--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি তীব্ৰ নাটকীয়তাৰ মাজেৰে অগ্ৰসৰ হৈছে। একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ বিধায়কৰ বিদ্ৰোহে অস্থিৰ কৰি তুলিছে চৰকাৰ। পতনোন্মুখ চৰকাৰ ৰক্ষাৰ বাবে এতিয়া যেন উপায় নোহোৱা হৈ আহিছে শিৱসেনাৰ হাতত। এনে পৰিপ্ৰেক্ষিতত একপ্ৰকাৰ হাৰ মনা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰ চৰকাৰক। শিৱসেনাৰ মুখপাত্ৰ তথা সাংসদ সঞ্জয় ৰাউটৰ মন্তব্যই এতিয়া চৰকাৰ ভঙাৰে ইংগিত দিছে। সাংসদগৰাকীয়ে কৰা এটা মন্তব্যক লৈ এতিয়া চলিছে চৰ্চা।

তেওঁ এটা টুইটত লিখিছে যে, মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি বিধানসভা ভংগৰ দিশে অগ্ৰসৰ হৈছে। সদা আগ্ৰাসী নেতাজনৰ এই মন্তব্য অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। চৰকাৰ ভংগ হোৱাৰ এই আশংকাই এই গ্ৰাস কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। একনাথ সিন্দেৰ সৈতে ৪০ জনৰো অধিক বিধায়কৰ সমৰ্থন থকাৰ কথাটোৱে চৰকাৰৰ সংকটক অতি স্পষ্ট ৰূপত প্ৰতিভাত কৰি তুলিছে। যাৰ ফলত এতিয়া নতুন চৰকাৰ গঠনৰ পৰিকল্পনাও আৰম্ভ হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আজি বিয়লিলৈ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই পদত্যাগ কৰিব পাৰে। ইফালে, উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰেই তেওঁৰ টুইটাৰ বায়’ৰ পৰা মন্ত্ৰীৰ পৰিচয় আঁতৰ কৰা বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতিয়ে উদ্ধৱ থাকৰে চৰকাৰৰ সাম্ভাব্য পৰিণতিৰ ইংগিত বহন কৰিছে। উল্লেখ্য যে, সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ৩৩গৰাকী শিৱসেনা বিধায়ক আৰু নিৰ্দলী ৭ গৰাকী বিধায়কে বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত। মুম্বাইৰ বহু দূৰলৈ আঁতৰাই আনি অসমত বিধায়সকলক বাহৰ পতোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। আঁৰৰ পৰা সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি থকা বিজেপিয়ে এইবাৰ কোনো ৰিস্ক ল’ব খোজা নাই বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি