--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৪ চনৰ পৰা দেশৰ ৰাজনীতিত শাসকীয় পক্ষৰ বাঘা-বাঘা নেতাৰ পৰা তৃণমূল কৰ্মীলৈকে সকলোৰে মুখত বিকাশ শব্দটো আখৈ ফুটাদি ফুটি আহিছে। কংগ্ৰেছ চৰকাৰৰ বিফলতাৰ হামৰাও কাঢ়ি ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণত বিকাশৰ  স্বপ্ন দেখুওৱাই শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত বিকাশৰ উত্থানৰ বাস্তৱিক দৃশ্য সকলোৰে চকুৰ সন্মুখত। অৱশ্যে বিকাশ ঘটিছে, এই বিকাশ শাসকীয় বিজেপিৰ ঘনিষ্ঠ আম্বানী কিম্বা আদানিৰ। তাৰ পৰিৱৰ্তে নিম্নৰ পৰা নিম্নতমলৈ গতি কৰিছে সাধাৰণ জনতাৰ আৰ্থিক অৱস্থা। দৰিদ্ৰতাই গ্ৰাস কৰা এই সাধাৰণ জনতাক স্পৰ্শ কৰিব পৰা নাই চৰকাৰৰ অভিলাসী বিকাশৰ শ্ল’গান, ডিজিটেল ইণ্ডিয়া বা পাঁচ ত্ৰিলিয়ন অৰ্থনীতিৰ বৃহৎ স্বপ্নই। এতিয়াও দৈনিক ক্ষুধা নিবাৰণৰ বাবে দেশৰ অধিকাংশ সাধাৰণ জনতাই নিতৌ সহ্য় কৰিব লগীয়া হৈছে সংগ্ৰামৰ আতিশয্য।

দেশৰ এই বাস্তৱিক ছবিখনৰ এক স্পষ্ট প্ৰতিচ্ছবি প্ৰকাশ কৰিছে ৰাজস্থানয এক ঘটনাই।  দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু সৰবৰাহ তথা শিশু শ্ৰমিকৰ অবাধ ঘটনা দৈনিক পোহৰলৈ আহে।প্ৰায় সময়ত পৰিয়ালৰ ক্ষুধা নিবাৰণৰ বাবে অভিভাৱক সকলেও নিজৰ সন্তানক শৈশৱতে শ্ৰমিক হিচাপে নিয়োগ কৰিবলৈ বাধ্য হয়। এই অসহায় পৰিস্থিতিৰ সুযোগ লৈ শিশু সৰবৰাহত নামি পৰে একাংশ কু-চক্ৰ। এনে ধৰধৰণৰ এক ঘটনাৰে বহি: প্ৰকাশ ঘটিছে ৰাজস্থানত। ৰাজ্যখনৰ উদয়পুৰত এটা পৰিয়ালে তেওঁলোকৰ ১২ বছৰীয়া সন্তানক ৩৮,০০০ টকাত বিক্ৰী কৰিছে। 

উদয়পুৰৰ এটা জনজাতীয় অধ্যুষিত অঞ্চল কোটদাৰত সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত শিশুটিৰ পিতৃ-মাতৃ আৰু মোমায়েকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি শিশুটিক তেওঁলোকে গুজৰাটত বিক্ৰী কৰিছিল। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে উদয়পুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ৰাজস্থান মজদুৰ মুক্তি অভিযানৰ অধীনত কোট্টা অঞ্চলৰ শিশুসকলক গুজৰাটৰ পথাৰত কাম কৰিবলৈ বাধ্য কৰা হৈছে বুলি এটা অভিযোগ লাভ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ অনুসন্ধানত শিশু বিক্ৰীৰ এই ভয়াৱহ ঘটনাৰ তথ্য পোহৰলৈ আহে। 

উদয়পুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে শিশুটিৰ পৰিয়ালে শিশুটিৰ বিনিময়ত ৩৮,০০০ টকা লাভ কৰিছিল। এই ধনৰাশি তেওঁলোকক দুটা কিস্তিত প্ৰদান কৰা হৈছিল। শিশুটিৰ বিক্ৰীৰ চুক্তিৰ সময়ত ১১,০০০ টকা দিয়া হৈছিল। আনহাতে শিশুটিক এই কু-চক্ৰটোৰ হাতত গতাই দিয়াৰ পিছত ২৭,০০০ টকা প্ৰদান কৰা হৈছিল।

ইতিমধ্যে আৰক্ষীয়ে শিশুটিৰ বিক্ৰীত জড়িত থকা মাতৃ বেবী দেৱী, দেউতাক মেহা আৰু মোমায়েক বুধিয়াক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত তিনিওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি কোট্টা আৰক্ষীয়ে জানিবলৈ দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ