--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহামাৰী ক'ভিডে যোৱা দুটাকৈ বছৰত বিশ্ববাসীত জুৰুলা কৰাৰ পাছতো কিন্তু বৰ্তমানলৈকে শেষ হোৱা নাই ইয়াৰ ত্ৰাস৷ প্ৰতিষেধক উদ্ভাৱণৰ পাছতো সামগ্ৰিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও ক'ভিড ৫ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ মাজত সংক্ৰমণ সৰ্বাধিক বুলি জানিব পৰা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক তথ্যৰ ভিত্তিত বৰ্তমান ইউৰোপত ৫ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে৷ শিশুসকলৰ মাজত এই সংক্ৰমণ বৃদ্ধি এক চিন্তনীয় কাৰণ হৈ পৰিছে৷

ইয়াৰ উপৰি ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিয়েও ইউৰোপীয় দেশসমূহত শংকাৰ সৃষ্টি কৰিছে৷ শিশুসকলক অ'মিক্ৰনৰ সংক্ৰমণৰ পৰা আঁতৰাই ৰখাৰ লগতে সুৰক্ষিত ৰাখিবলৈ আহ্বান জনাইছে হুৰ ইউৰোপৰ সঞ্চালক ডাঃ হন্স ক্লুজে৷ অৱশ্যে ইউৰোপৰ জনসংখ্যা হিচাপত যুৱ প্ৰজন্মৰ মাজত সম্প্ৰতি বৃদ্ধি পাইছে সংক্ৰমণ৷

উল্লেখ্য যে ইউৰোপ আৰু মধ্য এছিয়াৰ ৫৩খন দেশত বিগত দুমাহত কৰ'নাৰ সংক্ৰমণৰ লগতে এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা দুগুণৰো অধিক হ'ল৷ প্ৰতিষেধক সৃষ্টি হোৱাৰ পাছত এতিয়া সকলোৱে টিকাকৰণ গ্ৰহণ কৰাৰ বাবে অন্য বিকল্প নাই বুলিও ঠাৱৰ কৰিছে ক্লুজে৷ কিন্তু ইয়াৰ বিপৰীতে শিশুসকলৰ বাবে বিশেষ টিকাকৰনৰ ব্যৱস্থা নোহোৱাত ক্ৰমাৎ চিন্তাৰ কাৰণ হৈ পৰিছে৷ ২১খন ইউৰোপ আৰু মধ্য এছিয়াৰ দেশত বৰ্তমানলৈকে অ'মিক্ৰনত আক্ৰান্ত ৪৩২জন আক্ৰান্ত বুলি চিনাক্ত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু