--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি তীব্ৰ নাটকীয়তাৰ মাজেৰে অগ্ৰসৰ হৈছে। একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ বিধায়কৰ বিদ্ৰোহে অস্থিৰ কৰি তুলিছে চৰকাৰ। পতনোন্মুখ চৰকাৰ ৰক্ষাৰ বাবে এতিয়া যেন উপায় নোহোৱা হৈ আহিছে শিৱসেনাৰ হাতত। এনে পৰিপ্ৰেক্ষিতত একপ্ৰকাৰ হাৰ মনা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰ চৰকাৰক। শিৱসেনাৰ মুখপাত্ৰ তথা সাংসদ সঞ্জয় ৰাউটৰ মন্তব্যই এতিয়া চৰকাৰ ভঙাৰে ইংগিত দিছে। সাংসদগৰাকীয়ে কৰা এটা মন্তব্যক লৈ এতিয়া চলিছে চৰ্চা।

তেওঁ এটা টুইটত লিখিছে যে, মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি বিধানসভা ভংগৰ দিশে অগ্ৰসৰ হৈছে। সদা আগ্ৰাসী নেতাজনৰ এই মন্তব্য অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। চৰকাৰ ভংগ হোৱাৰ এই আশংকাই এই গ্ৰাস কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। একনাথ সিন্দেৰ সৈতে ৪০ জনৰো অধিক বিধায়কৰ সমৰ্থন থকাৰ কথাটোৱে চৰকাৰৰ সংকটক অতি স্পষ্ট ৰূপত প্ৰতিভাত কৰি তুলিছে। যাৰ ফলত এতিয়া নতুন চৰকাৰ গঠনৰ পৰিকল্পনাও আৰম্ভ হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আজি বিয়লিলৈ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই পদত্যাগ কৰিব পাৰে। ইফালে, উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰেই তেওঁৰ টুইটাৰ বায়’ৰ পৰা মন্ত্ৰীৰ পৰিচয় আঁতৰ কৰা বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতিয়ে উদ্ধৱ থাকৰে চৰকাৰৰ সাম্ভাব্য পৰিণতিৰ ইংগিত বহন কৰিছে। উল্লেখ্য যে, সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ৩৩গৰাকী শিৱসেনা বিধায়ক আৰু নিৰ্দলী ৭ গৰাকী বিধায়কে বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত। মুম্বাইৰ বহু দূৰলৈ আঁতৰাই আনি অসমত বিধায়সকলক বাহৰ পতোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। আঁৰৰ পৰা সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি থকা বিজেপিয়ে এইবাৰ কোনো ৰিস্ক ল’ব খোজা নাই বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান