--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহামাৰী ক'ভিডে যোৱা দুটাকৈ বছৰত বিশ্ববাসীত জুৰুলা কৰাৰ পাছতো কিন্তু বৰ্তমানলৈকে শেষ হোৱা নাই ইয়াৰ ত্ৰাস৷ প্ৰতিষেধক উদ্ভাৱণৰ পাছতো সামগ্ৰিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও ক'ভিড ৫ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ মাজত সংক্ৰমণ সৰ্বাধিক বুলি জানিব পৰা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক তথ্যৰ ভিত্তিত বৰ্তমান ইউৰোপত ৫ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে৷ শিশুসকলৰ মাজত এই সংক্ৰমণ বৃদ্ধি এক চিন্তনীয় কাৰণ হৈ পৰিছে৷

ইয়াৰ উপৰি ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিয়েও ইউৰোপীয় দেশসমূহত শংকাৰ সৃষ্টি কৰিছে৷ শিশুসকলক অ'মিক্ৰনৰ সংক্ৰমণৰ পৰা আঁতৰাই ৰখাৰ লগতে সুৰক্ষিত ৰাখিবলৈ আহ্বান জনাইছে হুৰ ইউৰোপৰ সঞ্চালক ডাঃ হন্স ক্লুজে৷ অৱশ্যে ইউৰোপৰ জনসংখ্যা হিচাপত যুৱ প্ৰজন্মৰ মাজত সম্প্ৰতি বৃদ্ধি পাইছে সংক্ৰমণ৷

উল্লেখ্য যে ইউৰোপ আৰু মধ্য এছিয়াৰ ৫৩খন দেশত বিগত দুমাহত কৰ'নাৰ সংক্ৰমণৰ লগতে এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা দুগুণৰো অধিক হ'ল৷ প্ৰতিষেধক সৃষ্টি হোৱাৰ পাছত এতিয়া সকলোৱে টিকাকৰণ গ্ৰহণ কৰাৰ বাবে অন্য বিকল্প নাই বুলিও ঠাৱৰ কৰিছে ক্লুজে৷ কিন্তু ইয়াৰ বিপৰীতে শিশুসকলৰ বাবে বিশেষ টিকাকৰনৰ ব্যৱস্থা নোহোৱাত ক্ৰমাৎ চিন্তাৰ কাৰণ হৈ পৰিছে৷ ২১খন ইউৰোপ আৰু মধ্য এছিয়াৰ দেশত বৰ্তমানলৈকে অ'মিক্ৰনত আক্ৰান্ত ৪৩২জন আক্ৰান্ত বুলি চিনাক্ত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ