--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত বংগৰ প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মিত ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হৈছে। কিন্তু ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে তাক লৈ হুলস্থুলৰ সৃষ্টি হয়। শেহতীয়াকৈ ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ আদালতত আবেদন দাখিল কৰা হৈছিল। 

আবেদনকাৰীয়ে দাবী কৰিছে যে ইয়াত ৰাজ্য প্ৰশাসনক সমালোচনা কৰা হৈছে। ছবিখনে সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষতি কৰিব পাৰে। আৱেদনকাৰী ৰাজীৱ কুমাৰ ঝায়ে আদালতত হাজিৰ হৈ ছবিখনৰ মুক্তি স্থগিত ৰখাৰ দাবী জনায়। কিন্তু আদালতে ছবিখন নিষিদ্ধ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

আৱেদনখনৰ প্ৰতি গুৰুত্ব দিয়া নাছিল মুখ্য ন্যায়াধীশে

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয়,'কিতাপ বা ছবি নিষিদ্ধ কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। ইচ্ছা কৰিলে চাব পাৰে বা নাচাব পাৰে। কোনেও আপোনাক কোনো কাম কৰিবলৈ বাধ্য কৰা নাই। গণতান্ত্ৰিক দেশত এয়া স্বাভাৱিক কথা। যদি কোনোবাই কাৰোবাক সমালোচনা কৰে তেন্তে সেয়া তেওঁৰ অধিকাৰ। আমি এনে জনস্বাৰ্থৰ গোচৰেৰে ভৰি পৰিছো। যোৱা কালি এই কথাটোৰ বিষয়ে কাৰোবাক সকীয়াই দিলোঁ। ইয়াৰ উপৰিও আদালতৰ বহু গুৰুতৰ সমস্যাও আছে। দেশৰ জনসাধাৰণ অতি সহনশীল। তেওঁলোকৰ বিবেচনাৰ ওপৰত এৰি দিয়ক। আপোনালোকক জনাওঁ তিনি সপ্তাহৰ পাছত ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ গোচৰৰ শুনানি হ’ব৷

পৰিচালনা কৰিছে সনোজ মিশ্ৰই 

‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখনৰ পৰিচালক সনোজ মিশ্ৰই মুম্বাইত কয় যে এই ছবিখন নিৰ্মাণৰ বাবে আমি যিমান কষ্ট কৰিছিলো তাতকৈ দুগুন কষ্ট কৰিব লাগিব  এই ছবিখন মুক্তিৰ বাবে। ছবিখনৰ বহু দৃশ্য আৰু ছিকুৱেন্স পুনৰ শ্বুট কৰিবলগীয়া হৈছিল। আমি বহু আগতেই ছবিখন চেন্সৰ ব’ৰ্ডক পৰ্যালোচনাৰ বাবে দিছিলোঁ, যাৰ বাবে আমি বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল।

ছবিখনৰ অভিনেতা অভিনেত্ৰী 

‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখনৰ মুখ্য অভিনেতাসকল হ’ল, আৰ্শ্বীন মেহতা, যজুৰ মাৰৱাহ, গৌৰী শংকৰ, আলফিয়া শইখ, দীপক কম্বোজ, দেৱ ফৌজদাৰ, গৰিমা কাপুৰ, নীত মহল, প্ৰীতি শুক্লা, ৰীনা ভট্টাচাৰ্য, ডাঃ ৰমেন্দ্ৰ চক্ৰৱৰ্তী, নৰেশ শৰ্মা, আৱধ অশ্বিনী, ৰোনাভ ভাৰ্মা, আশীষ ৰাজপুত, অভিষেক মিশ্ৰ, ময়ুৰ, অনুজ দীক্ষিত, অনিল অঞ্জুলিন, দীপক সুথাৰ, শ্ৰৱণ আদৰ্শৰ দৰে মহান অভিনেতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু