণৱ। ভাৰতীয় মূলৰ প্ৰণৱৰ ধুনীয়া চুলি দেখি আপুনি আচৰিত হ'ব যে তেওঁ এসময়ত টকলা আছিল।

প্ৰণৱে এই অত্যন্ত ডাঠ আৰু চিকচিকিয়া চুলিৰ বাবে মাত্ৰ ৩ টা মৌলিক সামগ্ৰী ব্যৱহাৰ কৰে।চুলিৰ মান উন্নত কৰিবলৈ তেওঁ ২০১৭ চনত মুণ্ডন কৰিছিল। যেতিয়া তেওঁৰ চুলি পুনৰ গজিল তেতিয়া তেওঁ দিনটোৰ প্ৰায়খিনি সময় চুলিৰ যত্নত কটাইছিল।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱে প্ৰায় ৪ বছৰ ধৰি চুলিৰ প্ৰতি ভালকৈ মনোযোগ দিছিল। ফলস্বৰূপে তেওঁৰ চুলি এতিয়া প্ৰায় ২ ফুট দীঘল। প্ৰণৱে নিজৰ চুলিকোচা সুন্দৰ হোৱাৰ ৰহস্য খোলোচা কৰিছে।

আৰু পঢ়কঃ ষ্টেনফ’ৰ্ডলৈ গৈছিল দুই ভাৰতীয় ছাত্ৰ; পঢ়া আধাতে এৰি আহি দেশত লগাইছে তোলপাৰ!

প্ৰণৱে কয় যে তেওঁ চুলিৰ যত্ন ল'বলৈ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা একেবাৰে বাদ দি কেৱল ৩ টা মৌলিক বস্তু ব্যৱহাৰ কৰে- চেম্পু, কণ্ডিচনাৰ আৰু তেল। চুলিৰ সৌন্দৰ্য সম্পৰ্কে তেওঁ কয় যে তেওঁ চুলি বহুত ভাল পায় আৰু চুলিৰ যত্ন ল'বলৈ ভালপায়। চুলি ভালদৰে ৰাখিবৰ বাবে প্ৰণৱে সপ্তাহত এবাৰ বা দুবাৰহে চুলি ধোৱে কাৰণ চুলি বেছিকৈ ধুই থাকিলে চুলিৰ তৈল গুণ নষ্ট হয়। প্ৰণৱে এতিয়া মডেলিং জগতত ভৰি থোৱাৰ কথা চিন্তা-চৰ্চা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ