--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশে আজি উলহ-মালহেৰে পালন কৰিলে দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি। দেশপ্ৰেমৰ পৰম বাণীৰে উদ্বুদ্ধ হৈ পৰা দেশবাসীয়ে আজি শ্ৰদ্ধাৰে সুঁৱৰিলে ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা দেশৰ স্বাধীনতা আঁজুৰি আনিবলৈ যুঁজত নামি পৰা প্ৰতিগৰাকী সাহসী মুক্তিকামী যোদ্ধাৰ ত্যাগ আৰু সাহসক। স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোতে দেশৰ সেৱাত নিয়োজিত এগৰাকী জোৱানে মৃত্যুবৰণ কৰিবলগীয়া হৈছে সন্ত্ৰাসবাদী আক্ৰমণত। যোৱা দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা জোৱানগৰাকীয়ে আজি মৃত্যুক সাবটিব লগীয়া হয়।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদীৰ সম্ভাব্য কূটাঘাতৰ আশংকাত কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা। কিন্তু এনে সতৰ্কতা অৱলম্বনৰ পাছতো ভূ-স্বৰ্গ কাশ্মীৰত দৈনিক সৃষ্টি হৈছে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এনে সংঘৰ্ষৰ মাছতে দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ঈদগাহ এলেকাত উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ জোৱানৰ এটা দলৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰিছিল।

এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈছিল চিআৰপিএফ জোৱানজন। কাশ্মীৰৰ শ্ৰীনগৰত হোৱা এই সংঘৰ্ষত আহত হোৱা এই জোৱানজনেই আজি মৃত্যুৰ ওচৰত হাৰ মানে। নিহত জোৱানগৰাকীক চৰফৰাজ আহমেদ বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে সংঘৰ্ষৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে চৰফৰাজক চিকিৎসাৰ বাবে ততাতৈয়াকে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু আঘাত গুৰুতৰ হোৱাৰ বাবে শেষ ৰক্ষা সম্ভৱ নহ’ল জোৱানগৰাকীৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাস্থলীৰ পৰা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা এখন স্কুটাৰ জব্দ কৰা হয়। আৰক্ষীয়ে এটা একে-৭৪ ৰাইফল আৰু দুটা গ্ৰেনেড উদ্ধাৰ কৰিছিল।

চৰফৰাজৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰি কাশ্মীৰ জ’ন আৰক্ষীয়ে এক টুইটযোগে শোক প্ৰকাশ কৰে। আনহাতে আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলক ধৰিবলৈ এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলিও আৰক্ষীয়ে লগতে কয়।

উল্লেখ্য যে বিগত তিনিটা দিনত উপত্যকাটোত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ এইয়া তৃতীয় আক্ৰমণ। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত জইশ-ই-মহম্মদ গোটৰ দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে এই আক্ৰমণ প্ৰতিহত কৰাৰ লগতে আক্ৰমণ চলোৱা দুই সন্ত্ৰাসবাদী নিহত হৈছিল যদিও এগৰাকী কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') সহ চাৰিজন সৈন্যই অভিযানটোত প্ৰাণ দিছিল।

আনহাতে শুকুৰবাৰে নিশাও দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ ফলত জম্মু-কাশ্মীৰৰ এজন আৰক্ষী আহত হৈছিল। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা উপত্যকাটোত সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। এই অভিযানসমূহত ১৫০ তকৈও অধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ