--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত বংগৰ প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মিত ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হৈছে। কিন্তু ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে তাক লৈ হুলস্থুলৰ সৃষ্টি হয়। শেহতীয়াকৈ ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ আদালতত আবেদন দাখিল কৰা হৈছিল। 

আবেদনকাৰীয়ে দাবী কৰিছে যে ইয়াত ৰাজ্য প্ৰশাসনক সমালোচনা কৰা হৈছে। ছবিখনে সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষতি কৰিব পাৰে। আৱেদনকাৰী ৰাজীৱ কুমাৰ ঝায়ে আদালতত হাজিৰ হৈ ছবিখনৰ মুক্তি স্থগিত ৰখাৰ দাবী জনায়। কিন্তু আদালতে ছবিখন নিষিদ্ধ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

আৱেদনখনৰ প্ৰতি গুৰুত্ব দিয়া নাছিল মুখ্য ন্যায়াধীশে

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয়,'কিতাপ বা ছবি নিষিদ্ধ কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। ইচ্ছা কৰিলে চাব পাৰে বা নাচাব পাৰে। কোনেও আপোনাক কোনো কাম কৰিবলৈ বাধ্য কৰা নাই। গণতান্ত্ৰিক দেশত এয়া স্বাভাৱিক কথা। যদি কোনোবাই কাৰোবাক সমালোচনা কৰে তেন্তে সেয়া তেওঁৰ অধিকাৰ। আমি এনে জনস্বাৰ্থৰ গোচৰেৰে ভৰি পৰিছো। যোৱা কালি এই কথাটোৰ বিষয়ে কাৰোবাক সকীয়াই দিলোঁ। ইয়াৰ উপৰিও আদালতৰ বহু গুৰুতৰ সমস্যাও আছে। দেশৰ জনসাধাৰণ অতি সহনশীল। তেওঁলোকৰ বিবেচনাৰ ওপৰত এৰি দিয়ক। আপোনালোকক জনাওঁ তিনি সপ্তাহৰ পাছত ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ গোচৰৰ শুনানি হ’ব৷

পৰিচালনা কৰিছে সনোজ মিশ্ৰই 

‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখনৰ পৰিচালক সনোজ মিশ্ৰই মুম্বাইত কয় যে এই ছবিখন নিৰ্মাণৰ বাবে আমি যিমান কষ্ট কৰিছিলো তাতকৈ দুগুন কষ্ট কৰিব লাগিব  এই ছবিখন মুক্তিৰ বাবে। ছবিখনৰ বহু দৃশ্য আৰু ছিকুৱেন্স পুনৰ শ্বুট কৰিবলগীয়া হৈছিল। আমি বহু আগতেই ছবিখন চেন্সৰ ব’ৰ্ডক পৰ্যালোচনাৰ বাবে দিছিলোঁ, যাৰ বাবে আমি বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল।

ছবিখনৰ অভিনেতা অভিনেত্ৰী 

‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখনৰ মুখ্য অভিনেতাসকল হ’ল, আৰ্শ্বীন মেহতা, যজুৰ মাৰৱাহ, গৌৰী শংকৰ, আলফিয়া শইখ, দীপক কম্বোজ, দেৱ ফৌজদাৰ, গৰিমা কাপুৰ, নীত মহল, প্ৰীতি শুক্লা, ৰীনা ভট্টাচাৰ্য, ডাঃ ৰমেন্দ্ৰ চক্ৰৱৰ্তী, নৰেশ শৰ্মা, আৱধ অশ্বিনী, ৰোনাভ ভাৰ্মা, আশীষ ৰাজপুত, অভিষেক মিশ্ৰ, ময়ুৰ, অনুজ দীক্ষিত, অনিল অঞ্জুলিন, দীপক সুথাৰ, শ্ৰৱণ আদৰ্শৰ দৰে মহান অভিনেতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ